--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা দুবছৰত এবাৰো হিংসাজৰ্জৰিত মণিপুৰ ভ্ৰমণ নকৰি 'ৰাজধৰ্ম' পালন কৰাত ব্যর্থ হৈছে বুলি শনিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে অভিযোগ কৰে। 

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ আৰম্ভণিৰ দ্বিতীয় বার্ষিকীত সামাজিক মাধ্যম এক্সত খর্গেয়ে কয় যে ২০২৩ চনৰ ৩ মে'ত মণিপুৰত গোষ্ঠীগত হিংসা আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে। মাত্র দুদিন আগতে হিংসাত্মক সংঘর্ষত টামেংলং জিলাত ২৫জন লোক আহত হৈছে। তেওঁ আৰু কয় যে হিংসা আৰম্ভ হোৱাৰ পৰা ২৬০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৬৮,০০০ লোক ভগনীয়া হৈছে তথা হাজাৰ হাজাৰ লোকে আশ্রয় শিবিৰত আশ্ৰয় লৈছে। 

খর্গেয়ে এক্সত আৰু কয়, 'নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মণিপুৰত আপোনাৰ শেষৰ নিৰ্বাচন সভা অনুষ্ঠিত হােৱা ২০২২ চনৰ জানুৱাৰীৰ পৰা আপুনি ৪৪ বাৰ বিদেশ ভ্রমণ আৰু ২৫০ বাৰ দেশৰ ভিতৰত ভ্ৰমণ কৰিলে। তথাপি আপুনি এক ছেকেণ্ডো মণিপুৰত নকটালে। মণিপুৰৰ জনসাধাৰণৰ প্ৰতি এই উপেক্ষা আৰু অৱজ্ঞা কিয়?' 

তেওঁ আৰু প্ৰশ্ন কৰে যে কিয় ডাবল্ ইঞ্জিন চৰকাৰে নিজৰ নাগৰিকক নিৰাপত্তা আৰু সুৰক্ষা দিয়া সাংবিধানিক কর্তব্য পালনত বিফল হ'ল। খৰ্গেয়ে প্রশ্ন কৰে যে গৃহ মন্ত্রীয়ে ঘোষণা কৰা শান্তি সমিতিৰ কি হ'ল। খর্গেয়ে কয়, 'মোদী ডাঙৰীয়া, আপুনি পুনৰ ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হ'ল।'

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ