--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাউটে(Kangana Ranaut) কিবা নহয় কিবা কথাত প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি থাকে। ভিন্ন সময়ত বিভিন্ন বিতৰ্কমূলক কথা কৈয়ো কংগনা চৰ্চাত থাকে। এইবাৰ এজন যুৱকক মুকলিকৈ চুম্বন কৰি আলোচনাৰ বিষয় হৈ পৰিছে অভিনেত্ৰীগৰাকী। বৰ্তমান সময়ত কংগনা তেওঁৰ আহিবলগীয়া ছবি ‘ধাকড়’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। 

ৰিয়েলিটি শ্ব’ ‘লক আপ’ৰ হষ্ট হিচাপেও দেখা গৈছে অভিনেত্ৰীগৰাকীক। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে এটা পাৰ্টিত অভিনেত্ৰীগৰাকীয়ে সকলোৰে সন্মুখত এজন যুৱকক দুবাৰকৈ চুমা খাইছিল। সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰিল কোন এই যুৱক...যিয়ে কংগনাৰ চুম্বনৰ পৰশ পালে। ভিডিঅ’টোত দেখা পোৱা যুৱকজন আন কোনো নহয়, তেওঁ ‘লক আপ’ৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগী শিৱম শৰ্মা। অভিনেত্ৰীগৰাকীয়ে হঠাতে শিৱমক চুম্বন যঁচাত শিৱম নিজেই আচৰিত হৈ পৰিছে, সেই কথা তেওঁৰ প্ৰতিক্ৰিয়ালৈ চালেই বুজিব পাৰি। 


চাওক ভিডিঅ 


উল্লেখযোগ্য যে লক আপৰ এই প্ৰথম ছিজনৰ শেষত মুনায়াৰ ফাৰুকিয়ে ট্ৰফী অৰ্জন কৰিবলে সক্ষম হয়। এই ৰিয়েলিটি শ্ব’টোৰ শেষত কংগনা ৰাণাউট আৰু একতা কাপুৰে একেলগে গ্ৰেণ্ড পাৰ্টি কৰিছিল। তাত বলীউডৰ কেইবাগৰাকী বিখ্যাত তাৰকাও উপস্থিত আছিল। লক আপ’ৰ সকলো প্ৰতিযোগীও উপস্থিত আছিল। এই পাৰ্টিতে শিৱম শৰ্মাক চুমা খাইছিল কংগনাই। অভিনেত্ৰীগৰাকীৰ এই কাৰ্যই শিৱম শৰ্মাৰ লগতে সমগ্ৰ নেটিজেনকো আচৰিত কৰি তুলিছে। বহুতে বহু প্ৰশ্ন কৰিলেও পাছে কংগনাই এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

আৰু পঢ়কঃ সোৱাদতেই নহয় ঔষধি গুণতো অতুলনীয় খৰিচা! জানো আহক ইয়াৰ উপকাৰিতা

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ