--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০২৩ চনৰ জুলাই মাহত ভাৰত গণৰাজ্যৰ ‘ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়’ আৰু জাপানৰ ‘অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়’ৰ মাজত ‘জাপান-ভাৰত অৰ্ধপৰিবাহী(ছেমিকণ্ডাক্টৰ) যোগান শৃংখলা অংশীদাৰিত্ব  চুক্তিত অনুমোদন জনোৱা হৈছে। এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু জাপানৰ মাজত অৰ্ধপৰিবাহীৰ যোগান শৃংখলা প্ৰসাৰৰ দিশত সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে, উদ্যোগ আৰু ডিজিটেল প্ৰযুক্তিৰ উত্তৰণৰ বাবে ‘অৰ্ধপৰিবাহী’-ৰ গুৰুত্বক স্বীকৃতি প্ৰদান কৰে।

বুজাবুজিৰ চুক্তিখন পক্ষসমূহে স্বাক্ষৰ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু আগন্তুক পাঁচ বছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব।
স্থিতিস্থাপক ‘অৰ্ধপৰিবাহী’ যোগান শৃংখলা আগবঢ়াই নিয়া আৰু পৰিপূৰক শক্তিৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত ‘জি-২জি’ আৰু ‘বি২বি’ উভয় দ্বিপাক্ষিক সহযোগিতাই প্ৰযোজ্য হ’ব।

চুক্তিখনে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নিযুক্তিৰ সুযোগ পোৱাকৈ উন্নত সহযোগিতাৰ পৰিকল্পনা কৰিছে।উল্লেখ্য ইলেক্ট্ৰনিক্স-ৰ নিৰ্মাণৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ ‘মেইট ৱাই’-য়ে সক্ৰিয়ভাৱে কাম কৰি আছে। ভাৰতত এক ‘শক্তিশালী আৰু বহনক্ষম অৰ্ধপৰিবাহী’ আৰু ‘ডিছপ্লে নিৰ্মাণ’-ৰ পৰিৱেশতন্ত্ৰৰ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে  কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। 

উক্ত কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ‘অৰ্ধপৰিবাহী ফেব’, ‘ডিচপ্লে’ ফেব’, ‘যৌগিক অৰ্ধপৰিবাহী’/ছিলিকন ফটোনিক্স/চেন্সৰ/পৃথক অৰ্ধপৰিবাহী আৰু অৰ্ধপৰিবাহীৰ সংযোজন, পৰীক্ষা, ‘মাৰ্কিং, আৰু পেকেজিং’ (এটিএমপি)/’আউটছৰ্চড’ অৰ্ধপৰিবাহী এচেম্বলী আৰু পৰীক্ষা (অ’এছএটি) সুবিধা স্থাপনৰ বাবে বিত্তীয় সমৰ্থন আগবঢ়োৱা। লগতে, দেশত অৰ্ধপৰিবাহীৰ বিকাশ আৰু ‘ডিছপ্লে’ নিৰ্মাণৰ পৰিস্থিতিতন্ত্ৰ’ বিকশিত কৰাৰ বাবে ভাৰতৰ ৰণনীতি চলাবলৈ ‘ডিজিটেল ইণ্ডিয়া কৰ্পোৰেশ্যন’ (ডিআইচি)ৰ অধীনত ‘ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন’ (আইএছএম) স্থাপন কৰা হৈছে।এই বুজাবুজি চুক্তিৰ জৰিয়তে জাপান আৰু ভাৰতীয় কোম্পানীসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভাৰত আৰু জাপানৰ মাজত পাৰস্পৰিক ভাৱে লাভজনক অৰ্ধপৰিবাহী সম্পৰ্কীয় ব্যৱসায়িক সুযোগ আৰু অংশীদাৰিত্বৰ দিশত এনে এক পদক্ষেপ।

 ২০১৮ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ সময়ত "ভাৰত-জাপান ডিজিটেল অংশীদাৰিত্ব" (আইজেডিপি) আৰম্ভ কৰা হৈছিল, যাৰ ফলত সহযোগিতাৰ বিদ্যমান ক্ষেত্ৰসমূহৰ লগতে এছ এণ্ড টি/আইচিটি-ত সহযোগিতাৰ পৰিসৰৰ ভিতৰত নতুন পদক্ষেপৰ লগতে "ডিজিটেল আইচিটি প্ৰযুক্তি"ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ