--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেকুৰী তিতা আমাৰ সকলোৰে পৰিচিত বহল পাতৰ এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। ভেকুৰী তিতা এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।  ই এবিধ বনৰীয়া গছ। নৈ কাষৰীয়া ঠাইত, বাম খেতিপথাৰৰ কাষত ইয়াৰ গছ দেখিবলৈ পোৱা যায়। খেতি কৰা নহয় যদিও ইয়াৰ সেউজীয়া সৰু সৰু ফলবোৰ ছিঙি আনি ঔষধ হিচাপে কেঁচাই বা ভাজি ভাতৰ লগত খোৱা হয়। ইয়াৰ গছ জোপোহা, কাঁইটীয়া আৰু ডেৰ মিটাৰমানলৈকে ওখ হয়। ডালবোৰ কজলা বা সেউজীয়া আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আবৃত। পাতবোৰ দেখাত বেঙেনা পাতৰ দৰে। ভেকুৰীৰ প্ৰকাৰ দুবিধ- সৰু ভেকুৰী আৰু বৰ ভেকুৰী।


ভেকুৰীৰ উপকাৰিতা

১)ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়।

২)পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে।

৩)টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়।

৪) septic ulcer , কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য।

৫)বমি ভাব বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে।

৬) ইয়াৰ কাণ্ড, পাত, শিপা, ফল আদি শ্বাসৰোগ, শুকান কাহ, কৃমি, পেটৰ কামোৰণি, জ্বৰ, দাঁতৰ বিষ, বদহজমী, পানীয়ে খোৱা, নাকৰ ভিতৰত ঘা লগা, প্ৰস্ৰাৱ কৰোতে কষ্ট পোৱা আদি নানা ৰোগত বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়।

৭) ই বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

৮)ই শিশুৰ বিভিন্ন ৰোগ নাশ কৰিব পাৰে।

৯)তিতা-ভেকুৰী কাহ-কফত বৰ উপকাৰী।

১০)হৃদৰোগ নাইকিয়া কৰে।

১১) ই কৃমি নাশ কৰিব পাৰে।

১২) মুখৰ অৰুচি ভাৱ দূৰ কৰে।

আহক আমি এই বনৌষধি গুণেৰে ভৰপূৰ ভেকুৰী তিতা খাওঁ আৰু সুস্থ হৈ থাকোঁ...
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ