--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা এয়াৰষ্ট্ৰাইকৰ পাছত পাকিস্তানী সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে পাকিস্তানী বায়ুসেনাইও ভাৰতৰ শ্ৰীনগৰ বায়ু ঘাটিত আক্ৰমণ কৰিছে। এই আক্ৰমণৰ ভিডিঅ’ আৰু ফটোও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। 

পাকিস্তানৰ ছ’চিয়েল মিডিয়াতো পাকিস্তানে ইণ্ডিয়ান ব্ৰিগেডৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা বুলি দাবী কৰা হৈছে। এই কথা তথ্য পৰীক্ষা কৰাৰ পিছত পিআইবিয়ে সত্য উদঙাই দিছে।

ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভিতৰত ১০০ কিলোমিটাৰ প্ৰৱেশ কৰি সন্ত্ৰাসবাদৰ ওপৰত বৃহৎ আঘাত হানিছে। পহলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে "অপাৰেচন সিন্দুৰ" অভিযান চলাইছে। পাকিস্তানৰ সন্ত্ৰাসবাদী স্থানসমূহক লক্ষ্য কৰি লৈছে ভাৰতে। এই আক্ৰমণৰ বাবে এয়াৰ টু ছাৰ্ফেচ মিছাইল ব্যৱহাৰ কৰা হৈছিল আৰু সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হৈছিল।

ভাৰতৰ বিমান আক্ৰমণৰ পিছতে পাকিস্তানে বিয়পাইছে ভুৱা বাতৰি। পাকিস্তানৰ কেইবাটাও ছ’চিয়েল মিডিয়া হেণ্ডলে দাবী কৰিছিল যে পাকিস্তান বায়ুসেনাই শ্ৰীনগৰ এয়াৰবেছত আক্ৰমণ কৰিছে। ইয়াৰ লগতে এটা ভিডিঅ’ আৰু কিছু ফটোও শ্বেয়াৰ কৰা হয়, যিবোৰক ভাৰতত সংঘটিত কৰা কথিত আক্ৰমণৰ প্ৰমাণ হিচাপে আখ্যা দিয়া হৈছে। ইয়াৰ বাহিৰেও পাকিস্তানৰ ছ’চিয়েল মিডিয়াত পাকিস্তানে ইণ্ডিয়ান ব্ৰিগেডৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা বুলি আন এক ভুৱা দাবী উত্থাপন হৈছে।

কিন্তু ভাৰতৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰি স্পষ্ট কৰি দিছে যে এই ভিডিঅ’ ভাৰতৰ নহয় আৰু এইটো এটা পুৰণি ভিডিঅ’। পিআইবিয়ে তথ্য পৰীক্ষা কৰি কয় যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টো ২০২৪ চনত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ, যিটো বিকৃত কৰি ভাৰতৰ বুলি কোৱা হৈছে। পিআইবিয়ে তথ্য পৰীক্ষা কৰি কয় যে পাকিস্তানে ইণ্ডিয়ান ব্ৰিগেডৰ মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ খবৰটোও সম্পূৰ্ণ মিছা।

পিআইবিয়ে টুইট কৰি লিখিছে, ‘‘বহু পাকিস্তান সমৰ্থক হেণ্ডলে শ্বেয়াৰ কৰা ভিডিঅ’টোত পাকিস্তানৰ বায়ুসেনাই শ্ৰীনগৰ এয়াৰবেছক লক্ষ্য কৰি লোৱা বুলি মিছাকৈ দাবী কৰা হৈছে। পাকিস্তানে শ্বেয়াৰ কৰা ভিডিঅ'টো পুৰণি আৰু ভাৰতৰ নহয়।এই ভিডিঅ'টো ২০২৪ চনত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ। প্ৰমাণিক তথ্যৰ বাবে ভাৰত চৰকাৰৰ চৰকাৰী উৎসকহে বিশ্বাস কৰক।’’














FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ