--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ বিজ্ঞানীসকলে এবিধ নতুন অস্ত্র নিৰ্মাণ কৰিছে। এই নতুন অস্ত্রবিধ নন-নিউক্লিয়েৰ হাইড্ৰ'জেন বোমা। 

পাৰমাণৱিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ দেশখনে এই বোমা নিৰ্মাণ কৰে। চীনৰ বিজ্ঞানীসকলে হাইড্র'জেনক ভিত্তি কৰা বিস্ফোৰক সঁজুলিৰ পৰীক্ষাত সফলতা লাভ কৰিছে। চীনৰ ষ্টেট শিপবিল্ডিং কৰ্প'ৰেশ্যনৰ ৭০৫ ৰিছাৰ্চ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে এই হাইড্র'জেন বোমা নিৰ্মাণ কৰিছে। এই প্রতিষ্ঠানটোৱে পানীৰ তলত ব্যৱহাৰ কৰা অস্ত্ৰ নিৰ্মাণ কৰে। 

ছাউথ চাইনা মনিং প'ষ্টে দিয়া বাতৰি মতে, প্রায় ২ কিল'গ্ৰামৰ বোমা পৰীক্ষাৰ সময়ত ১০০০ ডিগ্রী চেলছিয়াছৰ এটা অগ্নিপিণ্ডত পৰিণত হৈছিল। এই অগ্নিপিণ্ড দুই ছেকেণ্ডতকৈ অধিক সময় আছিল। এই বোমাটো নির্মাণ কৰোঁতে কোনো ধৰণৰ পাৰমাণৱিক সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত মেগনেছিয়াম হাইড্রাইড ব্যৱহাৰ কৰা হয়। 

প্রতিষ্ঠানটোৰ বিজ্ঞানীয়ে কয় যে মেগনেছিয়াম হাইড্রাইড পৰম্পৰাগত বিস্ফোৰকৰে বিস্ফোৰণ ঘটালে ইয়াৰ শৃংখলা ভাঙি যায় আৰু ইয়াৰ পৰা হাইড্ৰ'জেন গেছ নির্গত হয় আৰু এক অগ্নিকুণ্ডত পৰিণত হয়। বিজ্ঞানীজনে লগতে কয় যে বিস্ফোৰণ নিচেই কম শক্তিৰে আৰম্ভ হয় যদিও বিস্ফোৰণৰ সীমা বহুত বেছি। ইয়াৰ শিখা বহু দূৰলৈকে যাব পাৰে। এই হাইড্ৰ'জেন বোমাই অত্যধিক তাপৰ সৃষ্টি কৰে আৰু ইমান তাপত এলুমিনিয়াম গলা বাবে ইয়াৰ প্ৰভাৱ টি এন টি বিস্ফোৰণতকৈ অধিক সময় থাকে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত