--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু বাংলাদেশে উত্তৰ-পূৰ্বাঞ্চলত আৰু ছয়খন সীমান্ত স্থাপন কৰিব৷ ইতিমধ্যে, দুয়োখন দেশৰ কেন্দ্ৰীয় চৰকাৰ উত্তৰ-পূবত ছয়খন সীমান্ত হাট স্থাপনৰ বাবে অনুমোদন জনাইছে, যাতে সীমান্তৱৰ্তী লোকসকলৰ স্থানীয় ব্যৱসায় আৰু জীৱিকা সুৰক্ষিত হয়৷ এই ছখন সীমান্ত হাটৰ চাৰিখন মেঘালয়ত স্থাপন কৰা হ’ব আৰু দুখন ত্ৰিপুৰাত স্থাপন কৰা হ’ব। ত্ৰিপুৰাৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে কয় যে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ক বাংলাদেশৰ সৈতে ৰাজ্যখনৰ সীমান্তত আৰু আঠটা সীমান্ত হাট স্থাপনৰ অনুমোদনৰ বাবে প্ৰস্তাৱ দিছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু বাংলাদেশৰ বাণিজ্য মন্ত্ৰী টিপু মুন্সীয়ে বৃহস্পতিবাৰে পূব-ত্ৰিপুৰাত কমলপুৰ (ভাৰত), কুৰমাঘাত (বাংলাদেশৰ মৌলৱীবজাৰ জিলাত অৱস্থিত) সীমান্ত হাটৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম কে. ডৰাইস্বামীও উপস্থিত আছিল। বিষয়াজনে কয় যে, কমলপুৰ (ভাৰত) আৰু কুৰমাঘাত (বাংলাদেশ)ৰ সীমান্ত হাট আনুমানিক ৫.৩০ কোটি টকা ব্যয়েৰে স্থাপন কৰা হ’ব, যাৰ ভিতৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২.৫০ কোটি টকা প্ৰদান কৰিব। প্ৰতিবেদন অনুসৰি, ভাৰত আৰু বাংলাদেশ চৰকাৰে উত্তৰ ত্ৰিপুৰাৰ কাষত ৰাঘনা (ভাৰত)-বাটুলী (বাংলাদেশ)ত আন এখন সীমান্ত হাট স্থাপনৰ বাবেও অনুমোদন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ