--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ যাত্ৰা এক বিপদসংকুল যাত্ৰা? কোন মুহূৰ্তত কাৰ মৃত্যু হয় তাৰ কোনো নিশ্চয়তা নাই। কিন্তু মহাকাশতে হওঁক বা আন গ্ৰহ-উপগ্ৰহত মহাকাশচাৰীৰ মৃত্যু ঘটিলে মৃতদেহটোৰ কি ব্যৱস্থা কৰা হ’ব। এই বিষয়ত মাৰ্কিন মহাকাশ গৱেষণা সংস্থা  নাছাই বান্ধি দিছে কেতবোৰ নিয়ম। 

বিশ্বৰ বিভিন্ন দেশে বিগত কেইটামান দশক ধৰি বহু  মহাকাশ অভিযান চলাই আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে বহু সময়ত মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰিছে।  মহাকাশচাৰী প্ৰেৰণৰ তালিকাত ভাৰতো আছে।
অভিযানৰ সময়ত মহাকাশযান এখন  দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে । এনে পৰিস্থিতিত  মহাকাশচাৰীসকলৰ দুৰ্ঘটনাত মৃত্যু ঘটাৰ আশংকাই বেছি।  ২০০৩ চনৰ ১৬ জানুৱাৰীত আমেৰিকান মহাকাশযান কলম্বিয়াই সাতজন মহাকাশচাৰীক কঢ়িয়াই  যাত্ৰা কৰিছিল। এই অভিযানক এছটিএছ-১০৭ বুলি কোৱা হৈছিল। কিন্তু  পৃথিৱীলৈ উভতি অহাৰ পথত যানখন মহাকাশতে ধ্বংস হৈছিল। ফলত সাতগৰাকী মহাকাশচাৰীৰ মৃত্যু হৈছিল। ভাৰতীয়-আমেৰিকান মহাকাশচাৰী  কল্পনা চাওলাৰো সেই দুৰ্ঘটনাতে মৃত্যু ঘটিছিল।

 ৬০ বছৰ আগতে মহাজাগতিক অন্বেষণ আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে কমেও ২০ জন  মহাকাশচাৰীৰ মৃত্যু হৈছে। ১৯৮৬ আৰু ২০০৩ চনত নাছাৰ মহাকাশযান দুৰ্ঘটনাত মুঠ ১৪ জন মহাকাশচাৰীৰ  মৃত্যু হৈছে।  ১৯৭১ চনত চয়ুজ-১১ অভিযানৰ সময়ত তিনিজন মহাকাশচাৰীৰ মৃত্যু ঘটিছিল। ১৯৬৭ চনত এপোলো ১ উৎক্ষেপণ পেডত জুই লাগি  তিনিজন মহাকাশচাৰীৰ মৃত্যু হৈছিল।

কিন্তু যদি মহাকাশত এজন মহাকাশচাৰীৰ মৃত্যু হয়, তেন্তে তেওঁৰ শৰীৰৰ কি হ'ব? অন্ত্যেষ্টিক্ৰিয়া কেনেধৰণে সম্পন্ন হ'ব? নাছাৰ নিয়মবোৰে কি কয়?জানো আহক -

নাছাৰ নিয়ম  অনুসৰি যদি পৃথিৱীৰ কক্ষপথৰ কাষতে  এজন মহাকাশচাৰীৰ মৃত্যু হয়, অৰ্থাৎ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ওচৰত মহাকাশচাৰীৰ মৃত্যু হয়, তেন্তে তেওঁৰ সহকৰ্মীসকলে কেইঘণ্টামানৰ ভিতৰতে মৃত মহাকাশচাৰীৰ শৰীৰটো এটা কেপচুলত ভৰাই  পৃথিৱীলৈ প্ৰেৰণ কৰিব লাগিব।
 যদি এজন মহাকাশচাৰীয়ে চন্দ্ৰত মৃত্যুবৰণ কৰে, বাকী মহাকাশচাৰীসকলে এমাহৰ ভিতৰত তেওঁৰ শৰীৰটো পৃথিৱীলৈ ঘূৰাই আনিব পাৰিব।

নাছাৰ নিয়ম অনুসৰি মৃতদেহ সংৰক্ষণ নাছাৰ মুখ্য চিন্তা নহয়। ইয়াৰ পৰিৱৰ্তে, বাকী মহাকাশচাৰীসকলে সুৰক্ষিতভাৱে উভতি আহিছে নে নাই সেয়া তেওঁলোকৰ বাবে এক চিন্তাৰ বিষয়।
আনহাতে, যদি এজন মহাকাশচাৰী ৪.৮ বিলিয়ন কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত মঙ্গল অভিযানত মৃত্যুবৰণ কৰে, তেন্তে তেওঁৰ মৃতদেহ লগে লগে পৃথিৱীলৈ ঘূৰাই অনাটো সম্ভৱ নহ'ব।

নাছাৰ নিয়ম অনুসৰি দলটোৰ বাকীসকলে পৃথিৱীলৈ ঘূৰি আহিলেহে শৰীৰটো ঘূৰাই আনিব পৰা যাব। অৰ্থাৎ, শৰীৰটো ঘূৰি আহিবলৈ কেইবা বছৰো লাগিব পাৰে। তেতিয়ালৈকে, সেই শৰীৰটো মহাকাশত সংৰক্ষণ কৰিব লাগিব।
মহাকাশযানৰ ভিতৰত থকা নিৰন্তৰ উষ্ণতা আৰু আৰ্দ্ৰতাই মৃতদেহ বহু দিনলৈ  পচি নোযোৱাকৈ ৰখাত সহায় কৰিব।
এই নিয়মবোৰ কেৱল তেতিয়াহে প্ৰযোজ্য হ'ব যদি মহাকাশত প্ৰাকৃতিক কাৰণত এজন মহাকাশচাৰীৰ মৃত্যু হয়। কিন্তু যদি কোনোবাই সঠিক স্পেচ চুট, অৰ্থাৎ স্পেচচুট পৰিধান নকৰাৰ বাবে মৃত্যু বৰণ কৰে তেন্তে কি হ'ব?

যদি মহাকাশচাৰীজনে 'স্পেচচুট' পৰিধান নকৰাকৈ মহাকাশলৈ খোজ দিয়ে, মহাকাশচাৰীজন প্ৰায় লগে লগে মৃত্যুবৰণ কৰিব। মহাকাশত চাপ হ্ৰাস হোৱা আৰু অক্সিজেনৰ অনুপস্থিতিৰ বাবে মহাকাশচাৰীৰ মৃত্যু ঘটিব। 
কিন্তু তেনে পৰিস্থিতিত  মহাকাশচাৰীজনৰ অন্ত্যেষ্টিক্ৰিয়া কেনেকৈ অনুষ্ঠিত হ'ব? নাছাৰ নিয়ম অনুসৰি, যদি এজন মহাকাশচাৰী চন্দ্ৰ বা মঙ্গল গ্ৰহত মৃত্যুবৰণ কৰে, তেন্তে মৃতদেহ জ্বলাই দিব বা সমাধিস্থ কৰিব নোৱাৰিব।

চন্দ্ৰ বা মঙ্গল গ্ৰহত শৰীৰ জ্বলাই দিয়াৰ বাবে যথেষ্ট শক্তি আৰু ইন্ধনৰ প্ৰয়োজন হ’ব। কিন্তু সেয়া সম্ভৱ নহয়, কাৰণ মহাকাশচাৰীসকলৰ ওচৰত  সীমিত ইন্ধনহে থাকে। আকৌ মৃতদেহৰ বেক্টেৰিয়াই  চন্দ্ৰ বা মঙ্গল গ্ৰহৰ মাটি নষ্ট  কৰিব পাৰে, সেয়ে মৃতদেহ  কবৰ দিবও পৰা নাযাব।  সেয়ে  মৃত মহাকাশচাৰীৰ দেহ  বাকী দলটো পৃথিৱীলৈ উভতি নহালৈকে মহাকাশতে থাকিব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement