--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কিত মন্তব্য কংগনা ৰানাৱটৰ। এইবাৰ বলীউডৰ তাৰকাসকলৰ উভতি ধৰিলে বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে। বলীউডৰ কোনো তাৰকাৰ তেওঁৰ ঘৰত ভৰি দিয়াৰ যোগ্যতা নাই বুলি মন্তব্য এইগৰাকী ‘কণ্ট্ৰ’ভাৰ্ছী কুইন’ৰ।

উল্লেখ্য যে, শুকুৰবাৰে ছবিগৃহত মুক্তি পাব কংগনা অভিনীত ছবি ‘ধাকড়’। ছবিখনৰ প্ৰচাৰত অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল, কোন কোন বলীউড তাৰকাক তেওঁ ঘৰলৈ আমন্ত্ৰণ জনাব?  প্ৰত্যুত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোৰ ঘৰত ভৰি থোৱাৰ যোগ্যতা নাই কোনো বলীউড তাৰকাৰ। ঘৰলৈ মতাৰ কোনো প্ৰয়োজন নাই। বাহিৰত সাক্ষাত্‍ হোৱাতেই সকলো ঠিক আছে।’

কংগনাই বলীউডৰ কাকো বন্ধু হোৱাৰ যোগ্য বুলিও নাভাবে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, মোৰ বন্ধু হোৱাৰ যোগ্যতা কাৰো নাই। কংগনাই অৱশ্যে এনে বিতৰ্কিত মন্তব্য কৰিয়েই থাকে। কিছুদিন পূৰ্বে তেওঁ বলীউডৰ তাৰকা সন্তানক সিজোৱা কণীৰ সৈতে তুলনা কৰিছিল। শেহতীয়াকৈ মুক্তি লাভ কৰিছে জোয়া আখতাৰৰ ছবি ‘দ্য আৰ্চি’ৰ টিজাৰ। ছবিখনত অভিনয় কৰিছে শ্বাহৰূখ কন্যা সুহানা খান, অমিতাভ বচ্চনৰ নাতি অগস্ত্য আৰু শ্ৰীদেৱীৰ কন্যা খুশী কাপুৰে। তেওঁলোকৰ বিৰুদ্ধে কংগনাই এনে বিতৰ্কিত মন্তব্য কৰা বুলি ধাৰণা কৰি লৈছে একাংশই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত