--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেলুচিস্তানৰ ৮০ শতাংশ অঞ্চলত পাকিস্তানী কর্তৃপক্ষই নিয়ন্ত্রণ হেৰুৱাইছে, এই মন্তব্য কৰিছে বেলুচ আমেৰিকান কংগ্ৰেছৰ সচিবপ্রধান ৰাজ্জাক বেলুচে। 

'টেগ টিভি'ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰাজ্জাক বেলুচে দাবী কৰি কয় যে বেলুচিস্তানৰ এই অঞ্চলসমূহত সন্ধিয়াৰ পাছত পাকিস্তানী সেনাই তহল দিবলৈ ভয় কৰে। কানাডা ভিত্তিক নিউজ চেনেলটোক সাক্ষাৎকাৰ দিয়াৰ সময়ত বেলুচ নেতাজনে কয় যে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বেলুচিস্তানৰ কুৱেটা চহৰৰ পথ নিৰ্জন হৈ পৰে। পাকিস্তানী সেনাই এই সময়ত চহৰখনৰ পথত তহল দিবলৈ ভয় কৰে। 

পাকিস্তানী কৰ্তৃপক্ষৰ আইন-শৃংখলা পৰিস্থিতি বিধ্বস্ত হোৱা বুলি দাবী কৰি বেলুচ নেতাজনে কয় যে পাকিস্তানী চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বেলুচিস্তানৰ ৮০ শতাংশ অঞ্চল ওলাই গৈছে। তেওঁ ইছলামাবাদক সতৰ্ক কৰি কয় যে পাকিস্তানৰ পৰিস্থিতি ১৯৭১ চনৰ দৰে হ'ব। ১৯৭১ চনত পূব পাকিস্তান নাইকিয়া হৈ বাংলাদেশ হোৱাৰ দৰে এতিয়া বেলুচিস্তানো পাকিস্তানৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব বুলি তেওঁ ইছলামাবাদক সতর্ক কৰি দিয়ে। ৰাজ্জাক বেলুচৰ এই সাক্ষাৎকাৰটো বাতৰি সংস্থা এ এন আয়েও পৰিৱেশন কৰিছে। বেলুচ বিচ্ছিন্নতাবাদী আন্দোলনে তীব্র গতি লোৱাৰ সময়ত, ইতিমধ্যে পাক কর্তৃপক্ষই মাৰাং বেলুচৰ দৰে নেতাক আটক কৰি ৰাখিছে। ৰাজ্জাক বেলুচে কয় যে নিজৰ গৰিমা ৰাখি পাকিস্তানী সেনা বেলুচিস্তানৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে। অন্যথা বাংলাদেশ সৃষ্টি হোৱাৰ সময়ত পাকিস্তানী সেনাৰ যি দুর্দশা হৈছিল, সেই অৱস্থা এতিয়া হ'বলৈ গৈ আছে বুলি বেলুচ নেতাজনে হুংকাৰ দিয়ে। 

বেলুচ সংগ্ৰামক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়াত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু গণতান্ত্রিক দেশসমূহক আহবান জনাই কয় যে তেওঁলোকে এই আন্দোলনক গতি প্ৰদান কৰিব লাগে। বেলুচ আন্দোলনত ভাৰতৰ সমৰ্থন সন্দর্ভত তেওঁক সোধাত তেওঁ কয় যে যদি ভাৰতে বেলুচিস্তানৰ স্বাধীনতাক সমর্থন জনাব বিচাৰে, তেনেহ'লে এইক্ষেত্ৰত ভাৰতৰ বাবে দুৱাৰ মুকলি আছে। তেওঁ আৰু এখোপ আগুৱাই গৈ কয় যে পাকিস্তানৰ বৰ্বৰ সেনাৰ বিৰুদ্ধে কেৱল বেলুচিস্তানতে প্রতিবাদ চলা নাই, পাকিস্তানৰ সকলো প্রদেশতে প্ৰতিবাদৰ ধ্বনি শুনা গৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ