ডিজিটেল ডেস্ক: ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী আৰু তৃতীয় বৃহত্তম চাহ ৰপ্তানিকাৰী দেশ। ইয়াৰ ভিতৰত অসমে অকলে দেশৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশতকৈ অধিক যোগান ধৰে। কিন্তু কালি জলবায়ু পৰিৱৰ্তনে এই ঐতিহ্যবাহী শিল্পটোক এক গভীৰ অস্তিত্বৰ সংকটত পেলাইছে।
দ্য ইউনাইটেড প্লেন্টাৰ্ছ এছ'চিয়েশ্যন অব্ ছাউথার্ন ইণ্ডিয়া (ইউ পি এ এছ আই)ৰ চাহ গৱেষণা ফাইণ্ডেশ্যন আৰু টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ গৱেষকসকলে ১৯৯৬ চনৰ পৰা ২০২৫ চনলৈ ৩০ বছৰৰ জলবায়ু তথ্য বিশ্লেষণ কৰি লাভ কৰা এই সংকটৰ এক বিস্তৃত গবেষণা পত্ৰ শেহতীয়াভাৱে প্রকাশ পাইছে 'ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট' নামৰ এখন জাৰ্ণেলত। এই গৱেষণা পত্ৰত প্ৰকাশ পোৱা আটাইতকৈ চিন্তনীয় দিশটো হ'ল জলবায়ু পৰিৱৰ্তনৰ এই ধাৰা অব্যাহত থাকিলে অসমত অহা ২০৭০ বর্ষলৈকে চাহ শিল্প বাচি থকাই কঠিন হ'ব।
উল্লেখযোগ্য যে চাহ গছৰ সক্ৰিয় বৃদ্ধিৰ বাবে ৩০°চেলছিয়াছ-৩২°চেলছিয়াছ তাপমান আৰু ৮০ শতাংশতকৈ অধিক আর্দ্রতাৰ প্ৰয়োজন। তাপমান ৩৫° চেলছিয়াছ অতিক্ৰম কৰিলে বা ১৩০ চেলছিয়াছ তললৈ নামিলে চাহ গছত শাৰীৰিক চাপ পৰে। গৱেষণাত দেখা গৈছে যে অসমৰ দক্ষিণ পাৰ আৰু পশ্চিম বংগৰ নাগ্ৰাকাটাত সর্বোচ্চ তাপমান দীর্ঘম্যাদী গড়তকৈ ১.১° চেলছিয়াছ-১.৩° চেলছিয়াছ বৃদ্ধি পাইছে। একে সময়তে ২০২৫ চনত অসমত সর্বনিম্ন তাপমান ১.৮° চেলছিয়াছ হ্রাস পাইছে, আনহাতে নাগ্রাকাটাত ই ১.৩° চেলছিয়াছ বৃদ্ধি পাইছে। এই দ্রুত তাৰতম্যই চাহ পাতত পলিফেনলিক কেটেচিন আৰু মিথাইলজেন্থিনৰ পৰিমাণ কমাই দিয়ে, যাৰ ফলত চাহৰ গুণমান হ্রাস পায়। কেৰালাৰ হাইৰেঞ্জত সর্বোচ্চ আৰু সৰ্বনিম্ন তাপমানৰ মাজৰ ব্যৱধান ক্ৰমাৎ বাঢ়িছে, যিটো চাহ বাগিচাৰ বাবে অশুভ সংকেত।
গৱেষণা অনুযায়ী মাহিলি গড় তাপমান ২৬.৬০ চেলছিয়াছ অতিক্ৰম কৰিলে চাহ উৎপাদন ৩.৮ শতাংশ হ্রাস পায়। ২৮০ চেলছিয়াছত অতিৰিক্ত ১০ চেলছিয়াছ বৃদ্ধিতে উৎপাদন আৰু ৩.৮ শতাংশ কমে। অসমত প্রতি ১০ চেলছিয়াছ তাপমান বৃদ্ধিত উৎপাদন ০.০৮৭ টন প্রতি হেক্টৰত হ্রাস পোৱাৰ তথ্য পোৱা গৈছে। আনহাতে চাহ খেতিৰ বাবে বছৰত ১,৫০০-৩,০০০ মিলিমিটাৰ সমবিতৰণযুক্ত বৰষুণৰ দৰকাৰ। কিন্তু গৱেষণাত দেখা গৈছে যে এই ভাৰসাম্য ক্ৰমাৎ বিনষ্ট হৈছে।
২০২৫ চনত অসমত মুঠ বার্ষিক বৰষুণ ৩৬৪ মিলিমিটাৰ আৰু নাগ্রাকাটাত ৮৮ মিলিমিটাৰ হ্রাস পাইছে। মৌচুমী বৰষুণ কমাৰ লগতে বৰষুণৰ বিতৰণ সংকুচিত হৈছে- অর্থাৎ বছৰৰ কম সময়ত অধিক বৰষুণ হৈছে। খৰাং অৱস্থাত কলি সৰি পৰা আৰু নতুন পাত নোলোৱাৰ ফলত উৎপাদন ৫৩ শতাংশ পর্যন্ত কমিব পাৰে। খৰাং আৰু অতিবৃষ্টিৰ পৰ্যায়ক্রমী প্ৰভাৱত বছৰি উৎপাদন ১১০.৮ কিল'গ্রাম প্রতি হেক্টৰত হ্রাস পোৱাৰ তথ্য আছে। তামিলনাডু আৰু কেৰালাত সামগ্রিক বৰষুণ বাঢ়িলেও মৌচুমী বৰষুণ হ্রাস পোৱাটো উদ্বেগজনক, কাৰণ এই অঞ্চলত ৭০-৭৫ শতাংশ বৰষুণ দক্ষিণ-পশ্চিম মৌচুমীৰ ওপৰত নিৰ্ভৰশীল।
অসম আৰু পশ্চিম বংগত ১৯৯৬ৰ পৰা ২০২৫ চনলৈ ৰাতিপুৱা আৰু আবেলি উভয় সময়তে আপেক্ষিক আর্দ্রতা উল্লেখযোগ্যভাৱে হ্রাস পাইছে। ২০২৫ চনত আবেলিৰ আর্দ্রতা উভয় অঞ্চলতে প্রায় ২ শতাংশ কমিছে। কম আর্দ্রতাই চাহ গছৰ সালোক সংশ্লেষণ আৰু নতুন কলি গঠনত বাধা দিয়ে। ইয়াৰ উপৰি উষ্ণতা বৃদ্ধিৰ ফলত পোক-পতংগ আৰু ৰোগৰ প্রকোপ বাঢ়িছে, যিয়ে উৎপাদন অতিৰিক্ত ১২-১৫ শতাংশ হ্রাস কৰে। ভৱিষ্যতৰ দৃষ্টিভংগীত আশংকাজনক কথাটো হ'ল আগন্তুক ২০৭০ চনলৈ অসমৰ উত্তৰ আৰু দক্ষিণপাৰৰ লগতে কাছাৰ অঞ্চল চাহ খেতিৰ বাবে প্রত্যাহ্বান হৈ পৰিব। লগতে শতিকাৰ মাজভাগলৈ বার্ষিক চাহ উৎপাদন ১২ শতাংশ হ্রাস পোৱাৰ সম্ভাৱনা আছে। গৱেষকসকলে কেইটামান জৰুৰী পদক্ষেপৰ পৰামৰ্শ দিছে। কৃষিগত দিশত খৰাং সহনশীল জাত যেনে উত্তৰ ভাৰতত টি ভি-১৮, টি টি আৰ-১১ আৰু দক্ষিণ ভাৰতত ইউ পি এ এছ আই-৯, ইউ পি এ এছ আই-২৮ ৰোপণৰ পৰামৰ্শ দিয়া হৈছে।
Albizzia chinensis, Derris robusta-ৰ দৰে স্থায়ী ছাঁ গছ ৰোপণৰ ফলত তাপমান নিয়ন্ত্রণ আৰু কাৰ্বন সংৰক্ষণ- উভয় কাম কৰিব বুলি কোৱা হৈছে। জৈৱ সাৰ, মালচিং আৰু বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থাই খৰাং পৰিস্থিতিত মাটিৰ আর্দ্রতা বজাই ৰখাত সহাযক হোৱাৰ কথাও গৱেষণা পত্ৰত উল্লেখ কৰিছে। জলবায়ু পৰিৱৰ্তন ভাৰতীয় চাহ শিল্পৰ বাবে এক তাৎক্ষণিক সংকট হৈ পৰিছে। লক্ষাধিক শ্রমিক আৰু কৃষকৰ জীৱিকা সুৰক্ষিত ৰাখিবলৈ হ'লে বিজ্ঞান, কৃষি আৰু নীতি-নিৰ্মাণৰ সমন্বিত আৰু তৎকালীন পদক্ষেপৰ বাহিৰে কোনো বিকল্পৰ পথ নাই বুলিও সতর্কতা জাৰি কৰিছে। উৎস: দৈনিক জনমভূমি