--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন মিলনৰ পাছত অসুস্থ হোৱা পৰিঘটনাটো নতুন কথা নহয়। কিছুদিন পূৰ্বে এজন পুৰুষ যৌন সম্পৰ্কৰ পিছত হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰ ওলাইছিল।  কিন্তু যৌন সংগমৰ পাছত স্মৃতিশক্তি হেৰুৱাৰ পৰিঘটনাটো নতুন। শেহতীয়াকৈ, আয়াৰলেণ্ডৰ এজন ব্যক্তিৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হোৱা দেখা গৈছে। জানিবলৈ পোৱা মতে, পত্নীৰ সৈতে যৌন সংগমৰ দহ মিনিট পিছতে স্মৃতিশক্তি হেৰুৱায় এইগৰাকী বৃদ্ধাই।

অৱশ্যে, কোনো যুৱকৰ লগত এনে কোনো ঘটনা সংঘটিত হোৱা নাই। আয়াৰলেণ্ডৰ মেডিকেল জাৰ্নেলৰ মতে, ব্যক্তিজনৰ বয়স আছিল ৬৬ বছৰ। পত্নীৰ সৈতে যৌন মিলনৰ পাছতহে তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ কিছু স্মৃতি হেৰুৱাই পেলাইছে। যৌন মিলনৰ দহ মিনিট পিছত এনে ঘটনা সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে। মেডিকেল জাৰ্নেলখনৰ মতে, বৃদ্ধাজনে হ্ৰস্বকালীন স্মৃতিশক্তি হেৰুৱাই পেলাইছিল। হঠাতে তেওঁ লক্ষ্য কৰিলে যে, কালি কৰা কামবোৰ মনত পেলাব পৰা নাই। আগদিনা আছিল তেওঁৰ বিবাহ বাৰ্ষিকী অনুষ্ঠান। তাকো পাহৰি যায় তেওঁ। 

আইৰিছ মেডিকেল জাৰ্নেলৰ মতে চিকিৎসাৰ ক্ষেত্ৰত এই অৱস্থাটোক TGA বুলি কোৱা হয়। অৰ্থাত্‍ ট্ৰেনজিট গ্ল’বেল এম্নেছিয়া। ৫০ৰ পৰা ৬০ বছৰ বয়সৰ লোক এই ৰোগত আক্ৰান্ত হয় যৌন সম্পৰ্কৰ পিছত এনে ঘটনা ঘটিব পাৰে।  কিন্তু এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে ৫ঘন্টা পাছতে আৰোগ্য লাভ কৰিব পাৰে।

এই ব্যক্তিজনৰ ক্ষেত্ৰতো কেইবা ঘণ্টা পিছত ঘূৰাই পাইছিল স্মৃতিশক্তি। জানিবলৈ পোৱা মতে, কেইবামাহ পূৰ্বে এই লোকজনৰ লগতো একেই ঘটনা ঘটিছিল। যৌন সম্পৰ্কৰ কিছু সময়ৰ পিছতে কাম নকৰা হয় বৃদ্ধাগৰাকীৰ মগজুৱে। চিকিৎসকে কয় যে, যৌন সংগমৰ উপৰি আন কিছুমান ক্ষেত্ৰত টিজিএই আক্ৰমণ কৰিব পাৰে। যেনে- অত্যধিক শাৰীৰিক পৰিশ্ৰম, অতিৰিক্ত ঠাণ্ডা আৰু গৰম পানীত গা ধুই থকাৰ লগতে মানসিক চাপে অত্যধিক বিষৰ সৃষ্টি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ