--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০২৩ চনৰ জুলাই মাহত ভাৰত গণৰাজ্যৰ ‘ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়’ আৰু জাপানৰ ‘অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়’ৰ মাজত ‘জাপান-ভাৰত অৰ্ধপৰিবাহী(ছেমিকণ্ডাক্টৰ) যোগান শৃংখলা অংশীদাৰিত্ব  চুক্তিত অনুমোদন জনোৱা হৈছে। এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু জাপানৰ মাজত অৰ্ধপৰিবাহীৰ যোগান শৃংখলা প্ৰসাৰৰ দিশত সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে, উদ্যোগ আৰু ডিজিটেল প্ৰযুক্তিৰ উত্তৰণৰ বাবে ‘অৰ্ধপৰিবাহী’-ৰ গুৰুত্বক স্বীকৃতি প্ৰদান কৰে।

বুজাবুজিৰ চুক্তিখন পক্ষসমূহে স্বাক্ষৰ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু আগন্তুক পাঁচ বছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব।
স্থিতিস্থাপক ‘অৰ্ধপৰিবাহী’ যোগান শৃংখলা আগবঢ়াই নিয়া আৰু পৰিপূৰক শক্তিৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত ‘জি-২জি’ আৰু ‘বি২বি’ উভয় দ্বিপাক্ষিক সহযোগিতাই প্ৰযোজ্য হ’ব।

চুক্তিখনে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নিযুক্তিৰ সুযোগ পোৱাকৈ উন্নত সহযোগিতাৰ পৰিকল্পনা কৰিছে।উল্লেখ্য ইলেক্ট্ৰনিক্স-ৰ নিৰ্মাণৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ ‘মেইট ৱাই’-য়ে সক্ৰিয়ভাৱে কাম কৰি আছে। ভাৰতত এক ‘শক্তিশালী আৰু বহনক্ষম অৰ্ধপৰিবাহী’ আৰু ‘ডিছপ্লে নিৰ্মাণ’-ৰ পৰিৱেশতন্ত্ৰৰ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে  কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। 

উক্ত কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ‘অৰ্ধপৰিবাহী ফেব’, ‘ডিচপ্লে’ ফেব’, ‘যৌগিক অৰ্ধপৰিবাহী’/ছিলিকন ফটোনিক্স/চেন্সৰ/পৃথক অৰ্ধপৰিবাহী আৰু অৰ্ধপৰিবাহীৰ সংযোজন, পৰীক্ষা, ‘মাৰ্কিং, আৰু পেকেজিং’ (এটিএমপি)/’আউটছৰ্চড’ অৰ্ধপৰিবাহী এচেম্বলী আৰু পৰীক্ষা (অ’এছএটি) সুবিধা স্থাপনৰ বাবে বিত্তীয় সমৰ্থন আগবঢ়োৱা। লগতে, দেশত অৰ্ধপৰিবাহীৰ বিকাশ আৰু ‘ডিছপ্লে’ নিৰ্মাণৰ পৰিস্থিতিতন্ত্ৰ’ বিকশিত কৰাৰ বাবে ভাৰতৰ ৰণনীতি চলাবলৈ ‘ডিজিটেল ইণ্ডিয়া কৰ্পোৰেশ্যন’ (ডিআইচি)ৰ অধীনত ‘ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন’ (আইএছএম) স্থাপন কৰা হৈছে।এই বুজাবুজি চুক্তিৰ জৰিয়তে জাপান আৰু ভাৰতীয় কোম্পানীসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভাৰত আৰু জাপানৰ মাজত পাৰস্পৰিক ভাৱে লাভজনক অৰ্ধপৰিবাহী সম্পৰ্কীয় ব্যৱসায়িক সুযোগ আৰু অংশীদাৰিত্বৰ দিশত এনে এক পদক্ষেপ।

 ২০১৮ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ সময়ত "ভাৰত-জাপান ডিজিটেল অংশীদাৰিত্ব" (আইজেডিপি) আৰম্ভ কৰা হৈছিল, যাৰ ফলত সহযোগিতাৰ বিদ্যমান ক্ষেত্ৰসমূহৰ লগতে এছ এণ্ড টি/আইচিটি-ত সহযোগিতাৰ পৰিসৰৰ ভিতৰত নতুন পদক্ষেপৰ লগতে "ডিজিটেল আইচিটি প্ৰযুক্তি"ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত