--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছৰোৰ চন্দ্ৰযান-৩ বিমানে যেতিয়া ভাৰতৰ মহাকাশ গৱেষণাত আলোড়নৰ সৃষ্টি কৰিছে, সেইসময়তে নাছাৰ বাবে সুখৰ জোৱাৰ উঠিছে। হেৰাই যোৱা এখন মহাকাশযান তেওঁলোকে অভাৱনীয়ভাৱে বিচাৰি পাইছে।

শেহতীয়াকৈ হঠাৎ আৱিষ্কাৰ হৈছে ৪৬ বছৰ পুৰণি মহাকাশযানখন। আমেৰিকাৰ মহাকাশ সংস্থাটোৰ ভুলৰ বাবে মহাকাশত হেৰাই গৈছিল। মহাকাশযানখনৰ নাম ভয়েজাৰ-২। ১৯৭৭ চনত মহাকাশলৈ উৎক্ষেপণ কৰা হয়। উৎক্ষেপণৰ পিছত নাছাৰ কাৰ্যালয়ৰ পৰা ইয়াৰ গতিবিধি নিয়ন্ত্ৰণ কৰা হৈছিল।

কিছুদিন পূৰ্বে নাছাৰ সৰু ভুলৰ বাবে ভয়েজাৰ ২ৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। তেতিয়াৰ পৰাই বাৰে বাৰে চেষ্টা কৰিও সেই মহাকাশযানখনৰ সন্ধান পোৱা নগ’ল। মহাকাশযানখনৰ গতিৰ অনুসন্ধান কৰা অঞ্চলটো পৃথিৱীৰ পৰা বহু দূৰত। বিমানখনে সৌৰজগতৰ বাহিৰত ঘূৰি ফুৰিছে।

হেৰাই যোৱা মহাকাশযানখন উদ্ধাৰ হোৱা বুলি নাছাই ঘোষণা কৰিছে। তেওঁলোকে কয় যে মহাকাশযানখনৰ দূৰত্ব পৃথিৱীৰ পৰা ১৯৯০,০০০,০০০ কিলোমিটাৰ। দূৰত্বৰ বাবে বহু চেষ্টা কৰিও ভয়েজাৰ ২ৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল। কিছুদিন পূৰ্বে মহাকাশৰ পৰা অতি ক্ষীণ সংকেত নাছাৰ যন্ত্ৰৰ দ্বাৰা ধৰা পৰিছিল। পিছত পুনৰ উদ্ধাৰ হয় মহাকাশযানখন।

নাছাৰ বিজ্ঞানীসকলে জনোৱা মতে, ৱাশ্বিংটনস্থিত মুখ্য কাৰ্যালয়ৰ পৰাই ভয়েজাৰ ২ বিমানখন নিয়ন্ত্ৰণ কৰা হৈছিল। ভুল দিশৰ ফলত মহাকাশযানখনৰ এন্টেনা দুই ডিগ্ৰী ঘূৰি থাকে। ইয়াৰ পিছত ভয়েজাৰ ২ নোহোৱা হৈ গ’ল।

নাছাৰ গৱেষকসকলে আশা কৰা নাছিল যে অহা অক্টোবৰৰ পূৰ্বে ভয়েজাৰ-২ৰ সৈতে পুনৰ যোগাযোগ কৰিব পাৰিব। সেই সময়ত মহাকাশযানখনৰ এন্টেনাটোৱে নিজকে পোন কৰাৰ কথা আছিল। সকলোৱে সেই সময়লৈ অপেক্ষা কৰি আছিল।

কিন্তু ভয়েজাৰ-২ আশা কৰা সময়ৰ আগতেই নাছালৈ আহিছিল। মহাকাশযানখনৰ প্ৰজেক্ট মেনেজাৰে এ এফ পিক জনোৱা মতে, নাছাই মহাকাশযানখনৰ স্থান নিৰ্ণয় কৰিবলৈ এক শক্তিশালী যন্ত্ৰৰ জৰিয়তে মহাকাশলৈ সংকেত প্ৰেৰণ কৰিছে।

নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা নাছাই ভয়েজাৰ ২ৰ যন্ত্ৰৰ পৰা কোনো তথ্য লাভ কৰা নাই। মহাকাশযানখনৰ পুনৰ আৱিষ্কাৰৰ ফলত আমেৰিকাৰ মহাকাশ সংস্থাটোৱে লাভৱান হৈছে।

বৰ্তমান ভয়েজাৰ ২ য’ত অৱস্থিত সেই অঞ্চলটোক হেলিঅ’স্ফিয়াৰ বোলা হয়। মহাকাশযানখনে এতিয়া বাহিৰৰ সৌৰজগতৰ এই অংশটোক প্ৰদক্ষিণ কৰি আছে।

নাছাৰ মহাকাশযান সাধাৰণতে মহাকাশৰ ইমান দূৰলৈ নাযায়। এই দূৰত্ব অতিক্ৰম কৰা দ্বিতীয়খন মহাকাশযান হৈছে ভয়েজাৰ ২। ভয়েজাৰ-২ৰ কাম হ’ল মহাকাশৰ এটা বিশেষ অংশ, চৌপাশৰ অৱস্থা নিৰীক্ষণ কৰি তথ্য প্ৰেৰণ কৰা।

ইয়াৰ পূৰ্বেও নাছাৰ আন এখন মহাকাশযান এই দূৰত্বত উপনীত হৈছিল। ইয়াৰ নাম ভয়েজাৰ-১। ২০১২ চনত মহাকাশযানখন হেলিঅ’স্ফিয়াৰলৈ যায়। ভয়েজাৰ ২ৰ এই আৱিষ্কাৰে নাছাৰ গৱেষণাক পুনৰ সজীৱ কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ