--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তাৰকা দম্পতী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ সন্তানৰ নামকৰণ৷ ৩মাহৰ পূৰ্বে ছেৰোগেচীৰ জৰিয়তে কন্যা সন্তান জন্ম হোৱাৰ কথা ঘোষণা কৰিছিল চেলিব্ৰিটী দম্পতীয়ে। ইয়াৰ পাছৰে পৰা অনুৰাগীসকলৰ মাজত তেওঁলোকৰ সন্তানৰ নামকৰণক লৈ তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছিল৷  টিএমজেডৰ এক প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে তেওঁলোকৰ সন্তানৰ নাম মালতি মেৰী চোপ্ৰা জ’নাছ ৰাখিছে বুলি জানিব পৰা গৈছে৷

১৫ জানুৱাৰীত কেলিফৰ্ণিয়াৰ চান ডিয়েগোৰ এখন চিকিৎসালয়ত জন্ম হৈছিল মালতি মেৰীৰ৷ 
তেওঁলোকৰ ছোৱালীৰ নামৰ অৰ্থ ক্ৰমে মালতী ভাৰতীয় মূলৰ সংস্কৃত শব্দৰ, আৰু ইয়াৰ অৰ্থ হৈছে ‘সুগন্ধি ফুল’ বা ‘চন্দ্ৰালোক’।

৩৯ বছৰীয়া অভিনেত্ৰীগৰাকী আৰু ২৯ বছৰীয়া জ’নাছে জানুৱাৰীত তেওঁলোকৰ কেঁচুৱাৰ আগমনৰ খবৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰি কৈছিল যে, ‘আমি নিশ্চিত কৰি আনন্দিত যে আমি ছেৰোগেটৰ জৰিয়তে এটা কেঁচুৱাক আদৰণি জনাইছো। আমি আমাৰ পৰিয়ালৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে এই বিশেষ সময়ত সন্মান সহকাৰে গোপনীয়তা বিচাৰো। আপোনাক বহুত ধন্যবাদ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ