--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বুদ্ধা হোগা তেৰা বাপ'। ২০১১ চনত, অমিতাভ বচ্চনে এই নামেৰে এখন চলচ্চিত্ৰত অভিনয় কৰিছিল। ছবিখনে এটা দশক অতিক্ৰম কৰিলে। বৰ্তমান অমিতাভ বচ্চনৰ বয়স ৭৯। কিন্তু আজিও যেন বুঢ়া হ’বলৈ তীব্ৰ আপত্তি বিগ-বিৰ। বৃহস্পতিবাৰে পুৱা ইনষ্টাগ্ৰামত পোষ্ট কৰা অমিতাভৰ ছবিবোৰে আকৌ এবাৰ মনত পেলাই দিলে যে বয়স মাত্ৰ এটা সংখ্যা। কিন্তু অমিতাভৰ দৰে খুব কম সংখ্যক লোকেই এনেদৰে বয়সক জয় কৰিব পাৰে। শেহতীয়া তেওঁৰ 'কিক'ৰ আলোকচিত্ৰবোৰে যেন ইয়াকে পুনৰবাৰ প্ৰমাণ কৰিলে।

বিগত শতিকাৰ ’৭০ ৰ দশকত বলীউডৰ ৰাজপাটত যিদৰে শ্বেহেনশ্বাহে বিস্তাৰ কৰিলে এতিয়াও সেয়া স্থিতিশীল অৱস্থাত আছে। ছুপাৰষ্টাৰসকল হয়তো এনেকুৱাই। মনৰ মাজতে যেন সদায় পুহি ৰাখে নিজৰ উচ্চতাক অতিক্ৰম কৰাৰ দুৰ্বাৰ হেঁপাহক। আৰু এই মুহূৰ্তত, অমিতাভে টাইগাৰ শ্ৰফৰ শাৰিৰীক শৈলীত মুগ্ধ। জেকি তনয়ৰ শাৰীৰিক ক্ষিপ্ৰতা দেখি এনে শাৰীৰিক ব্যায়াম কৰা দেখা গৈছে অমিতাভ বচ্চনক।

অমিতাভে তেওঁৰ পোষ্টত এই কথা স্বেচ্ছাই জনাইছে। পোষ্টৰ কেপচনত তেওঁ লিখিছে, ‘টাইগাৰ শ্ৰফে সেই 'কিক' দক্ষতাৰ বাবে যিমান লাইক পায় তাকে দেখি মোৰো মন গ’ল। চেষ্টা কৰিবলৈ মন গ’ল, কি ঠিক অলপ বেছিকৈ লাইক পাই যাওঁ!।’ বিগ-বিৰ এনে ৰসাল মন্তব্যৰ লগতে আলোকচিত্ৰবোৰ দেখি মুগ্ধ অনুৰাগী। ছবিবোৰে প্ৰভাৱিত কৰিছে সকলোকে।
 
অমিতাভৰ পোষ্টটো শ্বেয়াৰ কৰিছে টাইগাৰ শ্ৰফেও। দেশৰ 'গ্ৰেটেষ্ট' তাৰকা আৰু 'সৰ্বশ্ৰেষ্ঠ' একচন হিৰোৰ প্ৰশংসাত অভিভূত বুলি উল্লেখ কৰি জেকি তনয়ে কয়, ‘মহাশয়, যদি আৰু কেইবছৰমানৰ পিছত মই আপোনাৰ দৰে 'কিক' দিব পাৰো, মই ইয়াক আশীৰ্বাদ বুলি ভাবিম।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ