ডিজিটেল ডেস্ক : হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই থকা দুটি বিশেষ জীৱ। এযোৰ অমৰ পাৰ। যিযোৰ পাৰই লাভ কৰিছিল ভগৱান শিৱৰ আশীৰ্বাদ। সাধাৰণতে অমৰনাথ যাত্ৰা কেৱল এক কঠিন ধৰ্মীয় যাত্ৰাই নহয়, ইয়াৰ লগত জড়িত বহুতো অলৌকিক কাহিনী আৰু ৰহস্যই ভক্তসকলৰ মনতো বিশ্বাস গভীৰ কৰি তোলে। ইয়াৰ ভিতৰত এক প্ৰধান আৰু ৰহস্যময় কাহিনী হ’ল এযোৰ পাৰৰ কাহিনী।
প্ৰবাদ অনুসৰি ভগৱান শিৱই পাৰ্বতীক অমৰত্বৰ ৰহস্য ক’বলৈ অমৰনাথ গুহা বাছি লৈছিল। শিৱই আন কোনোৱে এই গোপন কথা শুনাটো বিচৰা নাছিল। সেয়ে তেওঁ নন্দী, ম’হ, সাপকে ধৰি তেওঁৰ সকলো সংগীক এৰি পাৰ্বতীক লৈ অকলে এই গুহালৈ আহিছিল। কিন্তু যেতিয়া ভগৱান শিৱই অমৰ কাহিনী বৰ্ণনা কৰি আছিল, তেতিয়া সেই গুহাটোত থকা এযোৰ পাৰই এই কাহিনী শুনিছিল আৰু কাহিনী শুনাৰ লগে লগে পাৰযোৰ অমৰ হৈ পৰিছিল।
বিশ্বাস অনুসৰি এই পাৰযোৰ দৰ্শন হ'লে আধ্যাত্মিক সিদ্ধতা আৰু ঐশ্বৰিকতা অনুভৱ হয়। সেয়েহে বহু লোকে অমৰনাথ যাত্ৰালৈ গ'লে এই পাৰযোৰ দৰ্শন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ স্থানীয় লোকসকলে মতে প্ৰতি পূৰ্ণিমাৰ দিনা মাজনিশা এতিয়াও এই পাৰ চৰাইযোৰ গুহা আহে।
 
                     
     
     
                         
                         
                         
                         
                         
                         
                         
                         
                             
                             
                             
                             
                             
                             
                            