--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাভাৱিকভাৱে ভিটামিন-ডি তৈয়াৰ কৰিবলৈ শৰীৰক সূৰ্য্যৰ তাপৰ প্ৰয়োজন। কিন্তু ৰ’দত বেছি সময় থাকিলে ছালৰ ক্ষতি হ’ব বুলি ভাবি বাহিৰলৈ ওলাই যাব নিবিচাৰে। আৰু বহুতে গৰমত ৰ’দত বহি থাকে, ভিটামিন-ডি প্ৰস্তুত পোৱা বুলি ভাবি। বিশেষজ্ঞসকলৰ মতে ভিটামিন-ডি কেৱল হাড়ৰ বাবেই গুৰুত্বপূৰ্ণ নহয়। ভিটামিন-ডিয়ে বহুতো প্ৰটিন আৰু এনজাইম গঠনতো সহায় কৰে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।

 ভিটামিন-ডিৰ অভাৱত হাড় আৰু পেশী ক্ষয়, চুলি সৰা, হঠাতে খং উঠা, ওজন বৃদ্ধি, উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণে দেখা দিব পাৰে। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ যিকোনো সময়তে শৰীৰে সূৰ্যৰ পোহৰ লাভ কৰিলে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডি উৎপাদন কৰিব পাৰে। কিন্তু এই সময়ত ৰ’দৰ তীব্ৰতা অধিক হয়, গতিকে বেছি সময় ৰ’দত থকাৰ প্ৰয়োজন নাই। কিন্তু এজন ব্যক্তিৰ শৰীৰে কিমান সূৰ্য্যৰ পোহৰ শোষণ কৰে সেয়া নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ ছালৰ ৰঙৰ ওপৰত।

 পুষ্টিবিদ লিমা মহাজনে কয় যে ‘যিসকলৰ ছালৰ ৰং ক’লা, তেওঁলোকে কমেও আধা ঘণ্টা ৰ’দত থাকিব লাগে। তুলনামূলকভাৱে ১৫ মিনিটতকৈ অধিক সময় সূৰ্য্যৰ পোহৰত থকাৰ প্ৰয়োজন নাথাকে। ইয়াৰ বাহিৰেও ছালত প্ৰত্যক্ষ সূৰ্য্যৰ তাপ নিদি পাতল বা বগা ৰঙৰ কাপোৰ পিন্ধিলে ৰ’দত থাকিলেও ছালৰ ক্ষতিৰ পৰা বহুখিনি পৰা হাত সাৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা