--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাই প্ৰফাইল ব্যক্তিৰ নিৰাপত্তাৰ নামত কেন্দ্ৰকে ধৰি প্ৰায় প্ৰতি খন ৰাজ্যৰ চৰকাৰে বছৰি  বিশাল অংকৰ ধন খৰচ কৰি আহিবলগীয়া হৈছে। এনে সময়তে তেনে খৰচ হ্ৰাস কৰাৰ লক্ষ্যৰেই পঞ্জাৱৰ আম আদমী পাৰ্টি নেতৃত্বাধীন চৰকাৰে চাৰি শতাধিক হাই প্ৰফাইল লোকৰ চৰকাৰী নিৰাপত্তা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


 পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে ৰাজ্যখনৰ ৪২৪ জন লোকক প্ৰদান কৰি অহা নিৰাপত্তা আবেষ্টনী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। যিসকলৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে তেওঁলোকৰ ভিতৰত বহু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ধৰ্মীয় নেতা আৰু ৰাজনৈতিক ব্যক্তি আছে।

 ইয়াৰ পূৰ্বে এপ্ৰিল মাহত পঞ্জাৱৰ চৰকাৰে প্ৰাক্তন মন্ত্ৰী , প্ৰাক্তন বিধায়ক আৰু অন্যান্য নেতাকে ধৰি ১৮৪ জন ব্যক্তিৰ নিৰাপত্তা  প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল।পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, কেপ্টেইন অমৰিন্দৰ সিঙৰ পুত্ৰ ৰনিন্দৰ সিং আৰু কংগ্ৰেছ বিধায়ক প্ৰতাপ সিং বাজৱাৰেৰ পত্নীৰ পৰিয়ালৰ নিৰাপত্তা  যোৱা মাহত প্ৰত্যাহাৰ কৰা হৈছিল।

পঞ্জাৱ চৰকাৰৰ এনে পদক্ষেপক বহুতে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। ভগৱন্ত মানৰ চৰকাৰে  ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া বুলি এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰিছে।

 বিষয়াগৰাকীয়ে লগতে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে মানৰ চৰকাৰ খনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীকে দুৰ্নীতিৰ অভিযোগত অপসাৰিত কৰাৰ লগতে গ্ৰেপ্তাৰো কৰা হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ