--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ চিংৰৌলিত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। এগৰাকী ৩২ বছৰীয়া মহিলাই পলুৱাই নিয়ে এজন ১৬ বছৰীয়া নাবালক ল’ৰা। এতিয়া পিতৃ-মাতৃয়ে নাবালক পুত্ৰক বিচাৰি হাবাথুৰি খাই ফুৰিছে। দ্বাদশ শ্ৰেণীত পঢ়ি থকা খুটাৰবাসী কমলেশ শ্বাহৰ পুত্ৰই পিতৃ-মাতৃৰ অজ্ঞাতে ৩২ বছৰীয়া এগৰাকী মহিলাৰ সৈতে গাঁওবুঢ়াৰ নিৰ্দেশত বিবাহপাশত আবদ্ধ হৈছিল। 

গাঁওবুঢ়াৰ নিৰ্দেশত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ৩২ বছৰীয়া মহিলাগৰাকীয়ে ১৬ বছৰীয়া স্বামীৰ সৈতে পলায়ন কৰে। পিতৃয়ে আৰক্ষীকে ধৰি শিশু কল্যাণ সমিতিৰ ওচৰত অভিযোগ দাখিল কৰিছে। ইয়াৰ পিছতে এছ ডি এম ঋষি পাৱাৰৰ নেতৃত্বত এটা দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে চিংৰাউলীৰ কালেক্টৰ ৰাজীৱ ৰঞ্জন মীনাই। 

উল্লেখ্য যে বিবাহপাশত আবদ্ধ হোৱা ৩২ বছৰীয়া মহিলাগৰাকী খুটাৰ গাঁৱৰ বাসিন্দা, যাৰ প্ৰথম বিবাহ ৭ বছৰ আগতে হৈছিল কিন্তু ১ বছৰ শহুৰেকৰ ঘৰত থকাৰ পিছত মহিলাগৰাকীয়ে স্বামীক বিবাহ বিচ্ছেদ দি মাতৃগৃহত বাস কৰিছিল।ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ শক্তিনগৰত মাৰ্চ মাহত দ্বিতীয় বিবাহ কৰিছিল যদিও তাতো শান্তি নোপোৱাত তেওঁ পুনৰ মাতৃগৃহত থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছতেই ১৬ বছৰীয়া ল’ৰাজনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই কথাত ল’ৰাজনৰ পিতৃয়ে অশান্তি পোৱাত ল’ৰাজনৰ বিয়া অন্য এজনী ছোৱালীৰ সৈতে পাতি দিয়াৰ সিদ্ধান্ত লয়। 

বিয়াৰ সকলো প্ৰস্তুতি চলি আছিল, বিয়াৰ এই খবৰ পোৱাৰ লগে লগে মহিলাগৰাকীয়ে নাবালক প্ৰেমিকৰ ঘৰত উপস্থিত হৈ তাত হুলস্থুলৰ সৃষ্টি কৰিবলৈ ধৰিলে।গোটেই বিষয়টো পঞ্চায়তৰ ওচৰ পালেগৈ। তাত বিচাৰ চলিল আৰু দুই প্ৰেমিক-প্ৰেমিকাৰ সন্মতি ক্ৰমে বহু মানুহৰ উপস্থিতিত দুয়োকে বিয়া কৰাই দিলে। বিয়াৰ পিছত প্ৰেমিক-প্ৰেমিকা ঘৰত উপস্থিত হয় য'ত ল'ৰাজনৰ পিতৃ-মাতৃয়ে আপত্তি কৰে। ইয়াৰ পাছতেই নাবালক স্বামীক লৈ পলায়ন কৰে মহিলাগৰাকীয়ে। এতিয়া ল’ৰাটোৰ পিতৃ-মাতৃয়ে শিশু কল্যাণ আয়োগৰ চিংৰৌলিৰ কাৰ্যালয়ত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছে আৰু ন্যায়ৰ দাবী জনাইছে। বৰ্তমানলৈকে দুয়োৰে সন্ধান পোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ