--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ পূৰ্বে 'ছিমি'-এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়ক শ্বৰ্ট এনিমেশ্যন ফেষ্টিভেলতো শ্রেষ্ঠ চুটি ছবি হিচাপে সন্মানিত হৈছিল।

ডিজিটেল ডেস্ক: ভাৰতীয় এনিমেশ্যন ছবি জগতলৈ ইতিপূর্বে গৌৰৱ কঢ়িওৱা ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত এনিমেটেড চুটি ছবি 'ছিমি'-এ সন্মানজনক 'এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ'ত শ্রেষ্ঠ চুটি ছবি শাখাত 'অনাৰেবল মেনশ্যন' (Honourable Mention) সন্মান লাভ কৰি আন এক খ্যাতি অর্জন কৰিছে। এই সন্মানে এনিমেটেড চুটি ছবি জগতত 'ছিমি'ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে।


ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে 'ছিমি'-এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়ক শ্বৰ্ট এনিমেশ্যন ফেষ্টিভেলতো শ্রেষ্ঠ চুটি ছবি হিচাপে সন্মানিত হৈছিল। 


এনিমেটেড চুটি ছবিখনৰ এই সফলতাই অসমৰ পৰা নিৰ্মিত এক ব্যতিক্রমী শিল্পকর্মক বিশ্বজুৰি বিশেষ স্বীকৃতি প্রদান কৰিছে। 'ছিমি' হৈছে এখন এনিমেটেড চুটি ছবি, য'ত কাহিনী উপস্থাপনৰ কৌশল, অনুভূতি আৰু শিল্পসুলভ কল্পনাৰ এক সন্মোহিনী সমন্বয় পৰিলক্ষিত হয়। ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী, চিত্রনাট্য আৰু পৰিচালনাত নির্মিত ছবিখনে এনিমেশ্যনক এক শক্তিশালী মাধ্যম হিচাপে প্রতিষ্ঠা কৰিছে। ইয়াৰ জৰিয়তে ভৌগোলিক আৰু সাংস্কৃতিক পৰিসীমা অতিক্রম কৰি গভীৰ মানৱীয় কাহিনী উপস্থাপন কৰিব পাৰি। ছবিখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই। তেওঁলোকৰ উৎসাহ, সহযোগিতা তথা সৃষ্টিশীল চিন্তাধাৰাৰ ফলতে 'ছিমি' আন্তঃৰাষ্ট্ৰীয় মঞ্চত এখন সমাদৃত আৰু সফল চলচ্চিত্র হিচাপে জিলিকি উঠিছে। 


এই আন্তর্জাতিক স্বীকৃতি সন্দৰ্ভত 'ছিমি'ৰ পৰিচালক ড° পাৰ্থসাৰথি মহন্তই দর্শক, বিচাৰক আৰু ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে এনে সন্মানে এই প্রান্তটোত সৃষ্টি হোৱা অৰ্থপূর্ণ কাহিনীৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ আৰু সমাদৰ বৃদ্ধি পোৱাৰ দিশটো পুনৰ নিশ্চিত কৰিছে আৰু চলচ্চিত্ৰ নির্মাতাসকলক নতুন নতুন সৃষ্টিৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱসমূহত 'ছিমি'ৰ ধাৰাবাহিক সফলতা কেৱল ছবি নির্মাতাৰ বাবেই নহয়, অসমৰ সৃষ্টিশীল সমাজখনৰ বাবেও গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে আঞ্চলিক প্রতিভাই নিজৰ মৌলিকতা, সত্যতা আৰু শিল্পগুণৰ বলত বিশ্বমঞ্চত প্রতিযোগিতাত নামি সফলতা লাভ কৰাৰ অসীম সম্ভাৱনা প্রতিফলিত হৈছে। 


ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এতিয়া গ্ৰীচত লাভ কৰা সন্মানৰ ধাৰাবাহিকতাৰে 'ছিমি'-এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱসমূহত নিজৰ অনুপ্ৰেৰণাদায়ক যাত্রা অব্যাহত ৰাখিছে আৰু লগত কঢ়িয়াই লৈ ফুৰিছে অসমৰ কণ্ঠস্বৰ, কল্পনাশক্তি আৰু কাহিনী এটাক প্ৰক্ষেপ কৰাৰ কৌশল। ছবিখনে পূৰ্বে লাভ কৰা সন্মানসমূহ হ'ল শ্রেষ্ঠ চুটি ছবি (জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ), শ্রেষ্ঠ চুটি ছবি (নিউয়র্ক শ্বর্ট এনিমেশ্যন ফেষ্টিভেল)।

উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক