--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত চলন্ত ৰে’লৰ ডবাত জুই লগাৰ ঘটনা নতুন নহয়। তেনে ঘটনাত আনকি কেতিয়াবা যাত্ৰীৰ  প্ৰাণহানিও ঘটিছে। এইবাৰ পুনৰ  আন এক তেনে ধৰণৰ  ভয়ংকৰ দুৰ্ঘটনাই ঘটিছে। বুধবাৰে আগ্ৰাত চলন্ত ৰে’লৰ দুটা ডবাত জুই লাগে। অৱশ্যে, জুই আন কম্পাৰ্টমেণ্টলৈ বিয়পি পৰাৰ আগতে ৰে’লখন ৰখাই দিয়া হয়।

 জুই লগা ডবাৰ পৰা যাত্ৰীসকলক সুৰক্ষিতভাৱে উলিয়াই অনা হয়। ভাৰতীয় ৰে’লৰ সূত্ৰই  প্ৰকাশ কৰা মতে ঘটনাটোত কোনো লোকৰ প্ৰাণহানি হোৱা নাই।  অৱশ্যে, ৰে'লৱেৰ ডবাত  অগ্নিকাণ্ডৰ ভিডিঅ' নেটত ভাইৰেল হৈ পৰিছে।   বুধবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত ৰে’লখনত জুই লাগে। পঞ্জাৱৰ ফিৰোজপুৰৰ পৰা মধ্য প্ৰদেশৰ চিওনিলৈ গৈ থকা পাটালকট এক্সপ্ৰেছৰ কম্পাৰ্টমেণ্টৰ পৰা হঠাতে ধোঁৱা ওলাই অহা দেখা গৈছিল। 

ঘটনাটোৰ সময়ত ৰে’লখন আগ্ৰা ষ্টেচনৰ ওচৰতে আছিল। ৰে’লখন তৎক্ষণাৎ ৰখাই দিয়া হয় আৰু যাত্ৰীসকলক উদ্ধাৰ কৰা হয়। সকলো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে বুলি ৰে'লৱে সূত্ৰই জনাইছে। 

চলন্ত ৰে’লখনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও অজ্ঞাত। ৰে'লৱেই দুৰ্ঘটনা সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে  কিন্তু জুই লগাৰ কোনো কাৰণ উল্লেখ কৰা নাই। ৰে'লৱেই  কয়, অগ্নিনিৰ্বাপক বাহিনীয়ে  ডবাবোৰ ৰে'লখনৰ পৰা বিচ্ছিন্ন কৰি দিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত