--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রতিবেদনখনত উল্লেখ কৰা মতে দেশত মুঠ অপৰাধৰ সংখ্যা হ্রাস পাইছে, কিন্তু চাইবাৰ অপৰাধৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক: দেশত অপৰাধৰ প্রকৃতি সলনি হৈছে। ইফালে পৰম্পৰাগত অপৰাধৰ সংখ্যা হ্রাস পাইছে, আনহাতে ইণ্টাৰনেট আৰু ডিজিটেল বিশ্বত অপৰাধীয়ে নিতৌ নতুন কৌশল অৱলম্বন কৰাৰ তথ্য পোহৰলৈ আহিছে। 


ভাৰতীয় ষ্টেট বেংকৰ এখন প্ৰতিবেদনৰ পৰা এই কথা জনা গৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে দেশত মুঠ অপৰাধৰ সংখ্যা হ্রাস পাইছে, কিন্তু চাইবাৰ অপৰাধৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, ভাৰতত ২০২৪ বর্ষত মুঠ ৫৮.৮৬ লাখ বিচাৰযোগ্য অপৰাধৰ গোচৰ ৰুজু কৰা হয়। আন কথাত অপৰাধৰ সংখ্যা ইয়াৰ আগৰ বছৰৰ তুলনাত ৬% হ্রাস পাইছে। দেশত মুঠ অপৰাধৰ হাৰ হ্রাস পাই প্রতি একলাখ জনসংখ্যাত ৪৪৮.৩ৰ পৰা ৪১৮.৯টা হৈছে।


প্রতিবেদনখনৰ মতে ইয়াৰ প্ৰধান কাৰণ হ'ল ৰাজহুৱা বিনিয়োগ, ডিজিটেলাইজেশ্যন আৰু নিৰীক্ষণ প্ৰণালী উন্নত হোৱাটো। ইয়াৰ বিপৰীতে চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। দেশত চাইবাৰ অপৰাধৰ সংখ্যাই এক লাখৰ সীমা অতিক্ৰম কৰিব পাৰে। ডিজিটেল প্লেটফর্ম, অনলাইন বেংকিং আৰু ইণ্টাৰনেটক ভিত্তি কৰা সেৱাসমূহৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে চাইবাৰ প্রবঞ্চনা, ডাটা চুৰি তথা অনলাইন প্রবঞ্চনাৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। 


প্রতিবেদনখনত কোৱা হৈছে যে অৰ্থনীতিৰ লগত অপৰাধৰ ঘনিষ্ঠ সম্পর্ক আছে। অপৰাধ মাত্র ১% হ্রাস পালে কম সময়ত প্রকৃত মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ ১% আৰু দীর্ঘম্যাদীভাৱে ০,১৩৩% পর্যন্ত বৃদ্ধি পায়। এছ বি আই ৰিছাৰ্চে দেশৰ ২৮খন ৰাজ্যত কৰা অধ্যয়নৰ পৰা এই তথ্য প্রকাশ কৰিছে। চৰকাৰে প্ৰতি ব্যক্তিৰ হিচাপত অর্থাৎ জনমূৰি সুৰক্ষাৰ ব্যয় ১% বৃদ্ধি কৰিলে অপৰাধৰ হাৰ ০.৩৬% হ্রাস পায়। ইয়াৰ অৰ্থ হ'ল সুৰক্ষাত যিমান ধন ব্যয় কৰিব, সিমানে অপৰাধ ভাল পাব। 


আনহাতে যিবিলাক চহৰত চি চি টিভি কেমেৰাই যিমানেই অধিক অঞ্চল সামৰি ল'ব, সিমানেই অপৰাধৰ সংখ্যাও হ্রাস পায়। ইয়াত উল্লেখ কৰা মতে, দেশৰ ১০০খন স্মার্ট চিটিত ৮৪ হাজাৰতকৈ অধিক চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে। তদুপৰি ১,৮৪৪টা জৰুৰী কল বক্স আৰু প্রায় ৩ হাজাৰ পাব্লিক এড্ৰেছ ছিষ্টেমৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাই জনসাধাৰণৰ মনত সুৰক্ষাৰ ভাব বৃদ্ধি কৰাৰ লগতে অপৰাধীয়ে ধৰা পৰাৰ শংকাত পৰে। 


প্রতিবেদনখনত উল্লেখ কৰা মতে, দেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বহুখিনি হ্রাস পাইছে। ২০২৩ বর্ষত দেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৪.৪৮ লাখ গোচৰ পঞ্জীয়ন কৰা হৈছিল। ২০২৪ বর্ষত ইয়াৰ সংখ্যা ১.৫% হ্রাস পাই ৪.৪১ লাখ হয়। অৱশ্যে প্রত্যাহ্বানৰ মাত্রা এতিয়াও যথেষ্ট বেছি আৰু ইয়াক সফলতা বুলি ক'ব নোৱাৰি। প্রতিবেদনখনত উল্লেখ কৰা মতে মহিলাৰ বিৰুদ্ধে অপৰাধে শ্রম বজাৰত বাধাৰ সৃষ্টি কৰে আৰু মহিলা কৰ্মশক্তিৰ অংশ গ্রহণ প্ৰভাৱিত কৰে। 


নেশ্যনেল ক্রাইম ৰেকৰ্ড ব্যুৰ'ৰ (এন চি আৰ বি) তথ্য মতে, ২০২৪ বর্ষত স্বামী বা পৰিয়ালৰ লোকে মহিলাক কৰা অত্যাচাৰৰ ১,২০,২২৭টা গোচৰ ৰুজু কৰা হয় আৰু ১,২১,১৬৬গৰাকী মহিলা পীড়িত হৈছিল। মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা হ্রাসে অর্থনীতিকো সহায় কৰে। হাৰিয়ানা, বিহাৰ, পঞ্জাব আৰু পশ্চিম বংগৰ দৰে ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ ৰাষ্ট্ৰীয় গড়তকৈ অধিক। ৰাজস্থানত মহিলাৰ বিৰুদ্ধে অপৰাধ অধিক যদিও ৰাজ্যখনৰ মুঠ কর্মশক্তিত মহিলাৰ অংশ ৫০% তকৈ অধিক। দেশৰ ভিতৰত অপৰাধৰ হাৰ আটাইতকৈ কম নগালেণ্ডত। ৰাজ্যখনত প্রতি এক লাখ জনসংখ্যাত অপৰাধৰ সংখ্যা ৬১.৬। ইয়াৰ বিপৰীতে কেৰালাত অপৰাধৰ হাৰ সৰ্বাধিক।

উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ