--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটছমেনে ছয় মাৰে। তেওঁৰ এই প্ৰচেষ্টাত তিনিটা ঘটনা একেলগে ঘটিল। বেটৰ হেণ্ডেলটো হাতত ৰৈ গ’ল। বাকী বেটখন উৰি গ’ল মিড উইকেট অঞ্চললৈ। বলটোও এটা নিৰ্দিষ্ট দিশত উৰি গ’ল। মহিলা বিগ বেছ লীগত ঘটিছে এয়া। যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অষ্ট্ৰেলিয়াৰ গ্ৰেচ হেৰিছে বিগ বেছ লীগত এনে এক কাৰ্য সংঘটিত কৰিছে। ব্রিজবেন হিটৰ বেটছমেনগৰাকীয়ে পার্থ স্কোর্চাৰ্ছৰ বিৰুদ্ধে ৫৯টা বলত ১৩৬ ৰান ইনিংছ খেলিছিল৷ ১২টা চাৰি আৰু ১১টা ছয় মাৰিলে। ইনিংছৰ ১৪ অভাৰত হেৰিছে সতীৰ্থসকলক নতুন বেট আনিবলৈ কয়। যেতিয়া এজন সতীৰ্থই নতুন বেট আনিব বিচাৰিছিল, তেতিয়া তেওঁ কয় যে এতিয়া কোনো প্ৰয়োজন নাই। আৰু কেইটামান বল খেলাৰ পিছত নতুন বেট এখন ল’ব।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যোৱা টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ দলৰ পৰা বাদ দিয়া হৈছিল ৩০ বছৰীয়া ক্ৰিকেটাৰগৰাকীক। বেট ভাঙিলেও হেৰিছে পাৰ্থৰ শতকৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰ্বাচকসকললৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁৰ শতকেৰে ব্রিজবেনে ৭ উইকেটত ২২৯ ৰান সংগ্ৰহ কৰে, যিটো মহিলা বিগ বেছ লীগত দ্বিতীয় সৰ্বাধিক।

মহিলা বিগ বেছ লীগত শতক অৰ্জন কৰা তৃতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে হেৰিছ। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল এলিছা হিলি আৰু ছফী ডেভাইনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ