--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেহেলগাম আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা। ভৱিষ্যদ্ৰষ্টা বাবা ভাংগাই ২০২৫ক লৈ আগতীয়াকৈ এক বৃহৎ যুদ্ধৰ ভৱিষ্যদ্বাণী কৰি গৈছে।পেহেলগাম আক্ৰমণৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰায় যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত বাবা ভাংগাৰ ভৱিষ্যদ্বাণীবোৰ সত্য হ'ব নেকি? ২০২৫ক লৈ তেওঁ আৰু কি কি ভৱিষ্যদ্বাণী কৰিছিল-এই বিষয়ে কিছু বিষদভাৱে জানো আহক।

ভাৰত আৰু পাকিস্তানৰ মাজত দৈনিক বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যদি দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হয় তেন্তে সেয়া কোনো আচৰিত কথা নহ’ব। কেৱল আমিয়েই এই কথা কোৱা নাই, বহু বছৰৰ আগতেই ভৱিষ্যদ্ৰষ্টা বাবা ভাংগাই এইসমূহ ভৱিষ্যদ্বাণীৰে এনে ধৰণৰ ইংগিত দিছিল। হয়, ২০২৫ বৰ্ষৰ বিষয়ে বাবা ভাংগাই পৃথিৱীত যুদ্ধৰ ভৱিষ্যদ্বাণী কৰি গৈছে। কোনো দেশৰ নাম নোলোৱাকৈয়ে তেওঁ নিজৰ ভৱিষ্যদ্বাণীৰ জৰিয়তে ২০২৫ চনত যুদ্ধৰ আশংকা কথা ব্যক্ত কৰিছিল।

নিউয়ৰ্ক পোষ্টৰ মতে, ইউৰোপৰ ভেটি কঁপাই তোলা সংঘাতৰ বিষয়ে বাব ভাংগাই আগতীয়াই সকীয়াই দিছিল। তেওঁ কোনো দেশৰ নাম উল্লেখ কৰা নাই যদিও ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত তেওঁৰ এই সতৰ্কবাণী পুনৰবাৰ চৰ্চালৈ আহিছে। বহু বছৰৰ আগতে কৰা তেওঁৰ এই ভৱিষ্যদ্বাণী আজি বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ ভাৰত-পাকিস্তান যুদ্ধসদৃশ পৰিৱেশে বিশ্বত অস্থিৰতা বৃদ্ধি কৰিছে। ২০২৫ চনত বাবা ভাংগাই বিধ্বংসী ভূমিকম্পৰ ভৱিষ্যদ্বাণীও কৰিছিল, যিটো যোৱা ২৮ মাৰ্চত ম্যানমাৰত ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ১৭০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। থাইলেণ্ডো এই ভূমিকম্পৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। য’ত কমেও ১০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত