--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বুদ্ধা হোগা তেৰা বাপ'। ২০১১ চনত, অমিতাভ বচ্চনে এই নামেৰে এখন চলচ্চিত্ৰত অভিনয় কৰিছিল। ছবিখনে এটা দশক অতিক্ৰম কৰিলে। বৰ্তমান অমিতাভ বচ্চনৰ বয়স ৭৯। কিন্তু আজিও যেন বুঢ়া হ’বলৈ তীব্ৰ আপত্তি বিগ-বিৰ। বৃহস্পতিবাৰে পুৱা ইনষ্টাগ্ৰামত পোষ্ট কৰা অমিতাভৰ ছবিবোৰে আকৌ এবাৰ মনত পেলাই দিলে যে বয়স মাত্ৰ এটা সংখ্যা। কিন্তু অমিতাভৰ দৰে খুব কম সংখ্যক লোকেই এনেদৰে বয়সক জয় কৰিব পাৰে। শেহতীয়া তেওঁৰ 'কিক'ৰ আলোকচিত্ৰবোৰে যেন ইয়াকে পুনৰবাৰ প্ৰমাণ কৰিলে।

বিগত শতিকাৰ ’৭০ ৰ দশকত বলীউডৰ ৰাজপাটত যিদৰে শ্বেহেনশ্বাহে বিস্তাৰ কৰিলে এতিয়াও সেয়া স্থিতিশীল অৱস্থাত আছে। ছুপাৰষ্টাৰসকল হয়তো এনেকুৱাই। মনৰ মাজতে যেন সদায় পুহি ৰাখে নিজৰ উচ্চতাক অতিক্ৰম কৰাৰ দুৰ্বাৰ হেঁপাহক। আৰু এই মুহূৰ্তত, অমিতাভে টাইগাৰ শ্ৰফৰ শাৰিৰীক শৈলীত মুগ্ধ। জেকি তনয়ৰ শাৰীৰিক ক্ষিপ্ৰতা দেখি এনে শাৰীৰিক ব্যায়াম কৰা দেখা গৈছে অমিতাভ বচ্চনক।

অমিতাভে তেওঁৰ পোষ্টত এই কথা স্বেচ্ছাই জনাইছে। পোষ্টৰ কেপচনত তেওঁ লিখিছে, ‘টাইগাৰ শ্ৰফে সেই 'কিক' দক্ষতাৰ বাবে যিমান লাইক পায় তাকে দেখি মোৰো মন গ’ল। চেষ্টা কৰিবলৈ মন গ’ল, কি ঠিক অলপ বেছিকৈ লাইক পাই যাওঁ!।’ বিগ-বিৰ এনে ৰসাল মন্তব্যৰ লগতে আলোকচিত্ৰবোৰ দেখি মুগ্ধ অনুৰাগী। ছবিবোৰে প্ৰভাৱিত কৰিছে সকলোকে।
 
অমিতাভৰ পোষ্টটো শ্বেয়াৰ কৰিছে টাইগাৰ শ্ৰফেও। দেশৰ 'গ্ৰেটেষ্ট' তাৰকা আৰু 'সৰ্বশ্ৰেষ্ঠ' একচন হিৰোৰ প্ৰশংসাত অভিভূত বুলি উল্লেখ কৰি জেকি তনয়ে কয়, ‘মহাশয়, যদি আৰু কেইবছৰমানৰ পিছত মই আপোনাৰ দৰে 'কিক' দিব পাৰো, মই ইয়াক আশীৰ্বাদ বুলি ভাবিম।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ