--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা শিল্পীৰ এটি ভিডিঅ’। তেওঁৰ নাম ড০ শিৱানী মাণ্ডা । ভিডিঅ’টোত তেওঁ টাইপোগ্ৰাফীৰ জৰিয়তে ৰাম দৰবাৰৰ স্কেচ্চ বনোৱা দেখা গৈছে। বিশ্বৰ বহু ধৰণৰ প্ৰতিভাৱান শিল্পীয়ে প্ৰতিদিনে মানুহক নিজৰ প্ৰতিভাৰে সকলোকে আচৰিত কৰি তোলে। এনে এজন শিল্পীয়ে বৰ্তমান ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ভিডিঅ'টো । ভিডিঅ’টো চাই ব্যৱহাৰকাৰীয়ে শিল্পীগৰাকীৰ কলাকৰ্মৰ শলাগ লৈছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ত দেখা গৈছে এগৰাকী মহিলা শিল্পীক। যাৰ নাম ডঃ শিৱানী মাণ্ডা বুলি কোৱা হৈছে। ভিডিঅ’টোত শিৱানীয়ে বিভিন্ন ৰঙৰ কলম ব্যৱহাৰ কৰি ভগৱান ৰামৰ নাম লিখি থাকোঁতে ৰামৰ দৰবাৰৰ ছবি নিৰ্মাণ কৰা দেখা গৈছে। এই কথা দেখি ব্যৱহাৰকাৰীসকল আচৰিত হৈ পৰিছে।




ভাইৰেল হোৱা এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ড০ শিৱানী মাণ্ডাই ইনষ্টাগ্ৰাম পেজত Sketch for Stray নামেৰে। যিটো তাৰ পাছত বহু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত শিৱানীয়ে একাধিক ৰঙৰ কলম ব্যৱহাৰ কৰি টাইপোগ্ৰাফীৰ জৰিয়তে ৰাম দৰবাৰৰ স্কেচ্চ বনোৱা দেখা গৈছে।

ভিডিঅ’টোত সমগ্ৰ ছবিখনে এক লাখতকৈ অধিক বাৰ ভগৱান ৰামৰ নাম ব্যৱহাৰ কৰা দেখা গৈছে। বৰ্তমান এই ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই খবৰ লিখাৰ সময়লৈকে ৫৩ লাখতকৈ অধিক ভিউ লাভ কৰিছে ভিডিঅ'টোৱে । একে সময়তে সকলোৱে শিৱানীৰ এই শিল্পকৰ্মৰ শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ