--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ বিজ্ঞানীসকলে এবিধ নতুন অস্ত্র নিৰ্মাণ কৰিছে। এই নতুন অস্ত্রবিধ নন-নিউক্লিয়েৰ হাইড্ৰ'জেন বোমা। 

পাৰমাণৱিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ দেশখনে এই বোমা নিৰ্মাণ কৰে। চীনৰ বিজ্ঞানীসকলে হাইড্র'জেনক ভিত্তি কৰা বিস্ফোৰক সঁজুলিৰ পৰীক্ষাত সফলতা লাভ কৰিছে। চীনৰ ষ্টেট শিপবিল্ডিং কৰ্প'ৰেশ্যনৰ ৭০৫ ৰিছাৰ্চ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে এই হাইড্র'জেন বোমা নিৰ্মাণ কৰিছে। এই প্রতিষ্ঠানটোৱে পানীৰ তলত ব্যৱহাৰ কৰা অস্ত্ৰ নিৰ্মাণ কৰে। 

ছাউথ চাইনা মনিং প'ষ্টে দিয়া বাতৰি মতে, প্রায় ২ কিল'গ্ৰামৰ বোমা পৰীক্ষাৰ সময়ত ১০০০ ডিগ্রী চেলছিয়াছৰ এটা অগ্নিপিণ্ডত পৰিণত হৈছিল। এই অগ্নিপিণ্ড দুই ছেকেণ্ডতকৈ অধিক সময় আছিল। এই বোমাটো নির্মাণ কৰোঁতে কোনো ধৰণৰ পাৰমাণৱিক সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত মেগনেছিয়াম হাইড্রাইড ব্যৱহাৰ কৰা হয়। 

প্রতিষ্ঠানটোৰ বিজ্ঞানীয়ে কয় যে মেগনেছিয়াম হাইড্রাইড পৰম্পৰাগত বিস্ফোৰকৰে বিস্ফোৰণ ঘটালে ইয়াৰ শৃংখলা ভাঙি যায় আৰু ইয়াৰ পৰা হাইড্ৰ'জেন গেছ নির্গত হয় আৰু এক অগ্নিকুণ্ডত পৰিণত হয়। বিজ্ঞানীজনে লগতে কয় যে বিস্ফোৰণ নিচেই কম শক্তিৰে আৰম্ভ হয় যদিও বিস্ফোৰণৰ সীমা বহুত বেছি। ইয়াৰ শিখা বহু দূৰলৈকে যাব পাৰে। এই হাইড্ৰ'জেন বোমাই অত্যধিক তাপৰ সৃষ্টি কৰে আৰু ইমান তাপত এলুমিনিয়াম গলা বাবে ইয়াৰ প্ৰভাৱ টি এন টি বিস্ফোৰণতকৈ অধিক সময় থাকে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ