--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে দেশৰ কিছুমান অংশত খুচুৰা পাম্পসমূহত হঠাতে ডিজেলৰ বিক্ৰী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয়।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে সাধাৰণ গ্ৰাহকৰ বাবে ডিজেলৰ ক্ৰয়ৰ সৰ্বাধিক সীমা নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে জাৰি কৰা এটা নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা সাধাৰণ গ্রাহকে পেট্রল পাম্পৰ পৰা এদিনত সৰ্বাধিক ২০০ লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব। পেট্রল পাম্পৰ পৰা ক্ৰয় কৰা এই ডিজেলৰ পুনৰ বিক্ৰীত সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।


ইয়াৰ লগতে কাৰখানা আৰু বাণিজ্যিক ব্যৱহাৰকাৰীয়ে এতিয়াৰ পৰা খুচুৰা বিক্ৰী কেন্দ্ৰ অৰ্থাৎ পেট্রল পাম্পৰ পৰা ডিজেল ক্ৰয় কৰিব নোৱাৰিব। এনে ব্যৱহাৰকাৰীয়ে বাল্ক চেল পইণ্টৰ পৰাহে ডিজেল ক্ৰয় কৰিব পাৰিব। এই নিষেধাজ্ঞা অহা ৯০ দিনৰ বাবে কাৰ্যকৰী হৈ থাকিব। 


চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে দেশৰ কিছুমান অংশত খুচুৰা পাম্পসমূহত হঠাতে ডিজেলৰ বিক্ৰী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয়। চৰকাৰে লগতে কয় যে এই সিদ্ধান্তৰ ফলত সাধাৰণ উপভোক্তাৰ বাবে ইন্ধনৰ নাটনি নহয়। পেট্রলিয়াম মন্ত্ৰ্যালয় 'মটৰ স্পিৰিট এণ্ড হাই স্পীড ডিজেল (টেম্পৰেৰী ৰেগুলেশ্যন অব ছাপ্লাই থ্র' ৰিটেইল আউটলেট) অৰ্ডাৰ ২০২৬'ৰ অধীনত এই নির্দেশ জাৰি কৰিছে। ইয়াৰ অধীনত কোনো কাৰখানা, বাণিজ্যিক প্রতিষ্ঠান বা ডাঙৰ প্ৰতিষ্ঠানে সাধাৰণ গাড়ীৰ বাবে পেট্রল পাম্পৰ পৰা পেট্রল আৰু ডিজেল ক্ৰয় কৰিব নোৱাৰিব।


এনে কাৰখানা বা বাণিজ্যিক প্রতিষ্ঠানে নিজে ঠিক কৰি লোৱা উপভোক্তা বা বাল্ক যোগানকাৰীৰ পৰা তেল ক্ৰয় কৰিব লাগিব। নতুন নির্দেশ অনুসৰি খুচুৰা পেট্রল পাম্পৰ পৰা এতিয়াৰ পৰা কেৱল গাড়ীৰ ইন্ধন টেংকী বা পেট্রলিয়াম এণ্ড এক্সপ্ল'ছিভ ছেফটি অর্গেনাইজেশ্যনৰ (পি এ এছ অ') অনুমোদিত পাত্ৰতহে তেল ক্রয় কৰিব পাৰিব। ইয়াৰ লগতে যিকোনো গ্রাহক বা গাড়ীয়ে এদিনত সর্বাধিক ২০০ লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব। 


মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, দেশৰ কিছুমান স্থানত খুচুৰা পেট্রল পাম্পত হঠাতে পেট্রল আৰু ডিজেলৰ বিক্ৰী বহুত বেছি বৃদ্ধি পায়। পাছত অনুসন্ধান কৰি লাভ কৰা তথ্যৰ পৰা জানিব পৰা মতে, খুচুৰা আৰু বাল্ক দামৰ মাজত থকা বৃহৎ ব্যৱধানৰ বাবে কাৰখানা আৰু বাণিজ্যিক প্রতিষ্ঠানসমূহে পাইকাৰী বিতৰকৰ পৰা তেল লোৱাটো বন্ধ কৰি দিয়ে আৰু পেট্রল পাম্পলৈ গাড়ী প্ৰেৰণ কৰি তেল ক্ৰয় কৰিবলৈ লয়। ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ বাবে তেলৰ নাটনি হোৱাৰ আশংকাৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে ৰাজধানী দিল্লীত খুচুৰা পেট্রল পাম্পত প্রতি লিটাৰ ডিজেলৰ দাম ৯৫.২০ টকা। ইয়াৰ বিপৰীতে, বাল্ক ডিজেলৰ দাম হ'ল ১৩৪.৫০ টকা। দুয়োবিধৰ মাজত প্রায় ৩৯ টকাৰ ব্যৱধান আছে। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু