ডিজিটেল ডেস্ক : স্বাভাৱিকভাৱে
ভিটামিন-ডি তৈয়াৰ কৰিবলৈ শৰীৰক সূৰ্য্যৰ তাপৰ প্ৰয়োজন। কিন্তু ৰ’দত বেছি সময় থাকিলে
ছালৰ ক্ষতি হ’ব বুলি ভাবি বাহিৰলৈ ওলাই যাব নিবিচাৰে। আৰু বহুতে গৰমত ৰ’দত বহি থাকে,
ভিটামিন-ডি প্ৰস্তুত পোৱা বুলি ভাবি। বিশেষজ্ঞসকলৰ মতে ভিটামিন-ডি কেৱল হাড়ৰ বাবেই
গুৰুত্বপূৰ্ণ নহয়। ভিটামিন-ডিয়ে বহুতো প্ৰটিন আৰু এনজাইম গঠনতো সহায় কৰে যিয়ে ৰোগ
প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।
ভিটামিন-ডিৰ অভাৱত হাড় আৰু পেশী ক্ষয়, চুলি সৰা, হঠাতে খং উঠা, ওজন বৃদ্ধি, উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণে দেখা দিব পাৰে। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ যিকোনো সময়তে শৰীৰে সূৰ্যৰ পোহৰ লাভ কৰিলে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডি উৎপাদন কৰিব পাৰে। কিন্তু এই সময়ত ৰ’দৰ তীব্ৰতা অধিক হয়, গতিকে বেছি সময় ৰ’দত থকাৰ প্ৰয়োজন নাই। কিন্তু এজন ব্যক্তিৰ শৰীৰে কিমান সূৰ্য্যৰ পোহৰ শোষণ কৰে সেয়া নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ ছালৰ ৰঙৰ ওপৰত।
পুষ্টিবিদ লিমা মহাজনে কয় যে ‘যিসকলৰ ছালৰ ৰং ক’লা, তেওঁলোকে কমেও আধা ঘণ্টা ৰ’দত থাকিব লাগে। তুলনামূলকভাৱে ১৫ মিনিটতকৈ অধিক সময় সূৰ্য্যৰ পোহৰত থকাৰ প্ৰয়োজন নাথাকে। ইয়াৰ বাহিৰেও ছালত প্ৰত্যক্ষ সূৰ্য্যৰ তাপ নিদি পাতল বা বগা ৰঙৰ কাপোৰ পিন্ধিলে ৰ’দত থাকিলেও ছালৰ ক্ষতিৰ পৰা বহুখিনি পৰা হাত সাৰিব পাৰি।