--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণটোৰ প্ৰত্যুত্তৰ দি ভাৰতে কৰা আক্ৰমণে পাকিস্তানৰ বাবে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই সন্ধিক্ষণত দেশখনে আশাৰে বাট চাই থকা বন্ধু দেশে এতিয়া লগ এৰা দিবলৈ লৈছে। উল্লেখযোগ্য যে পাকিস্তানৰ প্রধান ভৰসা আছিল চীন, কিন্তু দেশখনে পাকিস্তানক মুকলিকৈ সমর্থন কৰা নাই। 

উল্লেখযোগ্য যে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অন্যতম শক্তি আছিল চীনে দিয়া কেইবা কোটি টকা ব্যয় সাপেক্ষ জে এফ-১৭ বিমানখন। এই বিমানখনেই বৃহস্পতিবাৰে ভাৰতৰ আক্ৰমণত ধ্বংসপ্রাপ্ত হয়।

ইয়াৰ পাছত শুকুৰবাৰে চীনৰ বিদেশ বিভাগে দিয়া মন্তব্যই পাকিস্তানক বিব্ৰত কৰে। চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে কয় যে চীনে কোনো কাৰণতে সন্ত্রাসবাদক সমর্থন নকৰে। তেওঁ লগতে কয় যে ভাৰত-পাকিস্তানৰ যুদ্ধক লৈ চীনৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰা হৈছে। জিয়ানে কয়, 'শেহতীয়া পৰিস্থিতিক লৈ চীনে উদ্বেগ প্রকাশ কৰিছে। ভাৰত আৰু পাকিস্তান উভয়ে পৰস্পৰৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুয়োখন দেশ চীনৰো চুবুৰীয়া। চীনে সকলো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধিতা কৰে।' তেওঁ লগতে কয়, 'বৃহত্তৰ স্বাৰ্থৰ খাটিৰত উভয় পক্ষকে শান্তি আৰু স্থায়িত্ব, ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰকে ধৰি আন্তঃৰাষ্ট্ৰীয় নিময় মানি চলিবলৈ আৰু পৰিস্থিতিয়ে অধিক জটিল ৰূপ ল'ব পৰা কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহবান জনাইছোঁ।' 

তেওঁ লগতে কয় যে বৰ্তমানৰ উত্তেজনা প্রশমনৰ কাৰণে চীন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে এক গঠনমূলক ভূমিকা পালন কৰিবলৈ সাজু হৈ আছে। ইফালে, পাকিস্তান চৰকাৰৰ বাবে আন এক বিপৰ্যয়ৰ সৃষ্টি কৰে আমেৰিকাই। উল্লেখযোগ্য যে ভাৰতৰ সৈতে উত্তেজনাৰ সৃষ্টি হ'লে প্রায়ে পাকিস্তানে আমেৰিকাৰ ফালে সহায়ৰ আশাত চাই থাকে, কিন্তু এইবাৰ পৰিস্থিতি পূৰ্বৰ দৰে হৈ থকা নাই। চীনৰ দৰে আমেৰিকায়ো এইবাৰ সহায় কৰিবলৈ অস্বীকাৰ কৰে।

পাকিস্তানক সন্মানজনকভাৱে এই সংকটৰ পৰা মুক্ত কৰাৰ বিকল্প আমেৰিকাই এইবাৰ বন্ধ ৰাখিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে স্পষ্টভাৱে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ মাজত সোমাবলৈ অস্বীকাৰ কৰে। তেওঁ বৃহস্পতিবাৰে ফক্স নিউজত দিয়া এটা সাক্ষাৎকাৰত কয়, 'আমি কৰিব পৰা কামটো হ'ল তেওঁলোকৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাৰ বাবে উৎসাহিত কৰাটো, কিন্তু আমি যুদ্ধৰ মাজত নোসোমাওঁগৈ, ইয়াত প্রকৃততে আমাৰ কোনো কাম নাই, ইয়াৰ লগত আমেৰিকাৰ কোনো ধৰণৰ লেনা-দেনা নাই।' আনহাতে, ৰিপাব্লিকান নেত্রী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্ৰাক্তন সহযোগী নিকি হেলীয়ে পহলগামৰ আক্ৰমণৰ পাছত ভাৰতৰ নিজকে সুৰক্ষা দিয়াৰ আৰু প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ আছে বুলি কয়।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ