--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কিছুদিন পূৰ্বেও একেই পৰিয়ালটোৰ প্ৰায় এক লাখ টকা মূল্যৰ এটা গৰু চোৰে চুৰি কৰি লৈ গৈছিল। সেই ক্ষতিৰ পৰা এতিয়াও স্বাভাৱিকভাৱে ঘূৰি উঠিব নোৱাৰোঁতেই পুনৰ একেলগে পাঁচটা গৰু চুৰি হোৱাত সম্পূৰ্ণৰূপে অসহায় আৰু সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো।

ডিজিটেল ডেস্ক: একমাত্ৰ গৰুৰ গাখীৰ বিক্ৰী কৰিয়েই চলি আছিল এটা দৰিদ্ৰ পৰিয়াল। সেই উপাৰ্জনৰেই ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ বহন কৰাৰ লগতে দৈনন্দিন জীৱন-জীৱিকাও নিৰ্বাহ কৰি আহিছিল তেওঁলোকে। কিন্তু এৰাতিৰ ভিতৰতে যেন থানবান হৈ পৰিল পৰিয়ালটোৰ সকলো সপোন। যোৱা নিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে গোহালিত প্ৰৱেশ কৰি একেলগে পাঁচটা গৰু চুৰি কৰি লৈ যায়। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ধিঙৰ মোৱামাৰীৰ বিৰিঙাবাড়ী গাঁৱৰ লতিবুৰ ৰহমানৰ বাসগৃহত।


এই ঘটনাৰ পাছতেই গভীৰ হতাশা আৰু অনিশ্চয়তাৰ মাজত প্ৰতিটো মুহূৰ্ত কটাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটো। যি গৰুৰ গাখীৰ বিক্ৰী কৰি তেওঁলোকে সংসাৰ চলাইছিল, সেই গৰুসমূহ হেৰুৱাই এতিয়া প্ৰতিটো মুহূৰ্ত চকুলোৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তাতোকৈ উদ্বেগজনক কথাটো হ'ল, কিছুদিন পূৰ্বেও একেই পৰিয়ালটোৰ প্ৰায় এক লাখ টকা মূল্যৰ এটা গৰু চোৰে চুৰি কৰি লৈ গৈছিল। সেই ক্ষতিৰ পৰা এতিয়াও স্বাভাৱিকভাৱে ঘূৰি উঠিব নোৱাৰোঁতেই পুনৰ একেলগে পাঁচটা গৰু চুৰি হোৱাত সম্পূৰ্ণৰূপে অসহায় আৰু সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো। 


চুৰি হোৱা গৰু কেইটাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। এই চুৰিৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত আতংকৰ পৰিৱেশৰো সৃষ্টি কৰিছে। অতি শীঘ্ৰেই চোৰক গ্ৰেপ্তাৰ কৰি চুৰি হোৱা গৰুসমূহ উদ্ধাৰ কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ধিং আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু