--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেদ-পুৰাণৰ দৰে বহু গ্ৰন্থক হিন্দু ধৰ্মত অত্যন্ত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত শ্ৰীমদ্ভাগৱত গীতা অন্যতম। মোক্ষদা একাদশীৰ দিনা গীতা জয়ন্তী পালন কৰা হয়। এইবাৰ ২০২২ চনৰ ৩ ডিচেম্বৰত শনিবাৰে গীতা জয়ন্তী উদযাপন কৰা হ’ব। ভাৰতৰ প্ৰায়বোৰ ঘৰতে শ্ৰীমদ্ভাগৱত গীতাক পূজাস্থলীত ৰখা হয় আৰু দৈনিক পূজা কৰা হয়। বহুতে প্ৰতিদিনে গীতা পঢ়ে। আনকি বাস্তু শাস্ত্ৰতো শ্ৰীমদ্ভাগৱত গীতাক সম্পূৰ্ণ শ্ৰদ্ধাৰে ঘৰত ৰখাটো শুভ বুলি কোৱা হয় যদিও গীতা ৰখাৰ ক্ষেত্ৰত হোৱা কিছু ভুলৰ বাবেও লোকচানৰ সৃষ্টি হয়। গতিকে গীতাক সঠিকভাৱে ঘৰত ৰখাৰ নিয়ম জানিলে ভাল।

শ্ৰীমদ্ভাগৱত গীতাক ঘৰত ৰখাৰ গুৰুত্বপূৰ্ণ নিয়ম

- যদি আপুনি শ্ৰীমদ্ভাগৱত গীতা ঘৰত ৰাখিছে, তেন্তে ঘৰৰ বিশুদ্ধতাৰ বিশেষ যত্ন লওক। মাজে মাজে ঘৰ চাফা কৰি থাকিব। বিশেষকৈ গীতা ৰখা ঠাইখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিশুদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখিব।

- শ্ৰীমদ্ভাগৱত গীতা ৰখা কোঠাত জোতা-চপ্পল পিন্ধি কেতিয়াও নোসোমাব। কোনো চামৰাৰ সামগ্ৰী নাৰখিব। এনে কৰিলে অতি অশুভ ফল পোৱা যায়।

- কেতিয়াও স্নান নকৰাকৈ গীতা স্পৰ্শ নকৰিব। জন্ম-মৃত্যুৰ সময়ত লগা চোৱাতো গীতা স্পৰ্শ নকৰিব। আনকি মন্দিৰত গীতা ৰখা ঠাইখনো গা ধোৱাৰ পিছতহে পৰিষ্কাৰ কৰিব লাগে। প্ৰয়োজন হ’লে চাফ-চিকুণ কৰাৰ পিছত পুনৰ গা ধুব লাগে।

- শ্ৰীমদ্ভাগৱত গীতা এখন অতি পবিত্ৰ গ্ৰন্থ, যিখন কেতিয়াও মাটিত ৰাখিব নালাগে। সদায় শ্ৰদ্ধাৰে ভাল স্থানত ৰাখক। গীতাক সকলো সময়তে খোলা ৰাখিব নালাগে। পঢ়াৰ পাছত গীতাখন বন্ধ কৰি ৰঙা কাপোৰেৰে মেৰিয়াই ৰাখিব। কাপোৰখনো পৰিষ্কাৰ আৰু মিহি হ’ব লাগে। গীতাখন ফটা বা ৰং সলনি হোৱা কাপোৰেৰে মেৰিয়াই নাৰাখিব।

- গীতা পাঠ কৰোতে মাজতে উঠি নাযাব। নতুবা কোনো অধ্যায় অসম্পূৰ্ণ কৰি নাৰাখিব। এটা অধ্যায় সম্পূৰ্ণ কৰক আৰু পৰৱৰ্তী সময়ত নতুন অধ্যায় এটা আৰম্ভ কৰক। লগতে গীতা পঢ়াৰ সময়ত মনটো শান্ত কৰি ৰাখক আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকক। একাদশীৰ দিনা গীতা পাঠ কৰক। ইয়াৰ দ্বাৰা অতি শুভ ফল পোৱা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা