--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা শিল্পীৰ এটি ভিডিঅ’। তেওঁৰ নাম ড০ শিৱানী মাণ্ডা । ভিডিঅ’টোত তেওঁ টাইপোগ্ৰাফীৰ জৰিয়তে ৰাম দৰবাৰৰ স্কেচ্চ বনোৱা দেখা গৈছে। বিশ্বৰ বহু ধৰণৰ প্ৰতিভাৱান শিল্পীয়ে প্ৰতিদিনে মানুহক নিজৰ প্ৰতিভাৰে সকলোকে আচৰিত কৰি তোলে। এনে এজন শিল্পীয়ে বৰ্তমান ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ভিডিঅ'টো । ভিডিঅ’টো চাই ব্যৱহাৰকাৰীয়ে শিল্পীগৰাকীৰ কলাকৰ্মৰ শলাগ লৈছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ত দেখা গৈছে এগৰাকী মহিলা শিল্পীক। যাৰ নাম ডঃ শিৱানী মাণ্ডা বুলি কোৱা হৈছে। ভিডিঅ’টোত শিৱানীয়ে বিভিন্ন ৰঙৰ কলম ব্যৱহাৰ কৰি ভগৱান ৰামৰ নাম লিখি থাকোঁতে ৰামৰ দৰবাৰৰ ছবি নিৰ্মাণ কৰা দেখা গৈছে। এই কথা দেখি ব্যৱহাৰকাৰীসকল আচৰিত হৈ পৰিছে।




ভাইৰেল হোৱা এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ড০ শিৱানী মাণ্ডাই ইনষ্টাগ্ৰাম পেজত Sketch for Stray নামেৰে। যিটো তাৰ পাছত বহু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত শিৱানীয়ে একাধিক ৰঙৰ কলম ব্যৱহাৰ কৰি টাইপোগ্ৰাফীৰ জৰিয়তে ৰাম দৰবাৰৰ স্কেচ্চ বনোৱা দেখা গৈছে।

ভিডিঅ’টোত সমগ্ৰ ছবিখনে এক লাখতকৈ অধিক বাৰ ভগৱান ৰামৰ নাম ব্যৱহাৰ কৰা দেখা গৈছে। বৰ্তমান এই ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই খবৰ লিখাৰ সময়লৈকে ৫৩ লাখতকৈ অধিক ভিউ লাভ কৰিছে ভিডিঅ'টোৱে । একে সময়তে সকলোৱে শিৱানীৰ এই শিল্পকৰ্মৰ শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত