--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটছমেনে ছয় মাৰে। তেওঁৰ এই প্ৰচেষ্টাত তিনিটা ঘটনা একেলগে ঘটিল। বেটৰ হেণ্ডেলটো হাতত ৰৈ গ’ল। বাকী বেটখন উৰি গ’ল মিড উইকেট অঞ্চললৈ। বলটোও এটা নিৰ্দিষ্ট দিশত উৰি গ’ল। মহিলা বিগ বেছ লীগত ঘটিছে এয়া। যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অষ্ট্ৰেলিয়াৰ গ্ৰেচ হেৰিছে বিগ বেছ লীগত এনে এক কাৰ্য সংঘটিত কৰিছে। ব্রিজবেন হিটৰ বেটছমেনগৰাকীয়ে পার্থ স্কোর্চাৰ্ছৰ বিৰুদ্ধে ৫৯টা বলত ১৩৬ ৰান ইনিংছ খেলিছিল৷ ১২টা চাৰি আৰু ১১টা ছয় মাৰিলে। ইনিংছৰ ১৪ অভাৰত হেৰিছে সতীৰ্থসকলক নতুন বেট আনিবলৈ কয়। যেতিয়া এজন সতীৰ্থই নতুন বেট আনিব বিচাৰিছিল, তেতিয়া তেওঁ কয় যে এতিয়া কোনো প্ৰয়োজন নাই। আৰু কেইটামান বল খেলাৰ পিছত নতুন বেট এখন ল’ব।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যোৱা টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ দলৰ পৰা বাদ দিয়া হৈছিল ৩০ বছৰীয়া ক্ৰিকেটাৰগৰাকীক। বেট ভাঙিলেও হেৰিছে পাৰ্থৰ শতকৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰ্বাচকসকললৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁৰ শতকেৰে ব্রিজবেনে ৭ উইকেটত ২২৯ ৰান সংগ্ৰহ কৰে, যিটো মহিলা বিগ বেছ লীগত দ্বিতীয় সৰ্বাধিক।

মহিলা বিগ বেছ লীগত শতক অৰ্জন কৰা তৃতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে হেৰিছ। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল এলিছা হিলি আৰু ছফী ডেভাইনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত