--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বৰ্তমান ছৌদি আৰৱত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইয়াত এটা অনুষ্ঠানত ভাষণ দিওঁতে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি অনাৰ বাবে নিজকে শান্তিপ্ৰেমী হিচাপে উপস্থাপন কৰিছিল। ইয়াৰ মাজতে ট্ৰাম্পে পুনৰবাৰ ভাৰত আৰু পাকিস্তান সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।

আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চত ভাষণ দি ট্ৰাম্পে কয় যে তেওঁৰ চৰকাৰে সম্ভাৱ্য পাৰমাণৱিক যুদ্ধ ৰোধ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি অনাত সহায় কৰিছিল, যাৰ ফলত লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিল।

উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ নেতৃত্বত চলি থকা শান্তি আলোচনাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক কিছু কোমল হোৱা বুলি ট্ৰাম্পে কয়। ভাৰত আৰু পাকিস্তানক একেলগে ৰাতিৰ আহাৰ(ডিনাৰ) গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ড’নাল্ড ট্ৰাম্পে,যাতে দুয়োখন দেশৰ সম্পৰ্ক ভাললৈ আহে।  তেওঁৰ চৰকাৰে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ বাবে বাণিজ্যৰ সহায় লৈছে বুলি তেওঁ দাবী কৰে।

ছৌদি আৰৱত কি ক’লে ট্ৰাম্পে?

আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চত সম্বোধন কৰি ট্ৰাম্পে কয় যে "কিছুদিন পূৰ্বে মোৰ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত ৰোধ কৰিবলৈ যুদ্ধবিৰতি আনিছিল। মোৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানৰ মাজত ঐতিহাসিক যুদ্ধবিৰতি সাধন কৰিছিল। আমি ইয়াত বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলো। মই কৈছিলো বন্ধুসকল, আহক কিবা এটা ব্যৱসায় কৰোঁ। পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নহয়, আপোনালোকে সুন্দৰকৈ বনোৱা বস্তুবোৰৰ ব্যৱসায় কৰোঁ।" তেওঁ আৰু লগতে কয়, "দুয়োখন দেশতে অতি শক্তিশালী আৰু জ্ঞানী নেতা আছে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী শক্তিশালী, দুয়োখন দেশতে ভাল আৰু স্মাৰ্ট নেতা আছে, তেওঁলোকে মান্তি হৈ যুদ্ধ বন্ধ কৰি দিলে।। আশাকৰোঁ ই এনেকৈয়ে থাকিব। "

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে মই ভাবো এতিয়া তেওঁলোকৰ মাজত সঁচাকৈয়ে মিল আছে। হয়তো আমি তেওঁলোকক আৰু অলপ ওচৰলৈ আনিব পাৰিম। ভাৰত আৰু পাকিস্তানে একেলগে ডিনাৰ কৰক।  আমি এটা ডাঙৰ কাম কৰিছো, লাখ লাখ মানুহৰ মৃত্যু হ’ব পৰা পৰিস্থিতি ৰোধ কৰিছো।

উল্লেখ্য যে ১০ মে’ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

ইফালে ভাৰত চৰকাৰে পুনৰবাৰ ট্ৰাম্পৰ এই বক্তব্য সম্পূৰ্ণৰূপে নাকচ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পূৰ্ণৰূপে দুয়োখন দেশৰ সামৰিক অভিযান সঞ্চালক প্ৰধান (ডি জি এম অ’)ৰ মাজত হোৱা পাৰস্পৰিক আলোচনাৰ ফল। ইয়াত কোনো তৃতীয় পক্ষৰ ভূমিকা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ