--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ চিআইডি শাখাই ভাৰতৰ ৪ জন বিখ্যাত ক্ৰিকেটাৰলৈ চমন প্ৰেৰণ কৰিছে। ৪৫০ কোটি টকাৰ চিট ফাণ্ড কেলেংকাৰীত গ্ৰেপ্তাৰৰ অভিযোগ উত্থাপন হোৱা এই চাৰিজন ক্ৰিকেটাৰৰ নাম হ’ল শুভ্মান গিল, ৰাহুল তেৱতিয়া, মোহিত শৰ্মা আৰু ছাই সুদৰ্শন। বিনিয়োগ জালিয়াতিৰ কিংপিন ভূপেন্দ্ৰ সিং জালাক তদন্তকাৰী সংস্থাই জেৰা কৰাত এই বিষয়টো পোহৰলৈ আহিছে । তেওঁ প্ৰকাশ কৰে যে এই চাৰিজন ক্ৰিকেটাৰে বিনিয়োগ কৰা ধন ঘূৰাই দিয়া নাই।

তদন্তকাৰী বিষয়াসকলৰ মতে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰ অধিনায়কত্ব কৰা শুবমান গিলে এই পঞ্জি/প্ৰৱঞ্চনা আঁচনিখনত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল। তেওঁৰ বাহিৰে আন তিনিজন ক্ৰিকেটাৰে তেওঁৰ তুলনাত কম ধন বিনিয়োগ কৰিছিল। ভূপেন্দ্ৰ সিং জালাৰ একাউণ্ট ৰক্ষণাবেক্ষণ কৰি থকা ৰুছিক মেহতাক গ্ৰেপ্তাৰ কৰিছে চি আই ডিৰ বিষয়াই।

এক সংবাদ মাধ্যমত চিআইডি বিষয়াসকলে জনায়, "যদি এই গোচৰত মেহতাক দোষী সাব্যস্ত কৰা হয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি একাউণ্টেণ্টৰ এটা দল প্ৰস্তুত কৰিছো যিয়ে জালাৰ দ্বাৰা পৰিচালিত অনানুষ্ঠানিক একাউণ্ট বহী আৰু লেনদেনৰ তদন্ত কৰিব। অনানুষ্ঠানিক বহীসমূহ চিআইডিয়ে জব্দ কৰিছে।" "আৰু সোমবাৰৰ পিছত বিভিন্ন ঠাইত অবিৰতভাৱে অভিযান চলোৱা হৈছে।"

ইয়াৰ পূৰ্বেও বিষয়াসকলে প্ৰকাশ কৰিছিল যে জালাই ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল যদিও পিছত এই ধনৰাশি ৪৫০ কোটি টকালৈ হ্ৰাস কৰা হয়। বিষয়াসকলে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, "জালাই এখন অনানুষ্ঠানিক একাউণ্ট বহী ৰক্ষণাবেক্ষণ কৰি আছিল, যিখন চিআইডি ইউনিটে দখল কৰিছে। এই বহীত ৫২ কোটি টকাৰ লেনদেন পোৱা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ