--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰেগুট্টা পাহাৰকে ধৰি ছট্টিশগড়-তেলেংগানা সীমান্তৰ প্রায় ৮০০ কিল'মিটাৰ অঞ্চলত চলি থকা বৃহত্তম মাওবাদী-বিৰোধী অভিযানে সোমবাৰে অষ্টম দিনত ভৰি দিয়ে। আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা জনায়। এই অভিযানত ছট্টিশগড় আৰু কেন্দ্রীয় বাহিনীৰ ২৪,০০০তকৈ অধিক জোৱানে হয় প্রত্যক্ষ অথবা পৰোক্ষভাবে অংশগ্রহণ কৰিছে। 

এই অভিযানৰ মূল লক্ষ্য হৈছে দণ্ডকাৰণ্য স্পেচিয়েল জ'নেল কমিটী (ডি কে এছ জেদ চি), তেলেংগানা ষ্টেট কমিটী (টি এছ চি), পিপল্টু লিবাৰেশ্যন গেৰিলা আর্মি (পি এল জি এ), বেটেলিয়ন নং ১, চি আৰ পি কোম্পানী আৰু আন মাওবাদী গোটকে ধৰি ভিন্ন মাওবাদী সংগঠনৰ নিয়ন্ত্ৰণৰ পৰা অঞ্চলটো মুক্ত কৰা। উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে মাওবাদীয়ে এটা বিবৃতিত দাবী কৰিছিল যে উক্ত অঞ্চলটোত তেওঁলোকে বহু আই ই ডি স্থাপন কৰিছে। ইয়াৰ পাছত কেইবাজনো অসামৰিক লোক আহত হোৱাৰ উপৰি, এগৰাকী মহিলাৰ মৃত্যু হৈছিল। 

আৰক্ষীৰ জ্যেষ্ঠ বিষয়াজনে কয় যে নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলটো মুক্ত কৰিব আৰু সাধাৰণ জনতাৰ বাবে নিৰাপদ কৰি তুলিব। প্ৰশাসনৰ মতে অবৈধ মাওবাদী গ্রুপক উক্ত অঞ্চলৰ পৰা আঁতৰাই নপঠিওৱালৈকে অভিযান চলি থাকিব। এই অভিযানত বর্তমানলৈকে ৩ মাওবাদী নিহত হৈছে আৰু নিৰাপত্তা বাহিনীৰ দুজন জোৱান আহত হৈছে। 

উল্লেখযোগ্য যে মষ্ট বাণ্টেড হিডমা দামোদৰ, দেৱা আৰু আন মাওবাদী কমাণ্ডাৰকে ধৰি শীৰ্ষ পৰ্যায়ৰ মাওবাদী নেতাৰ কাৰেগুট্টা পাহাৰত উপস্থিতিৰ কথা চোৰাংচোৱা সূত্রে জানিব পাৰি মহাৰাষ্ট্ৰ, ছট্টিশগড় আৰু তেলেংগানাৰ নিৰাপত্তা বাহিনীয়ে বীজাপুৰৰ কাৰেগুট্টা পাহাৰ আগুৰি ধৰিছিল। উল্লেখযোগ্য যে ভাৰতৰ সর্ববৃহৎ মাওবাদী-বিৰোধী এই অভিযানত ডি আৰ জি, বাস্তাৰ ফাইটাৰ্ছ, এছ টি এফ, ক'ৱা আৰু চি আৰ পি এফে অংশগ্ৰহণ কৰিছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ