--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাই প্ৰফাইল ব্যক্তিৰ নিৰাপত্তাৰ নামত কেন্দ্ৰকে ধৰি প্ৰায় প্ৰতি খন ৰাজ্যৰ চৰকাৰে বছৰি  বিশাল অংকৰ ধন খৰচ কৰি আহিবলগীয়া হৈছে। এনে সময়তে তেনে খৰচ হ্ৰাস কৰাৰ লক্ষ্যৰেই পঞ্জাৱৰ আম আদমী পাৰ্টি নেতৃত্বাধীন চৰকাৰে চাৰি শতাধিক হাই প্ৰফাইল লোকৰ চৰকাৰী নিৰাপত্তা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


 পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে ৰাজ্যখনৰ ৪২৪ জন লোকক প্ৰদান কৰি অহা নিৰাপত্তা আবেষ্টনী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। যিসকলৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে তেওঁলোকৰ ভিতৰত বহু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ধৰ্মীয় নেতা আৰু ৰাজনৈতিক ব্যক্তি আছে।

 ইয়াৰ পূৰ্বে এপ্ৰিল মাহত পঞ্জাৱৰ চৰকাৰে প্ৰাক্তন মন্ত্ৰী , প্ৰাক্তন বিধায়ক আৰু অন্যান্য নেতাকে ধৰি ১৮৪ জন ব্যক্তিৰ নিৰাপত্তা  প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল।পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, কেপ্টেইন অমৰিন্দৰ সিঙৰ পুত্ৰ ৰনিন্দৰ সিং আৰু কংগ্ৰেছ বিধায়ক প্ৰতাপ সিং বাজৱাৰেৰ পত্নীৰ পৰিয়ালৰ নিৰাপত্তা  যোৱা মাহত প্ৰত্যাহাৰ কৰা হৈছিল।

পঞ্জাৱ চৰকাৰৰ এনে পদক্ষেপক বহুতে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। ভগৱন্ত মানৰ চৰকাৰে  ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া বুলি এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰিছে।

 বিষয়াগৰাকীয়ে লগতে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে মানৰ চৰকাৰ খনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীকে দুৰ্নীতিৰ অভিযোগত অপসাৰিত কৰাৰ লগতে গ্ৰেপ্তাৰো কৰা হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান