--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বৰ্তমান ছৌদি আৰৱত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইয়াত এটা অনুষ্ঠানত ভাষণ দিওঁতে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি অনাৰ বাবে নিজকে শান্তিপ্ৰেমী হিচাপে উপস্থাপন কৰিছিল। ইয়াৰ মাজতে ট্ৰাম্পে পুনৰবাৰ ভাৰত আৰু পাকিস্তান সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।

আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চত ভাষণ দি ট্ৰাম্পে কয় যে তেওঁৰ চৰকাৰে সম্ভাৱ্য পাৰমাণৱিক যুদ্ধ ৰোধ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি অনাত সহায় কৰিছিল, যাৰ ফলত লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিল।

উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ নেতৃত্বত চলি থকা শান্তি আলোচনাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক কিছু কোমল হোৱা বুলি ট্ৰাম্পে কয়। ভাৰত আৰু পাকিস্তানক একেলগে ৰাতিৰ আহাৰ(ডিনাৰ) গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ড’নাল্ড ট্ৰাম্পে,যাতে দুয়োখন দেশৰ সম্পৰ্ক ভাললৈ আহে।  তেওঁৰ চৰকাৰে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ বাবে বাণিজ্যৰ সহায় লৈছে বুলি তেওঁ দাবী কৰে।

ছৌদি আৰৱত কি ক’লে ট্ৰাম্পে?

আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চত সম্বোধন কৰি ট্ৰাম্পে কয় যে "কিছুদিন পূৰ্বে মোৰ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত ৰোধ কৰিবলৈ যুদ্ধবিৰতি আনিছিল। মোৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানৰ মাজত ঐতিহাসিক যুদ্ধবিৰতি সাধন কৰিছিল। আমি ইয়াত বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলো। মই কৈছিলো বন্ধুসকল, আহক কিবা এটা ব্যৱসায় কৰোঁ। পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নহয়, আপোনালোকে সুন্দৰকৈ বনোৱা বস্তুবোৰৰ ব্যৱসায় কৰোঁ।" তেওঁ আৰু লগতে কয়, "দুয়োখন দেশতে অতি শক্তিশালী আৰু জ্ঞানী নেতা আছে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী শক্তিশালী, দুয়োখন দেশতে ভাল আৰু স্মাৰ্ট নেতা আছে, তেওঁলোকে মান্তি হৈ যুদ্ধ বন্ধ কৰি দিলে।। আশাকৰোঁ ই এনেকৈয়ে থাকিব। "

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে মই ভাবো এতিয়া তেওঁলোকৰ মাজত সঁচাকৈয়ে মিল আছে। হয়তো আমি তেওঁলোকক আৰু অলপ ওচৰলৈ আনিব পাৰিম। ভাৰত আৰু পাকিস্তানে একেলগে ডিনাৰ কৰক।  আমি এটা ডাঙৰ কাম কৰিছো, লাখ লাখ মানুহৰ মৃত্যু হ’ব পৰা পৰিস্থিতি ৰোধ কৰিছো।

উল্লেখ্য যে ১০ মে’ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

ইফালে ভাৰত চৰকাৰে পুনৰবাৰ ট্ৰাম্পৰ এই বক্তব্য সম্পূৰ্ণৰূপে নাকচ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পূৰ্ণৰূপে দুয়োখন দেশৰ সামৰিক অভিযান সঞ্চালক প্ৰধান (ডি জি এম অ’)ৰ মাজত হোৱা পাৰস্পৰিক আলোচনাৰ ফল। ইয়াত কোনো তৃতীয় পক্ষৰ ভূমিকা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান