--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অতি সোনকালেই ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব CBSE আৰু CISCE পৰীক্ষাৰ ফলাফল। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( CBSE ) আৰু ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদ (CISCE)এ শীঘ্ৰেই প্ৰথম টাৰ্মৰ ফলাফল প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি অহা সপ্তাহৰ ভিতৰত CBSE আৰু CISCE ৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ফলাফল। CBSE ৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ১৫ জানুৱাৰীৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ফলাফল ঘোষণা হোৱাৰ পিছত বোৰ্ডে পুনৰ ২ টা টাৰ্মৰ পৰীক্ষা অনুষ্ঠিত কৰিব। শিক্ষাৰ্থীসকলক কম্পিউটাৰসৃষ্ট (COMPUTER GENERATED) মাৰ্কশ্বীট একোখন প্ৰদান কৰা হ'ব। এই মাৰ্কশ্বীটত প্ৰতিজন পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ উল্লেখ থাকিব। CBSEৰ দৰেই CISCE য়েও এইবাৰ মেধাৰ ভিত্তিত (Merit basis) তালিকা প্ৰকাশ নকৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত কোনো শিক্ষাৰ্থী উত্তীৰ্ণ বা অনুতীৰ্ণ বুলি বিবেচিত নহ'ব। পৰীক্ষাৰ দ্বিতীয় ছেমিষ্টাৰ সমাপ্ত হোৱাৰ পাছতহে চূড়ান্ত মেধা তালিকা (Merit List) প্ৰকাশ কৰা হ'ব।


সামগ্ৰিক ফলাফল অৰ্থাৎ - উত্তীৰ্ণ বা অনুত্তীৰ্ণৰ ঘোষণা তথা কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বাবে যোগ্য/অযোগ্য আদি দ্বিতীয় ছেমিষ্টাৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতহে ঘোষণা কৰা হ'ব। এক অধিসূচনা যোগে এই কথা CISCE য়ে প্ৰকাশ কৰিছে।
পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই CBSE এ দ্বিতীয় ছেমিষ্টাৰৰ পৰীক্ষাসূচী প্ৰকাশ কৰিব। পূৰ্বৰ পৰীক্ষাৰ দৰেই এইবাৰো আৰ্হি প্ৰশ্ন কাকতসমূহ CBSEৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ’ব। আৰ্হি প্ৰশ্নকাকতৰ লগতে CBSEএ এটা মূল্যাংকনৰ ব্যৱস্থাও প্ৰকাশ কৰিব। য’ত ছাত্ৰ-ছাত্ৰীসকলে আত্ম-মূল্যাংকন কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে CBSEএ। Subjective আৰু Objective হিচাপে দুটা প্ৰকাৰৰ আৰ্হি প্ৰশ্ন কাকত CBSEএ ৱেবছাইটত প্ৰকাশ কৰিব। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈ CBSEএ কোনো আনুষ্ঠানিক অধিসূচনা জাৰি কৰা নাই।


ক’ত লাভ কৰিব CBSE ৰ আৰ্হি প্ৰশ্ন কাকত?
CBSE ৰ আৰ্হি প্ৰশ্নকাকত কেৱল অফিচিয়েল ৱেবছাইটতহে প্ৰকাশ কৰা হ’ব। তাৰ বাবে পৰীক্ষীৰ্থীসকলে তলত দিয়া ধৰণে অনুসৰণ কৰিব পাৰে।
১) CBSE ৰ অফিচিয়েল ৱেবছাইট খোলক (cbseacadmics.nic.in)
২) Home Page ত গৈ Sample Question Paper link ত ক্লিক কৰক
৩) শ্ৰেণী নিৰ্বাচন কৰক (তাৰ পাছত এটা নতুন পেজ খোল খাব)
৪) অনুশীলন কৰিব বিচৰা আৰ্হি প্ৰশ্ন কাকতত ক্লিক কৰক

আৰ্হি প্ৰশ্নকাকতৰ বাবে শিক্ষাৰ্থীসকলক CBSEৰ অফিচিয়েল ৱেবছাইট cbse.nic.in বা cbseacademics.nic.in ত লগ অন্ কৰিবলৈ অনুৰোধ জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
Missing Man's Body Recovered from Palla River: Murder Suspected over Extramarital Affair
The Future of Sri Lankan Cricket: Young Players, Emerging Stars, and the Next Generation of Talent
Man Detained for Attempting Illegal Second Marriage amid State Crackdown on Polygamy
From Floods to Farms: KADlien Promotes Potato Farming in Assam for Multinational Company, Empowering Flood-Affected Farmers for Economic Growth and Sustainability
Bijni: Mother of 6-Year-Old Missing for over Two Months
Shocking Daylight Murder: Missing Dhakuakhana Businessman Found Dead in Neighbour's Residence