--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ RSSৰ নেতা ড° ইন্দ্ৰেশ কুমাৰে পহলগামত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২৬ জন পৰ্যটকক হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দি কয় যে এই ঘটনাই সমগ্ৰ দেশক কঁপাই তুলিছে। তেওঁ কয় যে এই ট্ৰেজেডীৰ পিছত সমগ্ৰ দেশ একত্ৰিত হৈছে। এই ঘটনাত সমগ্ৰ বিশ্ব মৰ্মাহত হৈ পৰিছে। 

ড° ইন্দ্ৰেশ কুমাৰে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই বুলি কোৱা কথাটোক লৈ আপত্তি কৰে। তেওঁ কয় ‘‘যদি সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই তেন্তে তেওঁলোকৰ জানাজাত নামাজ কিয় পঢ়া হয়? সন্ত্ৰাসবাদীৰ জানাজাত মানুহ কিয় উপস্থিত থাকে? অৰ্থাৎ সন্ত্ৰাসবাদীৰ এটা ধৰ্ম আছে। ধৰ্ম আছে বাবেই জানাজা কৰা হয়, নামাজ পঢ়া হয়। মুছলমানসকলে সন্ত্ৰাসবাদীৰ জানাজাত নামাজ পঢ়া বন্ধ কৰিব লাগে আৰু তেওঁলোকৰ জানাজাতো অংশগ্ৰহণ কৰা বন্ধ কৰিব লাগে। ৩০-৪০ বছৰ আগতে এই পদক্ষেপ লোৱা হ’লে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নহ’লহেঁতেন।’’

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ বাবে এটা স্মৃতিসৌধ নিৰ্মাণৰ দাবী জনাইছে ইন্দ্ৰেশ কুমাৰে। ইয়াৰ দ্বাৰা মানুহক পাকিস্তানী সন্ত্ৰাসবাদীৰ নিষ্ঠুৰতাৰ কথা সোঁৱৰাই দিব বুলিও তেওঁ কয়। ইন্দ্ৰেশ কুমাৰে কয় যে এই স্মৃতিচাৰণে ৰাইজৰ মাজত দেশপ্ৰেমৰ মনোভাৱো জাগ্ৰত কৰিব। সন্ত্ৰাসবাদীৰ ধৰ্মক সঁচা অৰ্থত বহিষ্কাৰ কৰাৰ সময় আহি পৰিছে বুলিও তেওঁ কয়, তেওঁ কয় যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই বুলি কেৱল বাক্যটো ক’লেই যথেষ্ট নহয়, সেয়া সঁচা অৰ্থত প্ৰমাণ কৰি দেখুৱাব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ