--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰেগুট্টা পাহাৰকে ধৰি ছট্টিশগড়-তেলেংগানা সীমান্তৰ প্রায় ৮০০ কিল'মিটাৰ অঞ্চলত চলি থকা বৃহত্তম মাওবাদী-বিৰোধী অভিযানে সোমবাৰে অষ্টম দিনত ভৰি দিয়ে। আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা জনায়। এই অভিযানত ছট্টিশগড় আৰু কেন্দ্রীয় বাহিনীৰ ২৪,০০০তকৈ অধিক জোৱানে হয় প্রত্যক্ষ অথবা পৰোক্ষভাবে অংশগ্রহণ কৰিছে। 

এই অভিযানৰ মূল লক্ষ্য হৈছে দণ্ডকাৰণ্য স্পেচিয়েল জ'নেল কমিটী (ডি কে এছ জেদ চি), তেলেংগানা ষ্টেট কমিটী (টি এছ চি), পিপল্টু লিবাৰেশ্যন গেৰিলা আর্মি (পি এল জি এ), বেটেলিয়ন নং ১, চি আৰ পি কোম্পানী আৰু আন মাওবাদী গোটকে ধৰি ভিন্ন মাওবাদী সংগঠনৰ নিয়ন্ত্ৰণৰ পৰা অঞ্চলটো মুক্ত কৰা। উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে মাওবাদীয়ে এটা বিবৃতিত দাবী কৰিছিল যে উক্ত অঞ্চলটোত তেওঁলোকে বহু আই ই ডি স্থাপন কৰিছে। ইয়াৰ পাছত কেইবাজনো অসামৰিক লোক আহত হোৱাৰ উপৰি, এগৰাকী মহিলাৰ মৃত্যু হৈছিল। 

আৰক্ষীৰ জ্যেষ্ঠ বিষয়াজনে কয় যে নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলটো মুক্ত কৰিব আৰু সাধাৰণ জনতাৰ বাবে নিৰাপদ কৰি তুলিব। প্ৰশাসনৰ মতে অবৈধ মাওবাদী গ্রুপক উক্ত অঞ্চলৰ পৰা আঁতৰাই নপঠিওৱালৈকে অভিযান চলি থাকিব। এই অভিযানত বর্তমানলৈকে ৩ মাওবাদী নিহত হৈছে আৰু নিৰাপত্তা বাহিনীৰ দুজন জোৱান আহত হৈছে। 

উল্লেখযোগ্য যে মষ্ট বাণ্টেড হিডমা দামোদৰ, দেৱা আৰু আন মাওবাদী কমাণ্ডাৰকে ধৰি শীৰ্ষ পৰ্যায়ৰ মাওবাদী নেতাৰ কাৰেগুট্টা পাহাৰত উপস্থিতিৰ কথা চোৰাংচোৱা সূত্রে জানিব পাৰি মহাৰাষ্ট্ৰ, ছট্টিশগড় আৰু তেলেংগানাৰ নিৰাপত্তা বাহিনীয়ে বীজাপুৰৰ কাৰেগুট্টা পাহাৰ আগুৰি ধৰিছিল। উল্লেখযোগ্য যে ভাৰতৰ সর্ববৃহৎ মাওবাদী-বিৰোধী এই অভিযানত ডি আৰ জি, বাস্তাৰ ফাইটাৰ্ছ, এছ টি এফ, ক'ৱা আৰু চি আৰ পি এফে অংশগ্ৰহণ কৰিছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ