--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেলেণ্টাইন ডে'। প্ৰেমৰ মধুৰ আৱেশেৰে আজি বান্ধ খাইছে প্ৰতিখন প্ৰেমাকুল হৃদয়। এই ভেলেণ্টাইন ডে'ত আজি আমি আপোনাক ক'ম এক প্ৰেম কাহিনী, যি কাহিনীয়ে সকলোৰে মন ভৰাই তুলে। ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীত এগৰাকী আইএএছ বিষয়া আৰু এগৰাকী আইপিএছ বিষয়া বিবাহপাশত আৱদ্ধ হৈছিল। ছ'চিয়েল মিডিয়াত এই বিয়াখনৰ যথেষ্ট চৰ্চা চলিছিল। স্বামী আইএএছ বিষয়া আৰু পত্নী আইপিএছ বিষয়া। আইএএছ বিষয়াজনৰ নাম তুষাৰ চিংগ্লা আৰু তেওঁৰ আইপিএছ পত্নীৰ নাম নৱজ্যোত চিমি। তুষাৰ বেংগল কেডাৰত কৰ্মৰত আৰু নৱজ্যোত চিমি বিহাৰ কেডাৰত কৰ্মৰত। তুষাৰ চিংগ্লা ২০১৫ চনৰ বেটছৰ বিষয়া আৰু নৱজ্যোত ২০১৮ চনৰ বেটছৰ আইপিএছ বিষয়া। তুষাৰ পঞ্জাৱৰ বৰ্ণালাৰ বাসিন্দা আৰু নৱজ্যোত পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা। এই প্ৰেম কাহিনী তেতিয়া আৰম্ভ হৈছিল যেতিয়া তুষাৰক বংগত নিযুক্তি দিয়া হৈছিল। সেইসময়ত তেওঁৰ দৃষ্টিগোচৰ হয় যে পঞ্জাৱৰ পৰা নৱজ্যোত চিমি নামৰ এগৰাকী যুৱতী আইপিএছৰ বাবে নিৰ্বাচিত হৈছে। দুয়োজন যিহেতু পঞ্জাৱৰ বাসিন্দা, সেয়েহে নিজৰ স্থানৰ মানুহ বাবে দুয়োৰে মাজত ফ'নত সাধাৰণ চিনাকি হয়। তাৰপাছত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয়। এনেদৰে কথা পাতি পাতি দুয়ো ভাল বন্ধু হৈ পৰে। দুয়ো ইজনে সিজনৰ সকলোবোৰ কথা শ্বেয়াৰ কৰিবলৈ ললে। দুয়োজনে ইজনে সিজনৰ লগত কথা পাতিয়ে খুব ভাল পাইছিল আৰু লাহে লাহে এই ভাললগাই প্ৰেমলৈ পৰিৱৰ্তিত হয়। দুয়োৰে বান্ধোন যেতিয়া দৃঢ় হৈ আহিল তেতিয়া দুয়োজনে ইজনে সিজনক ডেট কৰিবলৈ আৰম্ভ কৰে। দুয়ো জীৱনৰ বাবে এক হোৱাৰ সিদ্ধান্ত লৈ বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ মাজত আটাইতকৈ ভাল কথাটো হ'ল যে দুয়োজন পঞ্জাৱৰ আছিল আৰু তেওঁলোক দুয়োৰে একে সংস্কৃতি আছিল, যি দুয়োৰে মাজৰ সম্পৰ্ক গঢ় লোৱাত এটা ডাঙৰ কাৰক আছিল। তেওঁলোক দুয়োৰে কামো একে আছিল কিন্তু চাকৰিটোৰ প্ৰকৃতি বেলেগ আছিল। স্বামী থাকে বংগত, পত্নী থাকে বিহাৰত। দুয়োৰে মাজত লং ডিচটেন্স ৰিলেছনশ্বিপ যদিও এই কথা কোনোদিন তেওঁলোকৰ বাবে প্ৰেমৰ বাধা হৈ নপৰিল কিয়নো সুযোগ পালেই ইজনে সিজনক ফ'নত সময় দিয়ে আৰু সুযোগ পালেই দুয়ো দুয়োকে লগ কৰে। এই কথাই দুয়োৰে সম্পৰ্ক শক্তিশালী কৰি তুলিছে। দুখন বেলেগ ৰাজ্যত থকা স্বত্বেও ইজনে সিজনৰ ওপৰত ৰখা বিশ্বাসৰ বাবে দুয়ো হৃদয়ৰ ওচৰত থাকে। চাকৰিৰ ইমান হেঁচাৰ মাজতো দুয়ো দুয়োৰে সম্পৰ্কক সদায় গুৰুত্ব দি আহিছে। এই ভেলেণ্টাইন দিৱসত তেওঁলোকৰ বিবাহৰ ২ বছৰ সম্পূৰ্ণ হৈছে। আইএএছ আৰু আইপিএছ দম্পতীৰ জীৱন সুখৰ হ'বলৈ সকলোৱে জনাইছে শুভেচ্ছা। আৰু পঢ়কঃ যুৱতীৰ উচ্চতা ২ ফুট আৰু প্ৰেমিক ১৩ বছৰৰ সৰু! ট্ৰ’লক আওকাণ কৰি গায় প্ৰেমৰ জয়গান

FOLLOW US F
POPULAR
FEATURE
TRENDY
Missing Man's Body Recovered from Palla River: Murder Suspected over Extramarital Affair
The Future of Sri Lankan Cricket: Young Players, Emerging Stars, and the Next Generation of Talent
Man Detained for Attempting Illegal Second Marriage amid State Crackdown on Polygamy
From Floods to Farms: KADlien Promotes Potato Farming in Assam for Multinational Company, Empowering Flood-Affected Farmers for Economic Growth and Sustainability
Bijni: Mother of 6-Year-Old Missing for over Two Months
Shocking Daylight Murder: Missing Dhakuakhana Businessman Found Dead in Neighbour's Residence