--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ চিংৰৌলিত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। এগৰাকী ৩২ বছৰীয়া মহিলাই পলুৱাই নিয়ে এজন ১৬ বছৰীয়া নাবালক ল’ৰা। এতিয়া পিতৃ-মাতৃয়ে নাবালক পুত্ৰক বিচাৰি হাবাথুৰি খাই ফুৰিছে। দ্বাদশ শ্ৰেণীত পঢ়ি থকা খুটাৰবাসী কমলেশ শ্বাহৰ পুত্ৰই পিতৃ-মাতৃৰ অজ্ঞাতে ৩২ বছৰীয়া এগৰাকী মহিলাৰ সৈতে গাঁওবুঢ়াৰ নিৰ্দেশত বিবাহপাশত আবদ্ধ হৈছিল। 

গাঁওবুঢ়াৰ নিৰ্দেশত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ৩২ বছৰীয়া মহিলাগৰাকীয়ে ১৬ বছৰীয়া স্বামীৰ সৈতে পলায়ন কৰে। পিতৃয়ে আৰক্ষীকে ধৰি শিশু কল্যাণ সমিতিৰ ওচৰত অভিযোগ দাখিল কৰিছে। ইয়াৰ পিছতে এছ ডি এম ঋষি পাৱাৰৰ নেতৃত্বত এটা দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে চিংৰাউলীৰ কালেক্টৰ ৰাজীৱ ৰঞ্জন মীনাই। 

উল্লেখ্য যে বিবাহপাশত আবদ্ধ হোৱা ৩২ বছৰীয়া মহিলাগৰাকী খুটাৰ গাঁৱৰ বাসিন্দা, যাৰ প্ৰথম বিবাহ ৭ বছৰ আগতে হৈছিল কিন্তু ১ বছৰ শহুৰেকৰ ঘৰত থকাৰ পিছত মহিলাগৰাকীয়ে স্বামীক বিবাহ বিচ্ছেদ দি মাতৃগৃহত বাস কৰিছিল।ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ শক্তিনগৰত মাৰ্চ মাহত দ্বিতীয় বিবাহ কৰিছিল যদিও তাতো শান্তি নোপোৱাত তেওঁ পুনৰ মাতৃগৃহত থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছতেই ১৬ বছৰীয়া ল’ৰাজনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই কথাত ল’ৰাজনৰ পিতৃয়ে অশান্তি পোৱাত ল’ৰাজনৰ বিয়া অন্য এজনী ছোৱালীৰ সৈতে পাতি দিয়াৰ সিদ্ধান্ত লয়। 

বিয়াৰ সকলো প্ৰস্তুতি চলি আছিল, বিয়াৰ এই খবৰ পোৱাৰ লগে লগে মহিলাগৰাকীয়ে নাবালক প্ৰেমিকৰ ঘৰত উপস্থিত হৈ তাত হুলস্থুলৰ সৃষ্টি কৰিবলৈ ধৰিলে।গোটেই বিষয়টো পঞ্চায়তৰ ওচৰ পালেগৈ। তাত বিচাৰ চলিল আৰু দুই প্ৰেমিক-প্ৰেমিকাৰ সন্মতি ক্ৰমে বহু মানুহৰ উপস্থিতিত দুয়োকে বিয়া কৰাই দিলে। বিয়াৰ পিছত প্ৰেমিক-প্ৰেমিকা ঘৰত উপস্থিত হয় য'ত ল'ৰাজনৰ পিতৃ-মাতৃয়ে আপত্তি কৰে। ইয়াৰ পাছতেই নাবালক স্বামীক লৈ পলায়ন কৰে মহিলাগৰাকীয়ে। এতিয়া ল’ৰাটোৰ পিতৃ-মাতৃয়ে শিশু কল্যাণ আয়োগৰ চিংৰৌলিৰ কাৰ্যালয়ত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছে আৰু ন্যায়ৰ দাবী জনাইছে। বৰ্তমানলৈকে দুয়োৰে সন্ধান পোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ