--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
জিতুমণি বৰা

আপোনাৰ ভৰি দুখন কিমান দিন প্ৰত্যক্ষভাৱে মাটিৰ সংস্পৰ্শলৈ অহা নাই? কেতিয়াবা এই সাধাৰণ অথচ গুৰুত্বপূৰ্ণ কথাটো নিজকে এবাৰ সুধিছেনে? আপুনি পুৱা বিছনাৰ পৰা উঠাৰ পাছতে ভৰিত পিন্ধা চেণ্ডেলযোৰ খুলি শুদা ভৰিৰে মাটিত কেতিয়াবা খোজ দিছেনে? আপুনি যদি চাকৰিয়াল, তেনেহ’লে কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে এযোৰ জোতা বা অন্য এযোৰ চেণ্ডেল পিন্ধিবৰ বাবে ঘৰত পিন্ধি থকা চেণ্ডেলযোৰ খুলি থৈছে৷ আপুনি ঘৰৰ বাহিৰলৈ যাবলগীয়া হ’লে পিন্ধি থকা চেণ্ডেলযোৰ খুলি অন্য এযোৰ পিন্ধি লয়৷ আন কোনো কাৰণতে ঘৰৰ ভিতৰতে হওক বা বাহিৰতে হওক ভৰিৰ পৰা জোতা বা চেণ্ডেল খোলাৰ কথা নাভাবে৷ আমাৰ বেছিভাগ মানুহৰে ঘৰৰ মজিয়াখন এতিয়া পকী৷ মাটিৰ মজিয়া খুব কমসংখ্যক মানুহৰহে আছে৷ ঘৰৰ মজিয়াৰ পৰা চোতাললৈকে পকী৷ আধুনিক জীৱনশৈলীত গৰিষ্ঠসংখ্যক মানুহে মুহূৰ্তৰ বাবেও খালী ভৰিৰে থকাৰ কথা নাভাবে বা ভাবিব নোৱাৰে৷

অৰ্থাৎ মাটিৰ পৰা আমাৰ শৰীৰটো ২৪ ঘণ্টাই বিচ্ছিন্ন হৈ থাকে৷ প্লাষ্টিক বা ৰবৰৰ চেণ্ডেল এযোৰেই মাটি আৰু মানুহৰ মাজত এই ব্যৱধানৰ সৃষ্টি কৰিছে৷ দেখাত অত্যন্ত সৰু, কিন্তু মানৱ শৰীৰৰ বাবে অত্যন্ত ভয়ংকৰ এই কথা৷ এই ক্ষেত্ৰত এজন যুৱ সংবাদকৰ্মীৰ অভিজ্ঞতা জনাৰ সুযোগ পাইছিলোঁ৷ তেওঁ সঘনাই বুকুৰ বিষ অনুভৱ কৰি থকাত চিকিৎসকক দেখুৱাইছিল৷ সাধাৰণতে বেছিভাগ চিকিৎসকে আঁতি-গুৰি মাৰি ৰোগীক কোনো কথা নকয়৷ বহু চিকিৎসকে ৰোগীৰ চকুলৈকে নাচায়৷ এই ক্ষেত্ৰত এক ব্যতিক্ৰমী অভিজ্ঞতাৰ সন্মুখীন হ’ল যুৱ সংবাদকৰ্মীগৰাকী৷ গুৱাহাটীৰ জয়ানগৰৰ ই এছ আই হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাওতে চিকিৎসকজনে স্বাস্থ্য ৰক্ষাৰ বাবে যুৱকজনক প্ৰাথমিক কেইটামান পৰামৰ্শ আগবঢ়ালে৷ যিকেইটা পৰামৰ্শ সেই যুৱককজনৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবেই অত্যন্ত প্ৰয়োজনীয়৷ 
আমাৰ অসুখ হ’লে দৰব খাওঁ, কেতিয়াবা ভাল পাওঁ আৰু কেতিয়াবা ভাল নাপাওঁ৷ ভাল নাপালে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ই এছ আই হাস্পতালৰ এইগৰাকী চিকিৎসকে যুৱ সংবাদকৰ্মীগৰাকীক প্ৰেছক্ৰিপচনখনৰ ঊধবৰ্লৈ গৈ স্বাস্থ্য ৰক্ষাৰ বাবে দিয়া পৰামৰ্শ মানি চলাটো সুস্থ-সৱল হৈ থাকিব বিচৰা যিকোনো লোকৰ বাবেই প্ৰয়োজনীয় বুলি অনুভৱ কৰিয়ে কথাখিনি ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ৷

এই যে আমি অনবৰতে জোতা-চেণ্ডেল পিন্ধি মাটিৰ সৈতে বিচ্ছিন্ন হৈ থাকোঁ, ইয়াৰ ফলত শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগৰ সৃষ্টি হয়৷ মাটিৰ সৈতে শৰীৰ বিচ্ছিন্ন হৈ থকাটো শৰীৰৰ বাবে ক্ষতিকাৰক৷ চিকিৎসকজনে যুৱকজনক ইয়াৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দিনত কমেও কুৰি মিনিট শুদা ভৰিৰে মাটিত খোজকাঢ়িবলৈ পৰামৰ্শ দিছে৷ খোজ নাকাঢ়িলেও শুদা ভৰিৰে মাটিৰ সৈতে সংপৃক্ত হৈ থাকিবলৈ কৈছে৷
বুকুৰ বিষৰ বাবে চিকিৎসকে যুৱকজনক এল’পেথিক ঔষধ দিয়াৰ উপৰি স্বাস্থ্য ৰক্ষাৰ বাবে সাধাৰণ কেইটামান নিয়ম মানি চলিবলৈ পৰামৰ্শ দিছে৷ মানৱ শৰীৰৰ যকৃত তথা লিভাৰ এটা অত্যন্ত লাগতিয়াল আৰু সংবেদনশীল অংগ৷ কেইদিনমান পূৰ্বে সীতাৰাম দলে নামৰ এগৰাকী জ্যেষ্ঠ নাগৰিকৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ৷ কৰ্কটৰ চতুৰ্থ স্তৰত ভুগি থকা মানুহজনে মুম্বাই আৰু চেন্নাইত চিকিৎসা কৰি অনুভৱ কৰিছে যে অসমৰ মানুহে অত্যধিক মাছ আৰু মাংস খায়৷ শেহতীয়াকৈ মানুহৰ মাজত জনপ্ৰিয় হোৱা গাহৰি মাংসৰ অতিমাত্ৰা ভোজনে মানৱ শৰীৰৰ ক্ষতি কৰে৷ গাহৰি, ছাগলী, গৰু, হাঁহ আদিৰ মাংসক ৰেড মিট হিচাপে ধৰা হয়৷ এইকেইবিধ পশু-পক্ষীৰ মাংসৰ অত্যধিক ভক্ষণ শৰীৰৰ বাবে ক্ষতিকাৰক৷ ই বিভিন্ন ৰোগৰ উৎস হৈ পৰাৰ লগতে যকৃতৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়৷ 

সুৰাৰ প্ৰচলনো অসমত বাঢ়ি আহিছে৷ গৰিষ্ঠসংখ্যক পুৰুষ-মহিলা তথা যুৱক-যুৱতীৰ মাজত সুৰা অবিহনে উৎসৱ উদ্যাপন অৰ্থহীন হৈছে৷ ফলত অসমত যকৃত ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ যুৱ সংবাদকৰ্মীগৰাকীক চিকিৎসকগৰাকীয়ে পৰাপক্ষত সকলো ধৰণৰ ৰেড মিটৰ পৰা আঁতৰি এক সুস্থ আৰু পৰিশীলিত জীৱন যাপন কৰিবলৈ পৰামৰ্শ দিছে৷ সকলো মাংসতকৈ ব্ৰয়লাৰৰ দাম কিছু কম আৰু ইয়াক খাবৰ পৰত দাঁতেও বৰ বেছি কষ্ট কৰিব নালাগে৷ আধুনিক মানুহৰ দাঁতৰ শক্তি  এনেকুৱা হৈ পৰিছে যে এই দাঁতে কুঁহিয়াৰ চোবাব নোৱাৰে৷ নাৰিকল এডোখৰ কামুৰি খাবলৈ অসুবিধা পায়৷ এই দাঁতৰ বাবে আটাইতকৈ সুবিধাজনক খাদ্যবিধেই হৈছে ব্ৰয়লাৰ মাংস৷ প্ৰয়োজনাধিক ব্ৰয়লাৰ মাংসই মানৱ শৰীৰত বিশেষকৈ যকৃতত কিধৰণে প্ৰভাৱ পেলায়, সেয়া যুৱকজনক চিকিৎসকে বুজাই দিছে৷ গোটেই কথাখিনি জনাৰ পাছত যিকোনো এজন মানুহ নিৰোগী হৈ থাকিবলৈ মাংস খোৱা বাদ দিবলৈ বাধ্য হ’ব৷
মাংস পৰিহাৰ কৰিবলৈ অনিচ্ছুক হোৱা বহু মানুহে প্ৰটিনৰ দোহাই দিয়ে৷ ঘাইকৈ প্ৰটিন আহৰণৰ বাবেই মাংস খোৱাটো অপৰিহাৰ্য বুলি ক’ব বিচাৰে৷ অমিতাভ বচ্ছন, ছাহিদ কাপুৰৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে এইসকল লোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি কিদৰে এটা সুস্থ-সৱল, নিৰোগী জীৱন কটাব পাৰিছে? এই প্ৰশ্নটো প্ৰটিনৰ বাবে মাংস খোৱাটো অপৰিহাৰ্য বুলি ভবা লোকসকলে এবাৰ নিজকে কৰক৷

চিকিৎসকগৰাকীক দেখুওৱাৰ পাছত যুৱ সংবাদকৰ্মীগৰাকীয়ে অনুভৱ কৰিছে– মানৱ শৰীৰত ৰেড মিটৰ সমানেই বিহৰ সৃষ্টি কৰে সুৰা আৰু ধুমপানে৷ সুৰা, ধুমপান, গুটখাজাতীয় খাদ্য আচলতে এটা এটা বিহ গুটি৷ এটা চিগাৰেট হুঁপি শেষ কৰোঁতে আপুনি বাহিৰলৈ যিমানখিনি ধোঁৱা এৰি দিলে, তাৰ ১০ গুণতকৈ অধিক ধোঁৱা নিজৰ শৰীৰৰ ভিতৰলৈ টানি আনিলে৷ শৰীৰৰ ভিতৰত এৰি দিয়া এই সমস্ত ধোঁৱাই মানৱ দেহটোৰ আভ্যন্তৰত কেনেকুৱা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, সেয়া আপুনি-মই বাহিৰৰ পৰা দেখা নাপাওঁ৷সুৰা কোনো কাৰণতে ঔষধ হ’ব নোৱাৰে৷ বহু সুৰাপায়ীয়ে অজুহাত উলিয়াই এপেগ-দুপেগ সুৰাই শৰীৰত ঔষধৰ দৰে কাম কৰে বুলি কয়৷ ইয়াৰ ভিত্তি আছে বুলি নাভাবো৷ সুৰাত আসক্ত মানুহে এপেগ-দুপেগত নিচা নিয়ন্ত্ৰণ কৰিব পাৰে জানো? সুৰা আৰু ধুমপান অসমত কৰ্কট ৰোগৰ অন্যতম কাৰক৷ কৰ্কটত আক্ৰান্ত লোকে সুৰাপায়ী আৰু ধুম্ৰপায়ী লোকক দেখিলে আতংকিত হোৱাৰ কাৰণ এইটোৱে৷

যিসকল যুৱক-যুৱতী তথা পুৰুষ-মহিলাই নিয়মীয়াকৈ ধুম্ৰপান কৰে, তেওঁলোকৰ শৰীৰত ইয়াৰ প্ৰভাৱ বছৰৰ পাছতে পৰিলক্ষিত হয়৷ ছাল ৰুক্ষ আৰু খহতা হৈ পৰে৷ মুখমণ্ডলত বয়সতকৈ অধিক চাপ পৰে৷ কৰ্কটৰ লগতে হৃদৰোগৰ আশংকা বৃদ্ধি পায়৷ এই কথাবোৰ যৌৱনত বৰ বেছি গুৰুত্ব নিদিয়াৰ বিষফল জীৱনৰ পাছৰ বয়সত ভোগ কৰে৷ তেতিয়া ভুলৰ শুধৰণিৰ বাবেও হাতত সময় নাথাকে৷ ৰুগীয়া শৰীৰ ঘৰখন, পৰিয়াল, সমাজ আৰু দেশৰ বাবে দাঙিব নোৱৰা বোজা৷

প্ৰকৃতি অবিহনে জীৱন এক যন্ত্ৰ৷ মাটিৰ সৈতে, প্ৰকৃতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব নোৱৰা জীৱন ৰুগীয়া হোৱাই নহয়, মানসিক আৰু শাৰীৰিকভাৱে ৫০তে ৭০ বছৰীয়া হৈ পৰে৷ কেৱল এয়াই নহয়, প্ৰকৃতিৰ পৰা জীৱনৰ আনন্দ বুটলিব নজনা মানুহ ধন-সম্পত্তিৰ দৌল সাজিও সুখী হোৱাৰ উদাহৰণ ক’তো নাই৷ যি সুখেৰে প্ৰয়াত লক্ষ্যধৰ চৌধুৰী, নৱকান্ত বৰুৱা, সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীকে আদি কৰি বৰ্তমানৰ নানা পাটেকাৰ, যাদৱ পায়েং, ইমৰান শ্বাহ আদি সুখী, সেই সুখ ভূমিৰ পৰা আঁতৰি যশ-খ্যাতি বোটলাসকলে পাইছে জানো? ব্যক্তিগতভাৱে গুৱাহাটীৰ এনেকুৱা বহু মানুহক জানো, যি অত্যন্ত প্ৰতিভাশালী৷ এই প্ৰতিভাশালী ব্যক্তিও জীৱন যুঁজত ধৰাশায়ী হৈ আত্মহত্যাৰ কথা ভাবিছিল৷ তেওঁলোকে কিন্তু হঠাতে সিদ্ধান্ত সলনি কৰিছিল৷ মন দৃঢ় কৰি আৰম্ভ কৰিলে প্ৰাতঃভ্ৰমণ৷ পুৱা পাঁচ বজাতে ঘৰৰ পৰা ওলাই গৈ এঘণ্টাৰ অধিক সময় খোজকঢ়াৰ লগতে সাধাৰণ কেইটামান ব্যায়াম কৰিয়ে জীৱনক নতুনকৈ আৱিষ্কাৰ কৰিলে৷ 

এই যে ঘৰৰ পৰা প্ৰাতঃভ্ৰমণলৈ বুলি খোজকাঢ়ি ওলাই যায়, এই সময়তে তেওঁলোক পোনপটীয়াকৈ প্ৰকৃতিৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছিল৷ গছ-বিৰিখ, চৰাই-চিৰিকতিৰ মাত, পুৱাৰ আকাশ হেঙুলীয়া কৰি হোৱা সূৰ্যোদয় আৰু ৰাজপথত প্ৰাণোচ্ছল যৌৱনদীপ্ত যুৱক-যুৱতীৰ খোজকঢ়া, জগিং কৰা তথা বিভিন্ন বয়সৰ লোকৰ শাৰীৰিক অনুশীলন দেখি দেখিয়ে সমস্ত নিচাৰ পৰা নিজক হেলাৰঙে আঁতৰাই জীৱনক নতুনকৈ আৱিষ্কাৰ কৰিছে৷ সূৰ্যোদয়ৰ  পাছত বিছনা এৰা মানুহে প্ৰকৃতিৰ সৌন্দৰ্য কি, সেয়া কেতিয়াও উপলব্ধি কৰিব নোৱাৰে৷ তেওঁলোকে ইয়াকো নাজানে জীৱনক কিদৰে উদযাপন কৰিব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement