--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেহেলগাম আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা। ভৱিষ্যদ্ৰষ্টা বাবা ভাংগাই ২০২৫ক লৈ আগতীয়াকৈ এক বৃহৎ যুদ্ধৰ ভৱিষ্যদ্বাণী কৰি গৈছে।পেহেলগাম আক্ৰমণৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰায় যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত বাবা ভাংগাৰ ভৱিষ্যদ্বাণীবোৰ সত্য হ'ব নেকি? ২০২৫ক লৈ তেওঁ আৰু কি কি ভৱিষ্যদ্বাণী কৰিছিল-এই বিষয়ে কিছু বিষদভাৱে জানো আহক।

ভাৰত আৰু পাকিস্তানৰ মাজত দৈনিক বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যদি দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হয় তেন্তে সেয়া কোনো আচৰিত কথা নহ’ব। কেৱল আমিয়েই এই কথা কোৱা নাই, বহু বছৰৰ আগতেই ভৱিষ্যদ্ৰষ্টা বাবা ভাংগাই এইসমূহ ভৱিষ্যদ্বাণীৰে এনে ধৰণৰ ইংগিত দিছিল। হয়, ২০২৫ বৰ্ষৰ বিষয়ে বাবা ভাংগাই পৃথিৱীত যুদ্ধৰ ভৱিষ্যদ্বাণী কৰি গৈছে। কোনো দেশৰ নাম নোলোৱাকৈয়ে তেওঁ নিজৰ ভৱিষ্যদ্বাণীৰ জৰিয়তে ২০২৫ চনত যুদ্ধৰ আশংকা কথা ব্যক্ত কৰিছিল।

নিউয়ৰ্ক পোষ্টৰ মতে, ইউৰোপৰ ভেটি কঁপাই তোলা সংঘাতৰ বিষয়ে বাব ভাংগাই আগতীয়াই সকীয়াই দিছিল। তেওঁ কোনো দেশৰ নাম উল্লেখ কৰা নাই যদিও ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত তেওঁৰ এই সতৰ্কবাণী পুনৰবাৰ চৰ্চালৈ আহিছে। বহু বছৰৰ আগতে কৰা তেওঁৰ এই ভৱিষ্যদ্বাণী আজি বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ ভাৰত-পাকিস্তান যুদ্ধসদৃশ পৰিৱেশে বিশ্বত অস্থিৰতা বৃদ্ধি কৰিছে। ২০২৫ চনত বাবা ভাংগাই বিধ্বংসী ভূমিকম্পৰ ভৱিষ্যদ্বাণীও কৰিছিল, যিটো যোৱা ২৮ মাৰ্চত ম্যানমাৰত ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ১৭০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। থাইলেণ্ডো এই ভূমিকম্পৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। য’ত কমেও ১০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ