--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কিত মন্তব্য কংগনা ৰানাৱটৰ। এইবাৰ বলীউডৰ তাৰকাসকলৰ উভতি ধৰিলে বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে। বলীউডৰ কোনো তাৰকাৰ তেওঁৰ ঘৰত ভৰি দিয়াৰ যোগ্যতা নাই বুলি মন্তব্য এইগৰাকী ‘কণ্ট্ৰ’ভাৰ্ছী কুইন’ৰ।

উল্লেখ্য যে, শুকুৰবাৰে ছবিগৃহত মুক্তি পাব কংগনা অভিনীত ছবি ‘ধাকড়’। ছবিখনৰ প্ৰচাৰত অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল, কোন কোন বলীউড তাৰকাক তেওঁ ঘৰলৈ আমন্ত্ৰণ জনাব?  প্ৰত্যুত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোৰ ঘৰত ভৰি থোৱাৰ যোগ্যতা নাই কোনো বলীউড তাৰকাৰ। ঘৰলৈ মতাৰ কোনো প্ৰয়োজন নাই। বাহিৰত সাক্ষাত্‍ হোৱাতেই সকলো ঠিক আছে।’

কংগনাই বলীউডৰ কাকো বন্ধু হোৱাৰ যোগ্য বুলিও নাভাবে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, মোৰ বন্ধু হোৱাৰ যোগ্যতা কাৰো নাই। কংগনাই অৱশ্যে এনে বিতৰ্কিত মন্তব্য কৰিয়েই থাকে। কিছুদিন পূৰ্বে তেওঁ বলীউডৰ তাৰকা সন্তানক সিজোৱা কণীৰ সৈতে তুলনা কৰিছিল। শেহতীয়াকৈ মুক্তি লাভ কৰিছে জোয়া আখতাৰৰ ছবি ‘দ্য আৰ্চি’ৰ টিজাৰ। ছবিখনত অভিনয় কৰিছে শ্বাহৰূখ কন্যা সুহানা খান, অমিতাভ বচ্চনৰ নাতি অগস্ত্য আৰু শ্ৰীদেৱীৰ কন্যা খুশী কাপুৰে। তেওঁলোকৰ বিৰুদ্ধে কংগনাই এনে বিতৰ্কিত মন্তব্য কৰা বুলি ধাৰণা কৰি লৈছে একাংশই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ