--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছৰোৰ চন্দ্ৰযান-৩ বিমানে যেতিয়া ভাৰতৰ মহাকাশ গৱেষণাত আলোড়নৰ সৃষ্টি কৰিছে, সেইসময়তে নাছাৰ বাবে সুখৰ জোৱাৰ উঠিছে। হেৰাই যোৱা এখন মহাকাশযান তেওঁলোকে অভাৱনীয়ভাৱে বিচাৰি পাইছে।

শেহতীয়াকৈ হঠাৎ আৱিষ্কাৰ হৈছে ৪৬ বছৰ পুৰণি মহাকাশযানখন। আমেৰিকাৰ মহাকাশ সংস্থাটোৰ ভুলৰ বাবে মহাকাশত হেৰাই গৈছিল। মহাকাশযানখনৰ নাম ভয়েজাৰ-২। ১৯৭৭ চনত মহাকাশলৈ উৎক্ষেপণ কৰা হয়। উৎক্ষেপণৰ পিছত নাছাৰ কাৰ্যালয়ৰ পৰা ইয়াৰ গতিবিধি নিয়ন্ত্ৰণ কৰা হৈছিল।

কিছুদিন পূৰ্বে নাছাৰ সৰু ভুলৰ বাবে ভয়েজাৰ ২ৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। তেতিয়াৰ পৰাই বাৰে বাৰে চেষ্টা কৰিও সেই মহাকাশযানখনৰ সন্ধান পোৱা নগ’ল। মহাকাশযানখনৰ গতিৰ অনুসন্ধান কৰা অঞ্চলটো পৃথিৱীৰ পৰা বহু দূৰত। বিমানখনে সৌৰজগতৰ বাহিৰত ঘূৰি ফুৰিছে।

হেৰাই যোৱা মহাকাশযানখন উদ্ধাৰ হোৱা বুলি নাছাই ঘোষণা কৰিছে। তেওঁলোকে কয় যে মহাকাশযানখনৰ দূৰত্ব পৃথিৱীৰ পৰা ১৯৯০,০০০,০০০ কিলোমিটাৰ। দূৰত্বৰ বাবে বহু চেষ্টা কৰিও ভয়েজাৰ ২ৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল। কিছুদিন পূৰ্বে মহাকাশৰ পৰা অতি ক্ষীণ সংকেত নাছাৰ যন্ত্ৰৰ দ্বাৰা ধৰা পৰিছিল। পিছত পুনৰ উদ্ধাৰ হয় মহাকাশযানখন।

নাছাৰ বিজ্ঞানীসকলে জনোৱা মতে, ৱাশ্বিংটনস্থিত মুখ্য কাৰ্যালয়ৰ পৰাই ভয়েজাৰ ২ বিমানখন নিয়ন্ত্ৰণ কৰা হৈছিল। ভুল দিশৰ ফলত মহাকাশযানখনৰ এন্টেনা দুই ডিগ্ৰী ঘূৰি থাকে। ইয়াৰ পিছত ভয়েজাৰ ২ নোহোৱা হৈ গ’ল।

নাছাৰ গৱেষকসকলে আশা কৰা নাছিল যে অহা অক্টোবৰৰ পূৰ্বে ভয়েজাৰ-২ৰ সৈতে পুনৰ যোগাযোগ কৰিব পাৰিব। সেই সময়ত মহাকাশযানখনৰ এন্টেনাটোৱে নিজকে পোন কৰাৰ কথা আছিল। সকলোৱে সেই সময়লৈ অপেক্ষা কৰি আছিল।

কিন্তু ভয়েজাৰ-২ আশা কৰা সময়ৰ আগতেই নাছালৈ আহিছিল। মহাকাশযানখনৰ প্ৰজেক্ট মেনেজাৰে এ এফ পিক জনোৱা মতে, নাছাই মহাকাশযানখনৰ স্থান নিৰ্ণয় কৰিবলৈ এক শক্তিশালী যন্ত্ৰৰ জৰিয়তে মহাকাশলৈ সংকেত প্ৰেৰণ কৰিছে।

নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা নাছাই ভয়েজাৰ ২ৰ যন্ত্ৰৰ পৰা কোনো তথ্য লাভ কৰা নাই। মহাকাশযানখনৰ পুনৰ আৱিষ্কাৰৰ ফলত আমেৰিকাৰ মহাকাশ সংস্থাটোৱে লাভৱান হৈছে।

বৰ্তমান ভয়েজাৰ ২ য’ত অৱস্থিত সেই অঞ্চলটোক হেলিঅ’স্ফিয়াৰ বোলা হয়। মহাকাশযানখনে এতিয়া বাহিৰৰ সৌৰজগতৰ এই অংশটোক প্ৰদক্ষিণ কৰি আছে।

নাছাৰ মহাকাশযান সাধাৰণতে মহাকাশৰ ইমান দূৰলৈ নাযায়। এই দূৰত্ব অতিক্ৰম কৰা দ্বিতীয়খন মহাকাশযান হৈছে ভয়েজাৰ ২। ভয়েজাৰ-২ৰ কাম হ’ল মহাকাশৰ এটা বিশেষ অংশ, চৌপাশৰ অৱস্থা নিৰীক্ষণ কৰি তথ্য প্ৰেৰণ কৰা।

ইয়াৰ পূৰ্বেও নাছাৰ আন এখন মহাকাশযান এই দূৰত্বত উপনীত হৈছিল। ইয়াৰ নাম ভয়েজাৰ-১। ২০১২ চনত মহাকাশযানখন হেলিঅ’স্ফিয়াৰলৈ যায়। ভয়েজাৰ ২ৰ এই আৱিষ্কাৰে নাছাৰ গৱেষণাক পুনৰ সজীৱ কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু