--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাংলাদেশৰ স্বাধীনতাৰ বাবে এসময়ত পথ প্রদর্শক হোৱা ৰাজনৈতিক দল আৱামী লীগ আজিৰ তাৰিখত দেশখনতেই নিষিদ্ধ ৰাজনৈতিক দল হিচাপে ঘোষিত হ'ল। মহম্মদ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰে সন্ত্রাস-বিৰোধী আইনৰ অধীনত শ্বেখ হাছিনাৰ আৱামী লীগক বাংলাদেশত নিষিদ্ধ কৰিলে। অন্তৰ্ৱৰ্তী চৰকাৰখনৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনি আৱামী লীগে দেশখনত যুদ্ধ-সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দলটো এটা দশকজুৰি দেশখনৰ শাসনত আছিল। 

২০২৪ চনৰ জুলাই-আগষ্টৰ সময়ছোৱাত দেশখনত চলা প্রবল ছাত্র বিক্ষোভৰ ফলত সংঘটিত হোৱা হিংসাত্মক প্রতিবাদ মষিমূৰ কৰাৰ বাবে হাছিনা চৰকাৰে লোৱা দমনমূলক ব্যৱস্থাৰ পৰিণতিত ১৫০০ৰো অধিক প্রতিবাদী নিহত হৈছিল। ৰাষ্ট্ৰসংঘয়ো প্রকাশ কৰিছিল যে বিৰোধীৰ মুখ বন্ধ ৰাখিবলৈ তদানীন্তন হাছিনা চৰকাৰে লোৱা দমনমূলক ব্যৱস্থাত হাজাৰ হাজাৰ প্রতিবাদীৰ মৃত্যু হোৱাৰ কথা। ইয়াৰ পাছতেই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ বাবে ঢাকাৰ পৰা গ্রেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল হাছিনাৰ বিৰুদ্ধে। 

হাছিনাই যোৱা বৰ্ষৰ আগষ্টত বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লয়। বাংলাদেশৰ আইন আৰু ন্যায় উপদেষ্টা আছিফ নজৰুলে সাংবাদিকৰ আগত কয় যে আৱামী লীগ আৰু ইয়াৰ নেতাসকলৰ বিৰুদ্ধে চলি থকা বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সন্ত্রাসবাদ-বিৰোধী আইনৰ অধীনত আৱামী লীগৰ সকলো কৰ্মৰাজি বাংলাদেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শনিবাৰে নিশা অন্তৰ্ৱৰ্তী চৰকাৰৰ উপদেষ্টা পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উপদেষ্টা নজৰুলে কয় যে বাংলাদেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ