--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ঘূৰি আহিছে ভিণ্টেজ কোহলী। চলিত বিশ্বকাপত ফৰ্মৰ তুংগৰ পৰা ননমাই হ’ল কিং কোহলী। কঠিন পৰিস্থিতি সহজ কৰাত অলপো পাছ পৰা নাই মহাতাৰকাগৰাকীয়ে। মহাশক্তিশালী নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ ২১ সংখ্যক মেচতো দেখা গ’ল কোহলীৰ বিৰাট ইনিংছ।

ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েনত হোৱা মেচখনত টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে। আৰম্ভণিতেই নিউজিলেণ্ডে উজুটি খায়। ব্যৰ্থ হয় ফৰ্মত থকা ডেভন কনৱে’ (০) আৰু উইল ইয়ং (১৭)। কিন্তু অপ্ৰতিৰোধ্য হৈ ৰয় ৰছিন ৰবীন্দ্ৰ (৭৫) আৰু ডেৰীল মিচেল (১৩০)। দুয়ো তৃতীয় উইকেটৰ যুটীত ১৬১ ৰাণেৰে ইনিংছ গঢ়ে। ডেৰীল মিচেলে দুৰ্দান্ত শতক অৰ্জন কৰে। তেওঁলোকে যোৱাৰ পাছতে পুনৰ বেটিং খহনীয়াৰ সৃষ্টি হয়। গ্লেন ফিলিপছে ২৩ ৰাণৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে আন সকলো বেটাৰ ব্যৰ্থ হয়।

ফৰ্মৰ শিখৰত থকা নিউজিলেণ্ডৰ মাৰমুখী বেটাৰসকলক পৰাভূত হোৱাৰ মূলতে হ’ল ভাৰতীয় বলাৰসকলৰ দূৰ্দান্ত বলিং। মহম্মদ ছামীয়ে লাভ কৰে পাঁচটাকৈ উইকেট। কুলদীপ যাদৱৰ হাতলৈ যায় দুটা উইকেট। নিৰ্ধাৰিত অভাৰত ২৭৩ ৰাণত অল আউট হয় কিৱি বাহিনী।

২৭৪ ৰাণৰ লক্ষ্য হাতত লৈ ভাৰতে সুন্দৰ আৰম্ভণি ঘটায়। শুভমন গীল (২৬)-এ দীঘলিয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হ’লেও ৪৬ ৰাণ কৰে ৰোহিত শৰ্মাই। শ্ৰেয়ছ আয়াৰে ৩৩ ৰাণ, কে এল ৰাহুলে ২৭ ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাই ৩৯ ৰাণ কৰি ইনিংছৰ স্থিতি বজাই ৰাখে। আনটো মূৰত শতকৰ অভিমুখে ৰাওনা হৈও ৯৫ ৰাণত আউট হয় কিং কোহলী। কিন্তু দলক দি যায় বিজয়ৰ সোৱাদ। কোহলী যোৱাৰ পাছতে জাডেজাই এটা চাৰিৰে ছয় উইকেটৰ বিনিময়ত দলৰ বিজয় নিশ্চিত কৰে। 

উল্লেখ্য যে মাৰমুখী বেটিঙৰ উপৰিও চোকা বলিঙেৰে চৰ্চাত আছিল নিউজিলেণ্ড। দলটোৰ মেট হেনৰী, ট্ৰেণ্ট ব’ল্ট, লকী ফাৰ্গুছন, মিচেল ছাণ্টনাৰ দূৰ্দান্ত ফৰ্মত আছিল। ভবা হৈছিল যে ভাৰতীয় বেটিং লাইন আপৰ ওপৰত এওঁলোকে সন্ত্ৰাসৰ সৃষ্টি কৰিব। কিন্তু কাৰ্যতঃ ব্যৰ্থ হয় তেওঁলোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement