--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে কথা পাতিছে। কথা-বতৰাৰ সময়ত তেওঁ পেহেলগামত হোৱা আক্ৰমণক গৰিহণা দিয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই তথ্য দিছে। এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক্স যোগে পোষ্ট কৰিছে।

ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক ফোন কৰি ভাৰতৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

ৰণধীৰ জয়ছৱালে জনোৱা মতে পুটিনে জোৰ দি কয় যে এই জঘন্য আক্ৰমণৰ দোষী আৰু তেওঁলোকৰ সমৰ্থকসকলক ন্যায়ৰ কাষ চাপিব লাগিব। প্ৰধানমন্ত্ৰীয়ে বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি পুটিনক শুভেচ্ছা জনোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনায়।

ইয়াৰ পূৰ্বে দেওবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভেও ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশক সংযম কৰিবলৈ আহ্বান জনাইছিল।

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। এই আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ অধিকাংশই আছিল পৰ্যটক। ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত এই আক্ৰমণক সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ বুলি বিবেচিত হৈছে। এই আক্ৰমণৰ আঁৰত পাকিস্তান বুলি কোৱা হৈছে। এই আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ