--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ RSSৰ নেতা ড° ইন্দ্ৰেশ কুমাৰে পহলগামত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২৬ জন পৰ্যটকক হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দি কয় যে এই ঘটনাই সমগ্ৰ দেশক কঁপাই তুলিছে। তেওঁ কয় যে এই ট্ৰেজেডীৰ পিছত সমগ্ৰ দেশ একত্ৰিত হৈছে। এই ঘটনাত সমগ্ৰ বিশ্ব মৰ্মাহত হৈ পৰিছে। 

ড° ইন্দ্ৰেশ কুমাৰে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই বুলি কোৱা কথাটোক লৈ আপত্তি কৰে। তেওঁ কয় ‘‘যদি সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই তেন্তে তেওঁলোকৰ জানাজাত নামাজ কিয় পঢ়া হয়? সন্ত্ৰাসবাদীৰ জানাজাত মানুহ কিয় উপস্থিত থাকে? অৰ্থাৎ সন্ত্ৰাসবাদীৰ এটা ধৰ্ম আছে। ধৰ্ম আছে বাবেই জানাজা কৰা হয়, নামাজ পঢ়া হয়। মুছলমানসকলে সন্ত্ৰাসবাদীৰ জানাজাত নামাজ পঢ়া বন্ধ কৰিব লাগে আৰু তেওঁলোকৰ জানাজাতো অংশগ্ৰহণ কৰা বন্ধ কৰিব লাগে। ৩০-৪০ বছৰ আগতে এই পদক্ষেপ লোৱা হ’লে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নহ’লহেঁতেন।’’

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ বাবে এটা স্মৃতিসৌধ নিৰ্মাণৰ দাবী জনাইছে ইন্দ্ৰেশ কুমাৰে। ইয়াৰ দ্বাৰা মানুহক পাকিস্তানী সন্ত্ৰাসবাদীৰ নিষ্ঠুৰতাৰ কথা সোঁৱৰাই দিব বুলিও তেওঁ কয়। ইন্দ্ৰেশ কুমাৰে কয় যে এই স্মৃতিচাৰণে ৰাইজৰ মাজত দেশপ্ৰেমৰ মনোভাৱো জাগ্ৰত কৰিব। সন্ত্ৰাসবাদীৰ ধৰ্মক সঁচা অৰ্থত বহিষ্কাৰ কৰাৰ সময় আহি পৰিছে বুলিও তেওঁ কয়, তেওঁ কয় যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই বুলি কেৱল বাক্যটো ক’লেই যথেষ্ট নহয়, সেয়া সঁচা অৰ্থত প্ৰমাণ কৰি দেখুৱাব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ