--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ চলোৱাৰ পাছত পাকিস্তানেও ভাৰতক আক্ৰমণ কৰিবলৈ ব্যৰ্থ চেষ্টা চলাইছে।  শেহতীয়াকৈ পাকিস্তানে ড্ৰ’ন আক্ৰমণ চলাইছিল। অৱশ্যে ভাৰতৰ এল-৭০ আৰু ZU 23mm চিষ্টেমে ৫০খনতকৈও অধিক পাকিস্তানী ড্ৰ’ন ধ্বংস কৰে। ভাৰতীয় সেনাই কয় যে দেশ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই।

৮ মে’ৰ নিশা পাকিস্তানে ভাৰতৰ কেইবাটাও অঞ্চলত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হ’ল। কিন্তু ভাৰতে পাকিস্তানৰ  ৫০খনতকৈও অধিক ড্ৰ’ন ভূপতিত কৰে।

পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাই মাত্ৰ দুটা চিষ্টেম ব্যৱহাৰ কৰিছিল, ইয়াৰ ভিতৰত আছে এল-৭০ বন্দুক, ZU 23mm। যিয়ে এক মিনিটত ৪০০০ তকৈ অধিক গুলী চলাব পাৰে।

পাকিস্তানৰ পৰা ড্ৰোন আক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে। এল-৭০ আৰু জেডএছইউ-২৩-৪ শিলকাৰ দৰে এণ্টি ড্ৰ’ন গান মোতায়েন কৰা হৈছে। এই অস্ত্ৰসমূহে ড্ৰ’ন আৰু নিম্ন উৰণীয়া ইউএভিৰ জাক ধ্বংস কৰাত সফল। ইয়াৰ উপৰিও ভাৰতৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থাই পাকিস্তানৰ বহু ক্ষেপণাস্ত্ৰক সফলতাৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে।

এল-৭০ৰ বৈশিষ্ট্য

এল-৭০ মূলতঃ ছুইডেনৰ প্ৰতিৰক্ষা ব্যৱস্থা। ভাৰতে BELৰ সহযোগত ইয়াক উন্নীত কৰি বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ বিশেষত্ব হ’ল ই ৪ কিলোমিটাৰ দূৰত্বৰ ভিতৰত যিকোনো লক্ষ্য সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে। বিশেষকৈ চুটি দূৰত্বৰ উৰণীয়া ড্ৰ’ন আৰু বিমান আক্ৰমণক গুলীয়াই নিক্ষেপ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এই প্ৰযুক্তিৰ সহায়ত পাকিস্তানৰ বহু ড্ৰ’ন ধ্বংস কৰা হৈছে। ই ৰাডাৰ অনুসৰি টাৰ্গেট কৰে।

ZU 23mm চিষ্টেমৰ বিশেষত্ব কি?

ছোভিয়েট ইউনিয়নৰ পৰা অনা হৈছিল ZU 23mm System। ইয়াৰ সম্পূৰ্ণ নাম ZU-23 MM Anti Aircraft Gun System। ভাৰতলৈ অনাৰ পিছত ইয়াত বহু পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ সংযোজন হ’ল। ইয়াৰ আটাইতকৈ বিশেষ বৈশিষ্ট্য হ’ল ইয়াত ইলেক্ট্ৰ’-অপ্টিকেল ফায়াৰ কণ্ট্ৰ’ল চিষ্টেম আছে, যাৰ সহায়ত ই নিজাববীয়াকৈ শত্ৰুক ট্ৰেক কৰিব পাৰে। ইয়াৰ দ্বাৰা ই শত্ৰুক শেষ কৰিব পাৰে।

ইয়াৰ দীঘল পাইপটোৰ বাবে ই বহু দূৰৰ পৰা আক্ৰমণ কৰিব পাৰে। এই ব্যৱস্থাটো অকলে চলাব নোৱাৰি। ইয়াক চলাবলৈ দুজন মানুহৰ প্ৰয়োজন হয়। ই এক মিনিটত ৪০০০ গুলী নিক্ষেপ কৰে। ই ৪ কিলোমিটাৰ পৰ্যন্ত অতি নিখুঁতভাৱে আক্ৰমণ কৰে। ভাৰতত এই অস্ত্ৰ-শস্ত্ৰৰ সম্পূৰ্ণ মজুত আছে যিটো পাকিস্তানক ধ্বংস কৰিবলৈ যথেষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ