--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেদ-পুৰাণৰ দৰে বহু গ্ৰন্থক হিন্দু ধৰ্মত অত্যন্ত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত শ্ৰীমদ্ভাগৱত গীতা অন্যতম। মোক্ষদা একাদশীৰ দিনা গীতা জয়ন্তী পালন কৰা হয়। এইবাৰ ২০২২ চনৰ ৩ ডিচেম্বৰত শনিবাৰে গীতা জয়ন্তী উদযাপন কৰা হ’ব। ভাৰতৰ প্ৰায়বোৰ ঘৰতে শ্ৰীমদ্ভাগৱত গীতাক পূজাস্থলীত ৰখা হয় আৰু দৈনিক পূজা কৰা হয়। বহুতে প্ৰতিদিনে গীতা পঢ়ে। আনকি বাস্তু শাস্ত্ৰতো শ্ৰীমদ্ভাগৱত গীতাক সম্পূৰ্ণ শ্ৰদ্ধাৰে ঘৰত ৰখাটো শুভ বুলি কোৱা হয় যদিও গীতা ৰখাৰ ক্ষেত্ৰত হোৱা কিছু ভুলৰ বাবেও লোকচানৰ সৃষ্টি হয়। গতিকে গীতাক সঠিকভাৱে ঘৰত ৰখাৰ নিয়ম জানিলে ভাল।

শ্ৰীমদ্ভাগৱত গীতাক ঘৰত ৰখাৰ গুৰুত্বপূৰ্ণ নিয়ম

- যদি আপুনি শ্ৰীমদ্ভাগৱত গীতা ঘৰত ৰাখিছে, তেন্তে ঘৰৰ বিশুদ্ধতাৰ বিশেষ যত্ন লওক। মাজে মাজে ঘৰ চাফা কৰি থাকিব। বিশেষকৈ গীতা ৰখা ঠাইখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিশুদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখিব।

- শ্ৰীমদ্ভাগৱত গীতা ৰখা কোঠাত জোতা-চপ্পল পিন্ধি কেতিয়াও নোসোমাব। কোনো চামৰাৰ সামগ্ৰী নাৰখিব। এনে কৰিলে অতি অশুভ ফল পোৱা যায়।

- কেতিয়াও স্নান নকৰাকৈ গীতা স্পৰ্শ নকৰিব। জন্ম-মৃত্যুৰ সময়ত লগা চোৱাতো গীতা স্পৰ্শ নকৰিব। আনকি মন্দিৰত গীতা ৰখা ঠাইখনো গা ধোৱাৰ পিছতহে পৰিষ্কাৰ কৰিব লাগে। প্ৰয়োজন হ’লে চাফ-চিকুণ কৰাৰ পিছত পুনৰ গা ধুব লাগে।

- শ্ৰীমদ্ভাগৱত গীতা এখন অতি পবিত্ৰ গ্ৰন্থ, যিখন কেতিয়াও মাটিত ৰাখিব নালাগে। সদায় শ্ৰদ্ধাৰে ভাল স্থানত ৰাখক। গীতাক সকলো সময়তে খোলা ৰাখিব নালাগে। পঢ়াৰ পাছত গীতাখন বন্ধ কৰি ৰঙা কাপোৰেৰে মেৰিয়াই ৰাখিব। কাপোৰখনো পৰিষ্কাৰ আৰু মিহি হ’ব লাগে। গীতাখন ফটা বা ৰং সলনি হোৱা কাপোৰেৰে মেৰিয়াই নাৰাখিব।

- গীতা পাঠ কৰোতে মাজতে উঠি নাযাব। নতুবা কোনো অধ্যায় অসম্পূৰ্ণ কৰি নাৰাখিব। এটা অধ্যায় সম্পূৰ্ণ কৰক আৰু পৰৱৰ্তী সময়ত নতুন অধ্যায় এটা আৰম্ভ কৰক। লগতে গীতা পঢ়াৰ সময়ত মনটো শান্ত কৰি ৰাখক আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকক। একাদশীৰ দিনা গীতা পাঠ কৰক। ইয়াৰ দ্বাৰা অতি শুভ ফল পোৱা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে