--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে যৌনকৰ্ম সম্পৰ্কে উল্লেখযোগ্য নিৰ্দেশনা জাৰী কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়ে। আন বৃত্তিসমূহৰ দৰে যৌনকৰ্মীসকলৰো আছে সমমৰ্যাদা তথা সম অধিকাৰ। এই বিষয়টো সোঁৱৰাই দিয়াৰ উপৰি দেশৰ উচ্চতম ন্যায়ালয়ে স্বেচ্ছাই যৌনকৰ্মত লিপ্ত হোৱা ব্যক্তিৰ ক্ষেত্ৰত আৰক্ষীৰ হস্তক্ষেপ আৰু অপৰাধমূলক গোচৰ ৰুজু কৰাৰ প্ৰৱণতা ৰোধ কৰিছে ন্যায়ালয়ে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত ৬টা নিৰ্দেশনা জাৰী কৰিছিল। ইয়াৰ জৰিয়তে যৌনকৰ্মীসকলৰ অধিকাৰ সুৰক্ষিত হ’ব বুলি উচ্চতম ন্যায়ালয়ে সদৰী কৰা বিচাৰপীঠে কয়, ‘আইনৰ দৃষ্টিত যৌনকৰ্মীসকলো সমান সুৰক্ষাৰ অধিকাৰী। 

যেতিয়া স্পষ্ট হৈ পৰে যে এজন যৌনকৰ্মী এজন প্ৰাপ্তবয়স্ক আৰু সন্মতি সাপেক্ষে নিজকে এই বৃত্তিত নিয়োগ কৰিছে তেতিয়া আৰক্ষীয়ে অযথা হস্তক্ষেপৰ পৰা বিৰত থাকিব লাগিব। কোনো অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। সংবিধানৰ ২১ নং অনুচ্ছেদে এই দেশৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱনৰ অধিকাৰ সুনিশ্চিত কৰিছে। বেশ্যালয় সমূহত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত যৌনকৰ্মীক গ্ৰেপ্তাৰ, শাস্তি বা হাৰাশাস্তি কৰা উচিত নহয়। কাৰণ যৌন বৃত্তি অবৈধ নহয়, কেৱল বেশ্যালয় চলোৱাটোহে অবৈধ।’

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাছতে প্ৰকাশ পাইছে আন এক পৰিসংখ্যা। শেহতীয়াকৈ প্ৰকাশিত এক পৰিসংখ্যা অনুসৰি, ভাৰতবৰ্ষত ২৮ লাখতকৈ অধিক ছোৱালী যৌনবৃত্তিৰ সৈতে জৰিত বুলি প্ৰকাশ পাইছে। কোনখন ৰাজ্যত কিমানজন যৌনকৰ্মী আছে ইয়াৰে এক সম্পূৰ্ণ পৰিসংখ্যা প্ৰকাশ কৰি উলিয়াইছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে। দৈনিক ভাস্কৰৰ এক প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত মুঠ যৌন কৰ্মীৰ সংখ্যা ২৮,২৭,৫৩৪। ইয়াৰে ভিতৰত পশ্চিমবংগতে সৰ্বাধিক ৩,৬৭,০৫৮ যৌনকৰ্মী আছে বুলি জানিবলৈ পোৱা গৈছে। 

ইয়াৰ পাছতে আছে অন্ধ্ৰপ্ৰদেশ (৩,২০,০২৪), তামিলনাডু (৩,০৩,৭৫০), উত্তৰপ্ৰদেশ (২,৭১,৮৬৮), কৰ্ণাটক (২,০০,৭০১), ৰাজস্থান (১,৬৭,৩০৫), বিহাৰ (১,৬১,৩২১), গুজৰাট ( ১,৪৬,৯৫০) ইত্যাদি। আনহাতে, দেশৰ ৰাজধানী নতুন দিল্লীত মুঠ যৌনকৰ্মীৰ সংখ্যা ১৬,৭৮৫। ইফালে নতুন দিল্লীতকৈ অসমত যৌনকৰ্মীৰ সংখ্যা প্ৰায় তিনিগুণ। অসমত প্ৰায় ৫২হাজাৰতকৈ অধিক যৌনকৰ্মী থকা বুলি প্ৰকাশ পাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য সমূহৰ তুলনাত এই পৰিসংখ্যাত অসম শীৰ্ষত। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত এই পৰিসংখ্যা এনেধৰণৰ-

অসম- ৫২,৬২৫
অৰুণাচল প্ৰদেশ- ২,৭৫০
মেঘালয়- ৪,২৫০
নাগালেণ্ড-৬,০০০
মণিপুৰ-৪,৮৭৫
ত্ৰিপুৰা- ১,৩৭৫
ছিক্কিম- ৪২৫
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ