--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰথমবাৰৰ বাবে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে স্বীকাৰ কৰে যে অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে ৰাৱালপিণ্ডিৰ নূৰ খান বিমানঘাটি আৰু অন্য স্থানত আঘাত হানিছিল। 

শ্বৰীফে কয় যে সেনাৰ মুৰব্বী জেনেৰেল আছিম মুনিৰে এই আক্ৰমণৰ বিষয়ে তেওঁক পুৱতি নিশা ২-৩০মান বজাত খবৰ দিছিল। শ্বৰীফে আৰু কয় যে পাকিস্তানৰ বায়ু সেনা বাহিনীয়ে স্থানীয় প্রযুক্তি আৰু চীনা যুঁজাৰু বিমান ব্যৱহাৰ কৰিছিল। 

তেওঁ নিশ্চিত কৰে যে ভাৰতীয় মিছাইলবোৰে নির্দিষ্ট লক্ষ্যত আঘাত হানিছিল। সামাজিক মাধ্যমত শ্বৰীফৰ বক্তব্যৰ ভিডিঅ'টো ব্যাপকভাৱে শ্বেয়াৰ কৰাও দেখা গৈছে। পাকিস্তান মনুমেন্টত শুকুৰবাৰে এটা অনুষ্ঠানত দিয়া ভাষণত শ্বৰীফে কৈছিল, '১০ মে'ৰ পুৱতি নিশা ২-ও ৩০ মান বজাত জেনেৰেল চৈয়দ আছিম মুনিৰে সুৰক্ষিত লাইনেৰে ফ'ন এই কৰে আৰু মোক জনায় যে ভাৰতৰ বেলিস্টিক মিছাইলে নূৰ খান বিমানথাটি এ আৰু আন আন ঠাইত আঘাত হানিছে।' 

উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত যোৱা ৬ মে'ৰ পিছ নিশা (৭ মে') অপাৰেশ্যন সেন্দুৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীন শিবিৰ, কার্যালয় তথা প্রশিক্ষণ শিবিৰত আক্রমণ কৰে। এই আক্রমণাত লস্কৰ-এ-তৈয়বা, জৈছ-এ-মহম্মদ আৰু হিজবুল মুজাহিদীনন শতাধিক সন্ত্রাসবাদী নিহত হয়। ভাৰতৰ অভিযানৰ পাছতে পাকিস্তানে নিয়ন্ত্রণ ৰেখাৰ সিপাৰৰ পৰা তথা জম্মু-কাশ্মীৰত গোলাবর্ষণ কৰে। তদুপৰি, পাকিস্তানে ভাৰতৰ ২৬টা স্থানত ড্র'ন আৰু মিছাইলেৰে আক্রমণ চেষ্টা চলায়। এই আক্রমণ ব্যাহত কৰি ভাৰতে পাকিস্তানৰ ১১টা বিমানঘাটিত আক্রমণ কৰে। 

উল্লেখযোগ্য যে ১০ মে'ৰ পুৱা ৪ বজাত ইছলামাবাদত খৰধৰকৈ সংবাদমেল আহ্বান জনাই পাকিস্তানী সেনাৰ মুখপাত্র লেফটেনেন্ট জেনেৰেল আহমদ শ্বৰীফ চৌধৰীয়ে জনাইছিল যে পাকিস্তানী বায়ু সেনা বাহিনীৰ নূৰ খাল (চকলালা, বাৱালপিণ্ডি), মুৰিদ (চকবাল) আৰু ৰফিকী (জিংৰী জিলান শ্বোৰকোট) বিমানঘাটিত ভাৰতে আক্রমণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত