--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেদাইলতা এবিধ সকলোৰে পৰিচিত ঔষধি লতা। ইয়াৰ দুৰ্গন্ধ আছে বাবেই ইয়াক সহজতে চিনিব পৰা যায়। উৎকট গোন্ধেই ভেদাইলতাৰ পৰিচয় ৷ কিন্তু ৰান্ধিলে ইয়াৰ গোন্ধ একেবাৰে নাথাকে। ভেদাইলতাৰ পাত বা ঠাৰি মানুহে আঞ্জা ৰান্ধি খায়। ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াক কেঁচাই কেঁচাই ব্যৱহাৰ কৰিলেহে সুফল পোৱা যায়। আমাৰ অসমত ঔষধি গুণৰ ভঁৰাল ভেদাইলতাৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে ৷ ভেদাইলতাৰ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida . অসমীয়াত ভেদাইলতাৰ আন আন নাম হ’ল পাদুৰীলতা, গন্ধভাদুলীয়া, ভাদুলীলতা ,প্ৰসাৰণী,পাদ্ৰী লেৱা আৰু গন্ধপাত্ৰ ৷ভেদাইলতা কেঁচাই চাটনি কৰি, মাছৰ লগত জোল কৰি অথবা পকৰী বনাই খাব পাৰি।

ভেদাইলতাৰ বেয়া গোন্ধৰ কাৰণ

এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গোন্ধ (sulphurous odour) ওলায়। এই গোন্ধৰ কাৰণ হ’ল ভেদাইলতাৰ লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। এই পাত মোহাৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গোন্ধ ওলায়। সেয়েহে ভেদাইলতাৰ অন্য এক নাম হল পাদুৰীলতা।

ভেদাইলতাৰ উপকাৰিতা ১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ জোল ৰান্ধি খালে অতি সোনকালে আৰোগ্য হয় ৷
২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায় ৷
৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে ৷
৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক ৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে ।
৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে ৷
৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে ৷
৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷
৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল ৷
৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে ৷
১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায় ৷
১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায় ৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায় ৷
১২) যকৃতৰ সমস্যাত ভেদাইলতা খাব লাগে ৷
১৩) প্ৰাৰম্ভিক পৰ্যায়ত মুত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷
১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷

ইমানবোৰ ঔষধি গুণযুক্ত ভেদাইলতাক খাদ্য তালিকাত আগস্থান দি ইয়াৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ আহক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ