--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত চলন্ত ৰে’লৰ ডবাত জুই লগাৰ ঘটনা নতুন নহয়। তেনে ঘটনাত আনকি কেতিয়াবা যাত্ৰীৰ  প্ৰাণহানিও ঘটিছে। এইবাৰ পুনৰ  আন এক তেনে ধৰণৰ  ভয়ংকৰ দুৰ্ঘটনাই ঘটিছে। বুধবাৰে আগ্ৰাত চলন্ত ৰে’লৰ দুটা ডবাত জুই লাগে। অৱশ্যে, জুই আন কম্পাৰ্টমেণ্টলৈ বিয়পি পৰাৰ আগতে ৰে’লখন ৰখাই দিয়া হয়।

 জুই লগা ডবাৰ পৰা যাত্ৰীসকলক সুৰক্ষিতভাৱে উলিয়াই অনা হয়। ভাৰতীয় ৰে’লৰ সূত্ৰই  প্ৰকাশ কৰা মতে ঘটনাটোত কোনো লোকৰ প্ৰাণহানি হোৱা নাই।  অৱশ্যে, ৰে'লৱেৰ ডবাত  অগ্নিকাণ্ডৰ ভিডিঅ' নেটত ভাইৰেল হৈ পৰিছে।   বুধবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত ৰে’লখনত জুই লাগে। পঞ্জাৱৰ ফিৰোজপুৰৰ পৰা মধ্য প্ৰদেশৰ চিওনিলৈ গৈ থকা পাটালকট এক্সপ্ৰেছৰ কম্পাৰ্টমেণ্টৰ পৰা হঠাতে ধোঁৱা ওলাই অহা দেখা গৈছিল। 

ঘটনাটোৰ সময়ত ৰে’লখন আগ্ৰা ষ্টেচনৰ ওচৰতে আছিল। ৰে’লখন তৎক্ষণাৎ ৰখাই দিয়া হয় আৰু যাত্ৰীসকলক উদ্ধাৰ কৰা হয়। সকলো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে বুলি ৰে'লৱে সূত্ৰই জনাইছে। 

চলন্ত ৰে’লখনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও অজ্ঞাত। ৰে'লৱেই দুৰ্ঘটনা সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে  কিন্তু জুই লগাৰ কোনো কাৰণ উল্লেখ কৰা নাই। ৰে'লৱেই  কয়, অগ্নিনিৰ্বাপক বাহিনীয়ে  ডবাবোৰ ৰে'লখনৰ পৰা বিচ্ছিন্ন কৰি দিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ