--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • ফুটবলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া বিশ্বকাপত প্ৰথমবাৰৰ অংশ গ্ৰহণ কৰিব বিশ্বৰ সৰু-বৰ ৪৮খন দেশে

ডিজিটেল ডেস্ক: 'গ্রেটেষ্ট শ্ব' অন আর্থ'ৰূপে পৰিচিত ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ হ'ব আজিৰ পৰা। সমগ্র বিশ্ব ফুটবলৰ আৱেগ, ৰোমাঞ্চ তথা মাদকতাত বুৰ যাব আজিৰ পৰা এমাহ ৯ দিনৰ বাবে। প্রথমবাৰৰ বাবে তিনিখন দেশে আয়োজন কৰা বিশ্বকাপৰ জ্বৰে ইতিমধ্যে বিশ্বক আক্রান্ত কৰিছেই।


ফুটবলৰ এই মহাসমৰৰ বাবে ইতিমধ্যে সাজু হৈছে বিভিন্ন দলৰ ১২৪৮জন খেলুৱৈৰূপী যোদ্ধা। বিশ্বৰ একক ক্রীড়াৰ সৰ্ববৃহৎ প্রতিযোগিতাখন কাইলৈ আৰম্ভ হ'ব মেক্সিকো চিটিত ভাৰতীয় সময় মতে নিশা ১০-৩০ বজাৰ পৰা হ'বলগীয়া উদ্বোধনী অনুষ্ঠানৰ লগে লগে। ইয়াৰ পাছতে বিশ্বকাপৰ প্ৰথমখন মেচ নিশা ১২-৩০ বজাত আৰম্ভ হ'ব আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মাজত। 


উল্লেখযোগ্য যে এইবাৰৰ বিশ্বকাপ বিভিন্ন দিশৰ পৰা ঐতিহাসিক হ'ব। বিশ্বকাপৰ আয়োজন তিনিখন দেশ ক্রমে আমেৰিকা, মেক্সিকো আৰু কানাডাই আয়োজন কৰিছে। ফুটবলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া বিশ্বকাপত প্ৰথমবাৰৰ অংশ গ্ৰহণ কৰিব বিশ্বৰ সৰু-বৰ ৪৮খন দেশে। ৩৯ দিন ধৰি চলিবলগীয়া বিশ্বকাপত এইবাৰ সৰ্বাধিক ১০৪খন মেচ খেলোৱা হ'ব। তিনিওখন দেশৰ ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপত এইবাৰ তিনিওখন দেশতে হ'ব আকর্ষণীয় উদ্বোধনী অনুষ্ঠান। বিশ্বৰ বছা বছা ৪৮টা দলে খেলিবলগীয়া বিশ্বকাপত কুৰাকাওৰ দৰে মাত্ৰ ডেৰ লাখ জনসংখ্যাৰ দেশৰ পৰা ফুটবলৰ মহাশক্তিসমূহলৈকে সকলোৱে নিজৰ শক্তি প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব বিশ্বকাপত। 


মন কৰিবলগীয়া যে এইবাৰৰ বিশ্বকাপৰ আয়োজক তিনিওখন দেশতে আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থা ফিফাৰ মতে, বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান উত্তৰ আমেৰিকাৰ এক ঐতিহাসিক উৎসৱৰূপে পৰিগণিত হ'ব। প্রতিখন দেশতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব আয়োজক দেশে খেলিবলগীয়া উদ্বোধনী মেচৰ ৯০ মিনিটৰ আগতে। উদ্বোধনী অনুষ্ঠানৰ প্ৰযোজক হ'ল কেইবাখনো অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজনত জড়িত হৈ থকা মার্কো বালিচ। মেক্সিকোত আজি প্রথমটো উদ্বোধনী অনুষ্ঠান হোৱাৰ পাছত কানাডাৰ টৰণ্টো আৰু আমেৰিকাৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা লছ এঞ্জেলছত। আজিৰ মেক্সিকো চিটিত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী তাৰকাৰ সমাৱেশ ঘটিব। 


আজিৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব মেক্সিকোৰ প্ৰখ্যাত গায়ক আলেজেন্দ্র' ফার্নান্ডেজে মেক্সিকোৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে। ইয়াৰ পাছতে দক্ষিণ আফ্ৰিকাৰ সংগীত চাঞ্চল্য টাইলাই নিজৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। অনুষ্ঠানত একাডেমি বঁটাৰ বাবে মনোনয়ন লাভ কৰা মেক্সিকো-আমেৰিকান অভিনেত্রী, পৰিচালক তথা প্রযোজক ছালমা হায়েক পিনাল্ট ফুট কলম্বিয়াৰ শিল্পী বেয়ান কাস্ট্রো, বিশ্ব সংগীতৰ প্রখ্যাত শিল্পী জে বলভিনে বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ উপৰি বেলিণ্ডা, বার্না বয়, ডেনি অচেন, লীলা ডাউন্‌ছ, লছ এঞ্জেলছ আজুলেছ বেণ্ডৰ লগতে শ্বাকিৰাও অনুষ্ঠান পৰিৱেশন কৰিব। 


ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনোৱে কয় যে ফিফা বিশ্বকাপ এনে এক উৎসৱ, যাক সমগ্র বিশ্বই উপভোগ কৰে। মেক্সিকো চিটিৰ পৰা আৰম্ভ হৈ টৰণ্টো আৰু লছ এঞ্জেলছলৈকে উদ্বোধনী সমাৰোহ সংগীত, সংস্কৃতি আৰু ফুটবলক একেলগে জড়িত কৰিব। ই বিশ্ব পৰ্যায়ৰ এক চমৎকাৰী অনুষ্ঠান হ'ব। ইফালে এইবাৰৰ বিশ্বকাপৰ ৯৬ বছৰীয়া ইতিহাসৰ আটাইতকৈ ব্যয়বহুল হ'ব বুলি কোৱা হৈছে। এইবাৰৰ প্ৰতিযোগিতাখনত মুঠ ১ লাখ ২৯ হাজাৰ কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। ২০২২ চনত কাটাৰত হোৱা বিশ্বকাপত ১.১৭ লাখ কোটি টকা ব্যয় হৈছিল। 


মন কৰিবলগীয়া যে বিশ্বৰ প্রায় ৮০০ কোটি জনসংখ্যাৰ আধাতকৈ অধিক সংখ্যক লোকে বিশ্বকাপৰ খেল উপভোগ কৰিব। ফিফাৰ আশা কৰা মতে এইবাৰ বিশ্বকাপৰ খেল উপভোগ কৰিব প্রায় ৬০০ কোটি লোকে। কাটাৰ বিশ্বকাপৰ খেল উপভোগ কৰিছিল প্রায় ৫০০ কোটি লোকে। উল্লেখযোগ্য যে বিশ্বকাপ এতিয়া কেৱল খেল হৈয়ে থকা নাই, বিশ্বৰ বিভিন্ন ব্ৰেণ্ড, প্ৰসাৰণ কোম্পানী আৰু ডিজিটেল মাধ্যমৰ বাবে বিশ্বকাপ সৰ্ববৃহৎ মঞ্চ হৈ পৰিছে। বিশ্বকাপৰ বিজয়ী দলটোৱে পুৰস্কাৰৰূপে লাভ কৰিব প্রায় ৪৭৭ কোটি টকা। এইবাৰৰ বিশ্বকাপৰ মুঠ প্রাইজমানি হ'ল প্রায় ৮৩০০০ কোটি টকা। 


ইফালে এইবাৰৰ বিশ্বকাপত অভূতপূর্ব নিৰাপত্তা ব্যবস্থা গ্রহণ কৰা হৈছে। আমেৰিকাত নিৰাপত্তাত ড্রন ব্যৱহাৰ কৰা হ'ব। প্রতিযোগিতাৰ সময়ছোৱাত আমেৰিকাৰ উপৰি মেক্সিকো আৰু কানাডাত বিমান বন্দৰ, ৰাজহুৱা পৰিবহণ ব্যৱস্থা, খেল হোৱা স্থানসমূহৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ, হোটেল, ৰেস্তোৰাঁ, বাৰ তথা জনসমাগম হোৱা অঞ্চলবোৰত সতর্ক দৃষ্টি ৰখা হ'ব। নিৰাপত্তাৰ বাবে ভিডিঅ'ইন্টেলিজেন্স ব্যৱস্থা তথা উন্নত প্রযুক্তিৰ লগতে কৃত্রিম বুদ্ধিমত্তাৰ সহায় লোৱা হ'ব। বিশ্বকাপৰ খেল অনুষ্ঠিত হ'বলগীয়া ষ্টেডিয়ামসমূহ দুর্ভেদ্য দুর্গলৈ পৰিণত কৰা হৈছে। নিৰাপত্তাত ড্রন ব্যৱহাৰ কৰাৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা এজেঞ্চিসমূহক সন্দেহজনক ড্রন ভূপাতিত কৰা বা ইলেক্ট্রনিকভাৱে অকামিলা কৰাৰ অধিকাৰ দিয়া হৈছে। 


বিশ্ব কাপৰ সময়ত ষ্টেডিয়াম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল উৰণ নিষিদ্ধ অঞ্চলৰূপে ঘোষণা কৰা হৈছে। আনহাতে নিয়ম উলংঘা কৰিলে এক লাখ ডলাৰৰ জৰিমনা বিহা হ'ব। আনহাতে ফিফাই খেলুৱৈসকলৰ বাবে ডিজিটেল নিৰাপত্তাৰ ব্যৱস্থাও কৰিছে। খেলুৱৈসকলক সামাজিক মাধ্যমত দিয়া গালি-গালাজ আদিৰ পৰা সুৰক্ষা কৰাৰ কাৰণে ফিফাই কৃত্রিম বুদ্ধিমত্তাই সহায় কৰা প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে। ইফালে আমেৰিকাত প্ৰৱেশৰ সময়ত একাংশ দলৰ খেলুৱৈ তথা বিষয়ববীয়া দেশখনৰ কঠোৰ নিৰাপত্তা তালাচীৰ সন্মুখীন হোৱাৰ পাছত তীব্র বিতর্কৰো সৃষ্টি হৈছে। আমেৰিকাৰ বিষয়াসকলে ছোমালিয়াৰ এজন ৰেফাৰীক দেশখনত প্ৰৱেশ কৰিবলৈ নিদি স্বদেশলৈ ঘূৰাই পঠিয়ায়। আনহাতে ছেনেগাল আৰু উজবেকিস্তানৰ খেলুৱৈসকল কঠোৰ তালাচীৰ সন্মুখীন হয়। টেক্সাছৰ ছেন এন্টনিয়' বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত ছেনেগালৰ খেলুৱৈসকলৰ ৰানৱে'ৰ কাষতে তালাচী আৰম্ভ কৰে। তেওঁলোকৰ জোতাও মেটেল ডিটেক্টৰত পৰীক্ষা কৰা হয়। উজবেকিস্তানৰ খেলুৱৈসকলক বাছৰ পৰা নমাৰ পাছত শাৰী পতাই থিয় কৰোৱায়। তেওঁলোকৰ বেগসমূহ পৰীক্ষা কৰাৰ লগতে জেব খালী কৰোৱাৰ পাছত মেটেল ডিটেক্টৰেৰে সমগ্ৰ শৰীৰ পৰীক্ষা কৰা হয়। মন কৰিবলগীয়া যে বিশ্বকাপৰ ৯৬ বছৰীয়া ইতিহাসত এতিয়ালৈকে ২২বাৰ বিশ্বকাপ হৈছে, কিন্তু চেম্পিয়ন হৈছে মাত্র ৮টা দল।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement