--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণটোৰ প্ৰত্যুত্তৰ দি ভাৰতে কৰা আক্ৰমণে পাকিস্তানৰ বাবে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই সন্ধিক্ষণত দেশখনে আশাৰে বাট চাই থকা বন্ধু দেশে এতিয়া লগ এৰা দিবলৈ লৈছে। উল্লেখযোগ্য যে পাকিস্তানৰ প্রধান ভৰসা আছিল চীন, কিন্তু দেশখনে পাকিস্তানক মুকলিকৈ সমর্থন কৰা নাই। 

উল্লেখযোগ্য যে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অন্যতম শক্তি আছিল চীনে দিয়া কেইবা কোটি টকা ব্যয় সাপেক্ষ জে এফ-১৭ বিমানখন। এই বিমানখনেই বৃহস্পতিবাৰে ভাৰতৰ আক্ৰমণত ধ্বংসপ্রাপ্ত হয়।

ইয়াৰ পাছত শুকুৰবাৰে চীনৰ বিদেশ বিভাগে দিয়া মন্তব্যই পাকিস্তানক বিব্ৰত কৰে। চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে কয় যে চীনে কোনো কাৰণতে সন্ত্রাসবাদক সমর্থন নকৰে। তেওঁ লগতে কয় যে ভাৰত-পাকিস্তানৰ যুদ্ধক লৈ চীনৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰা হৈছে। জিয়ানে কয়, 'শেহতীয়া পৰিস্থিতিক লৈ চীনে উদ্বেগ প্রকাশ কৰিছে। ভাৰত আৰু পাকিস্তান উভয়ে পৰস্পৰৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুয়োখন দেশ চীনৰো চুবুৰীয়া। চীনে সকলো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধিতা কৰে।' তেওঁ লগতে কয়, 'বৃহত্তৰ স্বাৰ্থৰ খাটিৰত উভয় পক্ষকে শান্তি আৰু স্থায়িত্ব, ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰকে ধৰি আন্তঃৰাষ্ট্ৰীয় নিময় মানি চলিবলৈ আৰু পৰিস্থিতিয়ে অধিক জটিল ৰূপ ল'ব পৰা কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহবান জনাইছোঁ।' 

তেওঁ লগতে কয় যে বৰ্তমানৰ উত্তেজনা প্রশমনৰ কাৰণে চীন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে এক গঠনমূলক ভূমিকা পালন কৰিবলৈ সাজু হৈ আছে। ইফালে, পাকিস্তান চৰকাৰৰ বাবে আন এক বিপৰ্যয়ৰ সৃষ্টি কৰে আমেৰিকাই। উল্লেখযোগ্য যে ভাৰতৰ সৈতে উত্তেজনাৰ সৃষ্টি হ'লে প্রায়ে পাকিস্তানে আমেৰিকাৰ ফালে সহায়ৰ আশাত চাই থাকে, কিন্তু এইবাৰ পৰিস্থিতি পূৰ্বৰ দৰে হৈ থকা নাই। চীনৰ দৰে আমেৰিকায়ো এইবাৰ সহায় কৰিবলৈ অস্বীকাৰ কৰে।

পাকিস্তানক সন্মানজনকভাৱে এই সংকটৰ পৰা মুক্ত কৰাৰ বিকল্প আমেৰিকাই এইবাৰ বন্ধ ৰাখিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে স্পষ্টভাৱে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ মাজত সোমাবলৈ অস্বীকাৰ কৰে। তেওঁ বৃহস্পতিবাৰে ফক্স নিউজত দিয়া এটা সাক্ষাৎকাৰত কয়, 'আমি কৰিব পৰা কামটো হ'ল তেওঁলোকৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাৰ বাবে উৎসাহিত কৰাটো, কিন্তু আমি যুদ্ধৰ মাজত নোসোমাওঁগৈ, ইয়াত প্রকৃততে আমাৰ কোনো কাম নাই, ইয়াৰ লগত আমেৰিকাৰ কোনো ধৰণৰ লেনা-দেনা নাই।' আনহাতে, ৰিপাব্লিকান নেত্রী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্ৰাক্তন সহযোগী নিকি হেলীয়ে পহলগামৰ আক্ৰমণৰ পাছত ভাৰতৰ নিজকে সুৰক্ষা দিয়াৰ আৰু প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ আছে বুলি কয়।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত