--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ চলোৱাৰ পাছত পাকিস্তানেও ভাৰতক আক্ৰমণ কৰিবলৈ ব্যৰ্থ চেষ্টা চলাইছে।  শেহতীয়াকৈ পাকিস্তানে ড্ৰ’ন আক্ৰমণ চলাইছিল। অৱশ্যে ভাৰতৰ এল-৭০ আৰু ZU 23mm চিষ্টেমে ৫০খনতকৈও অধিক পাকিস্তানী ড্ৰ’ন ধ্বংস কৰে। ভাৰতীয় সেনাই কয় যে দেশ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই।

৮ মে’ৰ নিশা পাকিস্তানে ভাৰতৰ কেইবাটাও অঞ্চলত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হ’ল। কিন্তু ভাৰতে পাকিস্তানৰ  ৫০খনতকৈও অধিক ড্ৰ’ন ভূপতিত কৰে।

পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাই মাত্ৰ দুটা চিষ্টেম ব্যৱহাৰ কৰিছিল, ইয়াৰ ভিতৰত আছে এল-৭০ বন্দুক, ZU 23mm। যিয়ে এক মিনিটত ৪০০০ তকৈ অধিক গুলী চলাব পাৰে।

পাকিস্তানৰ পৰা ড্ৰোন আক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে। এল-৭০ আৰু জেডএছইউ-২৩-৪ শিলকাৰ দৰে এণ্টি ড্ৰ’ন গান মোতায়েন কৰা হৈছে। এই অস্ত্ৰসমূহে ড্ৰ’ন আৰু নিম্ন উৰণীয়া ইউএভিৰ জাক ধ্বংস কৰাত সফল। ইয়াৰ উপৰিও ভাৰতৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থাই পাকিস্তানৰ বহু ক্ষেপণাস্ত্ৰক সফলতাৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে।

এল-৭০ৰ বৈশিষ্ট্য

এল-৭০ মূলতঃ ছুইডেনৰ প্ৰতিৰক্ষা ব্যৱস্থা। ভাৰতে BELৰ সহযোগত ইয়াক উন্নীত কৰি বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ বিশেষত্ব হ’ল ই ৪ কিলোমিটাৰ দূৰত্বৰ ভিতৰত যিকোনো লক্ষ্য সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে। বিশেষকৈ চুটি দূৰত্বৰ উৰণীয়া ড্ৰ’ন আৰু বিমান আক্ৰমণক গুলীয়াই নিক্ষেপ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এই প্ৰযুক্তিৰ সহায়ত পাকিস্তানৰ বহু ড্ৰ’ন ধ্বংস কৰা হৈছে। ই ৰাডাৰ অনুসৰি টাৰ্গেট কৰে।

ZU 23mm চিষ্টেমৰ বিশেষত্ব কি?

ছোভিয়েট ইউনিয়নৰ পৰা অনা হৈছিল ZU 23mm System। ইয়াৰ সম্পূৰ্ণ নাম ZU-23 MM Anti Aircraft Gun System। ভাৰতলৈ অনাৰ পিছত ইয়াত বহু পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ সংযোজন হ’ল। ইয়াৰ আটাইতকৈ বিশেষ বৈশিষ্ট্য হ’ল ইয়াত ইলেক্ট্ৰ’-অপ্টিকেল ফায়াৰ কণ্ট্ৰ’ল চিষ্টেম আছে, যাৰ সহায়ত ই নিজাববীয়াকৈ শত্ৰুক ট্ৰেক কৰিব পাৰে। ইয়াৰ দ্বাৰা ই শত্ৰুক শেষ কৰিব পাৰে।

ইয়াৰ দীঘল পাইপটোৰ বাবে ই বহু দূৰৰ পৰা আক্ৰমণ কৰিব পাৰে। এই ব্যৱস্থাটো অকলে চলাব নোৱাৰি। ইয়াক চলাবলৈ দুজন মানুহৰ প্ৰয়োজন হয়। ই এক মিনিটত ৪০০০ গুলী নিক্ষেপ কৰে। ই ৪ কিলোমিটাৰ পৰ্যন্ত অতি নিখুঁতভাৱে আক্ৰমণ কৰে। ভাৰতত এই অস্ত্ৰ-শস্ত্ৰৰ সম্পূৰ্ণ মজুত আছে যিটো পাকিস্তানক ধ্বংস কৰিবলৈ যথেষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি