--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু বাংলাদেশে উত্তৰ-পূৰ্বাঞ্চলত আৰু ছয়খন সীমান্ত স্থাপন কৰিব৷ ইতিমধ্যে, দুয়োখন দেশৰ কেন্দ্ৰীয় চৰকাৰ উত্তৰ-পূবত ছয়খন সীমান্ত হাট স্থাপনৰ বাবে অনুমোদন জনাইছে, যাতে সীমান্তৱৰ্তী লোকসকলৰ স্থানীয় ব্যৱসায় আৰু জীৱিকা সুৰক্ষিত হয়৷ এই ছখন সীমান্ত হাটৰ চাৰিখন মেঘালয়ত স্থাপন কৰা হ’ব আৰু দুখন ত্ৰিপুৰাত স্থাপন কৰা হ’ব। ত্ৰিপুৰাৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে কয় যে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ক বাংলাদেশৰ সৈতে ৰাজ্যখনৰ সীমান্তত আৰু আঠটা সীমান্ত হাট স্থাপনৰ অনুমোদনৰ বাবে প্ৰস্তাৱ দিছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু বাংলাদেশৰ বাণিজ্য মন্ত্ৰী টিপু মুন্সীয়ে বৃহস্পতিবাৰে পূব-ত্ৰিপুৰাত কমলপুৰ (ভাৰত), কুৰমাঘাত (বাংলাদেশৰ মৌলৱীবজাৰ জিলাত অৱস্থিত) সীমান্ত হাটৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম কে. ডৰাইস্বামীও উপস্থিত আছিল। বিষয়াজনে কয় যে, কমলপুৰ (ভাৰত) আৰু কুৰমাঘাত (বাংলাদেশ)ৰ সীমান্ত হাট আনুমানিক ৫.৩০ কোটি টকা ব্যয়েৰে স্থাপন কৰা হ’ব, যাৰ ভিতৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২.৫০ কোটি টকা প্ৰদান কৰিব। প্ৰতিবেদন অনুসৰি, ভাৰত আৰু বাংলাদেশ চৰকাৰে উত্তৰ ত্ৰিপুৰাৰ কাষত ৰাঘনা (ভাৰত)-বাটুলী (বাংলাদেশ)ত আন এখন সীমান্ত হাট স্থাপনৰ বাবেও অনুমোদন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ