--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে দেশৰ কিছুমান অংশত খুচুৰা পাম্পসমূহত হঠাতে ডিজেলৰ বিক্ৰী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয়।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে সাধাৰণ গ্ৰাহকৰ বাবে ডিজেলৰ ক্ৰয়ৰ সৰ্বাধিক সীমা নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে জাৰি কৰা এটা নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা সাধাৰণ গ্রাহকে পেট্রল পাম্পৰ পৰা এদিনত সৰ্বাধিক ২০০ লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব। পেট্রল পাম্পৰ পৰা ক্ৰয় কৰা এই ডিজেলৰ পুনৰ বিক্ৰীত সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।


ইয়াৰ লগতে কাৰখানা আৰু বাণিজ্যিক ব্যৱহাৰকাৰীয়ে এতিয়াৰ পৰা খুচুৰা বিক্ৰী কেন্দ্ৰ অৰ্থাৎ পেট্রল পাম্পৰ পৰা ডিজেল ক্ৰয় কৰিব নোৱাৰিব। এনে ব্যৱহাৰকাৰীয়ে বাল্ক চেল পইণ্টৰ পৰাহে ডিজেল ক্ৰয় কৰিব পাৰিব। এই নিষেধাজ্ঞা অহা ৯০ দিনৰ বাবে কাৰ্যকৰী হৈ থাকিব। 


চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে দেশৰ কিছুমান অংশত খুচুৰা পাম্পসমূহত হঠাতে ডিজেলৰ বিক্ৰী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয়। চৰকাৰে লগতে কয় যে এই সিদ্ধান্তৰ ফলত সাধাৰণ উপভোক্তাৰ বাবে ইন্ধনৰ নাটনি নহয়। পেট্রলিয়াম মন্ত্ৰ্যালয় 'মটৰ স্পিৰিট এণ্ড হাই স্পীড ডিজেল (টেম্পৰেৰী ৰেগুলেশ্যন অব ছাপ্লাই থ্র' ৰিটেইল আউটলেট) অৰ্ডাৰ ২০২৬'ৰ অধীনত এই নির্দেশ জাৰি কৰিছে। ইয়াৰ অধীনত কোনো কাৰখানা, বাণিজ্যিক প্রতিষ্ঠান বা ডাঙৰ প্ৰতিষ্ঠানে সাধাৰণ গাড়ীৰ বাবে পেট্রল পাম্পৰ পৰা পেট্রল আৰু ডিজেল ক্ৰয় কৰিব নোৱাৰিব।


এনে কাৰখানা বা বাণিজ্যিক প্রতিষ্ঠানে নিজে ঠিক কৰি লোৱা উপভোক্তা বা বাল্ক যোগানকাৰীৰ পৰা তেল ক্ৰয় কৰিব লাগিব। নতুন নির্দেশ অনুসৰি খুচুৰা পেট্রল পাম্পৰ পৰা এতিয়াৰ পৰা কেৱল গাড়ীৰ ইন্ধন টেংকী বা পেট্রলিয়াম এণ্ড এক্সপ্ল'ছিভ ছেফটি অর্গেনাইজেশ্যনৰ (পি এ এছ অ') অনুমোদিত পাত্ৰতহে তেল ক্রয় কৰিব পাৰিব। ইয়াৰ লগতে যিকোনো গ্রাহক বা গাড়ীয়ে এদিনত সর্বাধিক ২০০ লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব। 


মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, দেশৰ কিছুমান স্থানত খুচুৰা পেট্রল পাম্পত হঠাতে পেট্রল আৰু ডিজেলৰ বিক্ৰী বহুত বেছি বৃদ্ধি পায়। পাছত অনুসন্ধান কৰি লাভ কৰা তথ্যৰ পৰা জানিব পৰা মতে, খুচুৰা আৰু বাল্ক দামৰ মাজত থকা বৃহৎ ব্যৱধানৰ বাবে কাৰখানা আৰু বাণিজ্যিক প্রতিষ্ঠানসমূহে পাইকাৰী বিতৰকৰ পৰা তেল লোৱাটো বন্ধ কৰি দিয়ে আৰু পেট্রল পাম্পলৈ গাড়ী প্ৰেৰণ কৰি তেল ক্ৰয় কৰিবলৈ লয়। ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ বাবে তেলৰ নাটনি হোৱাৰ আশংকাৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে ৰাজধানী দিল্লীত খুচুৰা পেট্রল পাম্পত প্রতি লিটাৰ ডিজেলৰ দাম ৯৫.২০ টকা। ইয়াৰ বিপৰীতে, বাল্ক ডিজেলৰ দাম হ'ল ১৩৪.৫০ টকা। দুয়োবিধৰ মাজত প্রায় ৩৯ টকাৰ ব্যৱধান আছে। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ