--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰথমবাৰৰ বাবে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে স্বীকাৰ কৰে যে অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে ৰাৱালপিণ্ডিৰ নূৰ খান বিমানঘাটি আৰু অন্য স্থানত আঘাত হানিছিল। 

শ্বৰীফে কয় যে সেনাৰ মুৰব্বী জেনেৰেল আছিম মুনিৰে এই আক্ৰমণৰ বিষয়ে তেওঁক পুৱতি নিশা ২-৩০মান বজাত খবৰ দিছিল। শ্বৰীফে আৰু কয় যে পাকিস্তানৰ বায়ু সেনা বাহিনীয়ে স্থানীয় প্রযুক্তি আৰু চীনা যুঁজাৰু বিমান ব্যৱহাৰ কৰিছিল। 

তেওঁ নিশ্চিত কৰে যে ভাৰতীয় মিছাইলবোৰে নির্দিষ্ট লক্ষ্যত আঘাত হানিছিল। সামাজিক মাধ্যমত শ্বৰীফৰ বক্তব্যৰ ভিডিঅ'টো ব্যাপকভাৱে শ্বেয়াৰ কৰাও দেখা গৈছে। পাকিস্তান মনুমেন্টত শুকুৰবাৰে এটা অনুষ্ঠানত দিয়া ভাষণত শ্বৰীফে কৈছিল, '১০ মে'ৰ পুৱতি নিশা ২-ও ৩০ মান বজাত জেনেৰেল চৈয়দ আছিম মুনিৰে সুৰক্ষিত লাইনেৰে ফ'ন এই কৰে আৰু মোক জনায় যে ভাৰতৰ বেলিস্টিক মিছাইলে নূৰ খান বিমানথাটি এ আৰু আন আন ঠাইত আঘাত হানিছে।' 

উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত যোৱা ৬ মে'ৰ পিছ নিশা (৭ মে') অপাৰেশ্যন সেন্দুৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীন শিবিৰ, কার্যালয় তথা প্রশিক্ষণ শিবিৰত আক্রমণ কৰে। এই আক্রমণাত লস্কৰ-এ-তৈয়বা, জৈছ-এ-মহম্মদ আৰু হিজবুল মুজাহিদীনন শতাধিক সন্ত্রাসবাদী নিহত হয়। ভাৰতৰ অভিযানৰ পাছতে পাকিস্তানে নিয়ন্ত্রণ ৰেখাৰ সিপাৰৰ পৰা তথা জম্মু-কাশ্মীৰত গোলাবর্ষণ কৰে। তদুপৰি, পাকিস্তানে ভাৰতৰ ২৬টা স্থানত ড্র'ন আৰু মিছাইলেৰে আক্রমণ চেষ্টা চলায়। এই আক্রমণ ব্যাহত কৰি ভাৰতে পাকিস্তানৰ ১১টা বিমানঘাটিত আক্রমণ কৰে। 

উল্লেখযোগ্য যে ১০ মে'ৰ পুৱা ৪ বজাত ইছলামাবাদত খৰধৰকৈ সংবাদমেল আহ্বান জনাই পাকিস্তানী সেনাৰ মুখপাত্র লেফটেনেন্ট জেনেৰেল আহমদ শ্বৰীফ চৌধৰীয়ে জনাইছিল যে পাকিস্তানী বায়ু সেনা বাহিনীৰ নূৰ খাল (চকলালা, বাৱালপিণ্ডি), মুৰিদ (চকবাল) আৰু ৰফিকী (জিংৰী জিলান শ্বোৰকোট) বিমানঘাটিত ভাৰতে আক্রমণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ