--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাতি মাহটো ভগৱান বিষ্ণুৰ নামত উৎসৰ্গা কৰা হয়। এই মাহত ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীক পূজা কৰিলে ভক্তসকলৰ সকলো কামনা পূৰণ হয়। কাতি মাহৰ একাদশীক বিশেষ গুৰুত্ব দিয়া হয়। কাতিৰ শুক্লাৰ একাদশীক দেৱউঠনি একাদশী বুলি জনা যায়। এই দিনটোতে ভগৱান বিষ্ণুৱে ৪ মাহৰ যোগ নিদ্ৰাৰ অন্তত সাৰ পায় আৰু ইয়াৰ লগে লগে সকলো শুভ কাম আৰম্ভ হয়।

কাতিৰ পূৰ্ণিমাৰ দিনা কাতি মাহ শেষ হয়। এই মাহত ব্ৰহ্মমুহুৰ্তত স্নান কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হয়। কাতি মাহৰ একাদশীক দেৱ উত্তৰণ একাদশী, দেৱ প্ৰবোধিনী একাদশী বুলিও কোৱা হয়। এই দিনটোত ভগৱান বিষ্ণুৱে নিদ্ৰাৰ পৰা সাৰ পাই দায়িত্বসমূহ লয়। সেইবাবেই দেৱউঠনি একাদশীৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত কোনবোৰ কাম বিশেষভাৱে নিষেধ কৰা হৈছে জানো আহক। এই দিনটোত কিছুমান কাম কৰিলে ভগৱান বিষ্ণুৰ খং উঠে।

কাতি মাহৰ শুক্ল পক্ষৰ একাদশীত দেৱউঠনি একাদশী পালন কৰা হয়। এইবাৰ ০৩ নৱেম্বৰৰ সন্ধিয়া ৭.৩০ বজাৰ পৰা ০৪ নৱেম্বৰৰ পৰা সন্ধিয়া ০৬.০৮ বজালৈ দেৱউঠনি একাদশী পৰিছে।

দেৱউঠনি একাদশীত এইবোৰ কাম কৰিব নালাগে

১) হিন্দু ধৰ্মত একাদশী তিথি ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত। এই দিনটোত ভাত খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। এই দিনটোত ভাত খাব নালাগে বুলি বিশ্বাস কৰা হয়। এই দিনটোত ভাত খোৱাৰ ফলত অহা জনমত পোক-পৰুৱা হৈ জন্ম লভে বুলি বিশ্বাস প্ৰচলিত আছে।

২) একাদশীৰ দিনটোত ভুলতো মাছ,মাংস,কণী আৰু সুৰা সেৱন নকৰিব। এনে কৰিলে ভগৱান বিষ্ণুৰ লগতে মাতৃ লক্ষ্মীও ক্ষুব্ধ হয়।

৩) নাৰী আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰিবলৈ চেষ্টা কৰক।

৪) একাদশীৰ দিনা আত্মসংযম ৰাখক। ভুলতো কাকো খং নকৰিব আৰু কাজিয়া নকৰিব। 

৫) ভুল চিন্তাবোৰ মনলৈ একেবাৰেই আহিবলৈ নিদিব।

৬) যদিহে সম্ভৱ এই দিনটোত মাটিত শুব পাৰিলে ভাল। 

উল্লেখ্য যে দেৱউঠনি একাদশীত দুখীয়া আৰু আৰ্তজনক সহায় কৰিলে মংগল সাধন হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ