--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ চিআইডি শাখাই ভাৰতৰ ৪ জন বিখ্যাত ক্ৰিকেটাৰলৈ চমন প্ৰেৰণ কৰিছে। ৪৫০ কোটি টকাৰ চিট ফাণ্ড কেলেংকাৰীত গ্ৰেপ্তাৰৰ অভিযোগ উত্থাপন হোৱা এই চাৰিজন ক্ৰিকেটাৰৰ নাম হ’ল শুভ্মান গিল, ৰাহুল তেৱতিয়া, মোহিত শৰ্মা আৰু ছাই সুদৰ্শন। বিনিয়োগ জালিয়াতিৰ কিংপিন ভূপেন্দ্ৰ সিং জালাক তদন্তকাৰী সংস্থাই জেৰা কৰাত এই বিষয়টো পোহৰলৈ আহিছে । তেওঁ প্ৰকাশ কৰে যে এই চাৰিজন ক্ৰিকেটাৰে বিনিয়োগ কৰা ধন ঘূৰাই দিয়া নাই।

তদন্তকাৰী বিষয়াসকলৰ মতে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰ অধিনায়কত্ব কৰা শুবমান গিলে এই পঞ্জি/প্ৰৱঞ্চনা আঁচনিখনত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল। তেওঁৰ বাহিৰে আন তিনিজন ক্ৰিকেটাৰে তেওঁৰ তুলনাত কম ধন বিনিয়োগ কৰিছিল। ভূপেন্দ্ৰ সিং জালাৰ একাউণ্ট ৰক্ষণাবেক্ষণ কৰি থকা ৰুছিক মেহতাক গ্ৰেপ্তাৰ কৰিছে চি আই ডিৰ বিষয়াই।

এক সংবাদ মাধ্যমত চিআইডি বিষয়াসকলে জনায়, "যদি এই গোচৰত মেহতাক দোষী সাব্যস্ত কৰা হয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি একাউণ্টেণ্টৰ এটা দল প্ৰস্তুত কৰিছো যিয়ে জালাৰ দ্বাৰা পৰিচালিত অনানুষ্ঠানিক একাউণ্ট বহী আৰু লেনদেনৰ তদন্ত কৰিব। অনানুষ্ঠানিক বহীসমূহ চিআইডিয়ে জব্দ কৰিছে।" "আৰু সোমবাৰৰ পিছত বিভিন্ন ঠাইত অবিৰতভাৱে অভিযান চলোৱা হৈছে।"

ইয়াৰ পূৰ্বেও বিষয়াসকলে প্ৰকাশ কৰিছিল যে জালাই ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল যদিও পিছত এই ধনৰাশি ৪৫০ কোটি টকালৈ হ্ৰাস কৰা হয়। বিষয়াসকলে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, "জালাই এখন অনানুষ্ঠানিক একাউণ্ট বহী ৰক্ষণাবেক্ষণ কৰি আছিল, যিখন চিআইডি ইউনিটে দখল কৰিছে। এই বহীত ৫২ কোটি টকাৰ লেনদেন পোৱা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post