--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে। ভাৰতৰ আগত পহলগাম কাণ্ডক গৰিহণা দি ইফালে পাকিস্তানক লোহাৰ দৰে বন্ধু বুলি  অভিহিত কৰিছে।  এয়া চীনৰ দ্বৈত খেল যিয়ে এফালে জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছিল, আনহাতে আনফালে পাকিস্তানক ‘লোহাৰ দৰে বন্ধু’ বুলি অভিহিত কৰি সমৰ্থন অব্যাহত ৰাখিছিল। 

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰৰ সৈতে কথা পাতি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে পাকিস্তানক ‘লোহাৰ দৰে শক্তিশালী বন্ধু’ বুলি অভিহিত কৰে। একে সময়তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ পহলগাম আক্ৰমণক গৰিহণা দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে চীন সদা্য় থিয় দিব বুলি উল্লেখ কৰে।

এই ঘটনা ভাৰত-চীন-পাকিস্তানৰ মাজত চলি থকা কূটনৈতিক টাগ অফ ৱাৰৰ এক নতুন অধ্যায়ত পৰিণত হৈছে, য’ত চীনৰ ‘দুমুখীয়া’ নীতিক লৈ প্ৰশ্ন উত্থাপন হৈছে।


চীনে লগতে কয় যে ভাৰত আৰু পাকিস্তানে দুয়োপক্ষই সংযম ৰাখক। আলোচনাৰ জৰিয়তে পাৰস্পৰিক মতানৈক্য সমাধান কৰক। দুয়োখন দেশেই এক ব্যাপক আৰু স্থায়ী যুদ্ধবিৰতিৰ দিশত আগবাঢ়ক, যিটো সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সমাজেও বিচাৰে।

বিশেষজ্ঞসকলৰ মতে চীনৰ এই নীতি দুমুখীয়া, য’ত এফালে সন্ত্ৰাসবাদক গৰিহণা দিয়ে, আনফালে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ পৰা পাকিস্তানৰ সমৰ্থনত থিয় দিয়ে। দুমুখীয়া ৰোমান দেৱতা জেনুছৰ দৰে চীনেও দুখন মুখেৰে বিশ্বৰ সন্মুখত থিয় দিছে।

যুদ্ধবিৰতি ঘোষণাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে চীনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে যোৱা ৫৮ বছৰে পাকিস্তানৰ সৈতে থিয় দি থকা চীনৰ ৰাষ্ট্ৰপতি আৰু চীনৰ জনসাধাৰণক অন্তৰৰ পৰা ধন্যবাদ জনাইছো।

বহু বিশ্লেষকৰ মতে চীনে বৰ্তমান দক্ষিণ এছিয়াত নিজৰ দখল শক্তিশালী কৰাৰ চেষ্টা কৰি আছে আৰু পাকিস্তানক কৌশলগত পণ্য হিচাপে ব্যৱহাৰ কৰিছে। একে সময়তে ভাৰতৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিবলৈ চীনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বক্তব্য দিয়ে। এইটো চীনৰ কৌশলৰ অংশ, য’ত চীনে দুয়োপক্ষৰ পৰা নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে।

বৰ্তমান ভাৰতে চীনৰ এই ‘ডাবল ষ্টেণ্ডাৰ্ড’ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যদিও আভ্যন্তৰীণ পৰ্যায়ত এই বিষয়টোক গুৰুত্বসহকাৰে লোৱা হৈছে। আগন্তুক দিনত এই উন্নয়নে ভাৰতৰ বৈদেশিক নীতিত কি প্ৰভাৱ পেলাব আৰু চীনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব নে নাই সেয়া গুৰুত্বপূৰ্ণ হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ