--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা বুধবাৰে জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক সন্ত্ৰাসবাদীক অৰ্থৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত আজীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে নিয়াৰ আদালতে। জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) নামৰ নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বী য়াছিন মালিক ইয়াৰ বাহিৰেও আন একাধিক গোচৰত  অভিযুক্ত হৈ আছে। 

এনে এক গোচৰতে সম্প্ৰতি য়াছিন মালিকৰ সৈতে সাঙোৰ খাই পৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুফতি মহম্মদ চৈয়দৰ কন্যা ৰুবাইয়া চৈয়দ। ১৯৮৯ চনৰ এক গোচৰ সংক্ৰান্তত চৈয়দলৈ আজি চমন জাৰি কৰিছে চিবিআই- এ। অৱশ্যে ৰুবাইয়াক এই গোচৰৰ সাক্ষী হিচাপে সাক্ষ্য প্ৰদান কৰিবলৈহে চমন জাৰি কৰা হৈছে। 

১৯৮৯ চনৰ ৮ ডিচেম্বৰত জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টে ৰুবাইয়া চৈয়দক অপহৰণ কৰিছিল। ৰুবাইয়াৰ মুক্তিপণ হিচাপে সংগঠনটোৱে তেওঁলোকৰ পাঁচজন বন্দী মুকলি কৰি দিবলৈ দাবী কৰিছিল। জেকেএলএফ- ৰ দাবী মানি লৈ সেই সময়ৰ বিজেপি সমৰ্থিত ভি পি সিং চৰকাৰে জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ পাঁচজন সন্ত্ৰাসবাদী সদস্যক মুকলি কৰি দিয়ে। সন্ত্ৰাসবাদী সদস্যকেইজনৰ মুক্তিৰ পাঁচ দিন পিছত ৰুবাইয়াকো বন্দীত্বৰ পৰা মুকলি কৰি দিয়ে জেকেএলএফে।

উক্ত গোচৰৰ সাক্ষী হিচাপে তদন্তকাৰী সংস্থা  চিবিআই- এ  ৰুবাইয়া চৈয়দক ১৫ জুলাইৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে। উল্লেখ্য যে জেকেএলএফৰ মুৰব্বী য়াছিন মালিক এই গোচৰটোৰ অন্যতম অভিযুক্ত।

যোৱা বৰ্ষৰ জানুৱাৰীত চিবিআইয়ে বিশেষ চৰকাৰী অধিবক্তা মনিকা কোহলী আৰু এছ কে ভাটৰ সহায়ত ৰুবাইয়া অপহৰণ গোচৰত মালিককে ধৰি ১০ জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। 

মালিককে ধৰি এই গোচৰৰ আন অভিযুক্তসকল হৈছে আলী মহম্মদ মীৰ, মহম্মদ জামান মীৰ, ইকবাল আহমেদ গাণ্ড্ৰু, জাভেদ আহমেদ মীৰ, মহম্মদ ৰফিক পাহলৌ, মঞ্জুৰ আহমেদ ছফি, ৱাজাহাত বছিৰ, মেহৰাজ-উদ-দিন শ্বেখ আৰু শওকত আহমেদ বক্সী।

চিবিআইৰ তদন্তৰ সময়ত অভিযুক্ত আলী মহম্মদ মীৰ, জামান মীৰ আৰু ইকবাল গাণ্ড্ৰুৱে ৰুবাইয়াৰ অপহৰণত তেওঁলোক জড়িত আছিল বুলি স্বেচ্ছাই দণ্ডাধীশৰ সন্মুখত স্বীকাৰ কৰে। তেওঁলোকৰ উপৰিও আন চাৰিজন অভিযুক্তই চিবিআইৰ আৰক্ষী অধীক্ষকৰ সন্মুখত স্বীকাৰোক্তিমূলক বিবৃতি দিছিল।

অভিযুক্ত সদস্যসকলে নিজৰ দোষ স্বীকাৰ কৰাৰ উপৰিও ৰুবাইয়াৰ অপহৰণ কাণ্ডত য়াছিন মালিক, জাভেদ আহমেদ মীৰ আৰু মেহৰাজ-ইউ-দিন শ্বেখ নামৰ আন কেইবাজনো অভিযুক্ত জড়িত থকাৰ কথা নিশ্চিত কৰিছিল। 

আদালতত দাখিল কৰা অভিযোগপত্ৰত চিবিআইয়ে এই ১০ গৰাকী সদস্যসহ মুঠ ২৪ গৰাকী অভিযুক্তৰ নাম  সন্নিবিষ্ট কৰিছে। অৱশ্যে গোচৰটোৰ দুই প্ৰধান অভিযুক্ত জেকেএলএফৰ শীৰ্ষ কমাণ্ডাৰ মহম্মদ ৰফিক দাৰ আৰু মুস্তাক আহমেদ লৌনৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে আন ১২ জন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। 

ইতিমধ্যে উক্ত গোচৰত সাক্ষ্যদান কৰা ১০ গৰাকী অভিযুক্তৰ সাক্ষ্যক পলাতক অভিযুক্ত সকলৰ বিৰুদ্ধে প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পৰা হ’ব বুলি যোৱা বৰ্ষৰ জানুৱাৰীত আদালতে ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement