--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ঘূৰি আহিছে ভিণ্টেজ কোহলী। চলিত বিশ্বকাপত ফৰ্মৰ তুংগৰ পৰা ননমাই হ’ল কিং কোহলী। কঠিন পৰিস্থিতি সহজ কৰাত অলপো পাছ পৰা নাই মহাতাৰকাগৰাকীয়ে। মহাশক্তিশালী নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ ২১ সংখ্যক মেচতো দেখা গ’ল কোহলীৰ বিৰাট ইনিংছ।

ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েনত হোৱা মেচখনত টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে। আৰম্ভণিতেই নিউজিলেণ্ডে উজুটি খায়। ব্যৰ্থ হয় ফৰ্মত থকা ডেভন কনৱে’ (০) আৰু উইল ইয়ং (১৭)। কিন্তু অপ্ৰতিৰোধ্য হৈ ৰয় ৰছিন ৰবীন্দ্ৰ (৭৫) আৰু ডেৰীল মিচেল (১৩০)। দুয়ো তৃতীয় উইকেটৰ যুটীত ১৬১ ৰাণেৰে ইনিংছ গঢ়ে। ডেৰীল মিচেলে দুৰ্দান্ত শতক অৰ্জন কৰে। তেওঁলোকে যোৱাৰ পাছতে পুনৰ বেটিং খহনীয়াৰ সৃষ্টি হয়। গ্লেন ফিলিপছে ২৩ ৰাণৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে আন সকলো বেটাৰ ব্যৰ্থ হয়।

ফৰ্মৰ শিখৰত থকা নিউজিলেণ্ডৰ মাৰমুখী বেটাৰসকলক পৰাভূত হোৱাৰ মূলতে হ’ল ভাৰতীয় বলাৰসকলৰ দূৰ্দান্ত বলিং। মহম্মদ ছামীয়ে লাভ কৰে পাঁচটাকৈ উইকেট। কুলদীপ যাদৱৰ হাতলৈ যায় দুটা উইকেট। নিৰ্ধাৰিত অভাৰত ২৭৩ ৰাণত অল আউট হয় কিৱি বাহিনী।

২৭৪ ৰাণৰ লক্ষ্য হাতত লৈ ভাৰতে সুন্দৰ আৰম্ভণি ঘটায়। শুভমন গীল (২৬)-এ দীঘলিয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হ’লেও ৪৬ ৰাণ কৰে ৰোহিত শৰ্মাই। শ্ৰেয়ছ আয়াৰে ৩৩ ৰাণ, কে এল ৰাহুলে ২৭ ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাই ৩৯ ৰাণ কৰি ইনিংছৰ স্থিতি বজাই ৰাখে। আনটো মূৰত শতকৰ অভিমুখে ৰাওনা হৈও ৯৫ ৰাণত আউট হয় কিং কোহলী। কিন্তু দলক দি যায় বিজয়ৰ সোৱাদ। কোহলী যোৱাৰ পাছতে জাডেজাই এটা চাৰিৰে ছয় উইকেটৰ বিনিময়ত দলৰ বিজয় নিশ্চিত কৰে। 

উল্লেখ্য যে মাৰমুখী বেটিঙৰ উপৰিও চোকা বলিঙেৰে চৰ্চাত আছিল নিউজিলেণ্ড। দলটোৰ মেট হেনৰী, ট্ৰেণ্ট ব’ল্ট, লকী ফাৰ্গুছন, মিচেল ছাণ্টনাৰ দূৰ্দান্ত ফৰ্মত আছিল। ভবা হৈছিল যে ভাৰতীয় বেটিং লাইন আপৰ ওপৰত এওঁলোকে সন্ত্ৰাসৰ সৃষ্টি কৰিব। কিন্তু কাৰ্যতঃ ব্যৰ্থ হয় তেওঁলোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক