--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আদালতে নিৰ্দেশ দিছে যে জৰিমনা হিচাপে সংগ্ৰহ কৰা এই ধনখিনি ভুক্তভোগী ছাত্ৰীগৰাকীক আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰা হ'ব।

ডিজিটেল ডেস্ক: ধুবুৰীৰ বিশেষ পকছো (POCSO) আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত এজন প্ৰধান শিক্ষকক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। বিদ্যালয়ৰ পবিত্ৰ চৌহদৰ ভিতৰতে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা এই জঘন্য কাণ্ডটোৰ আজি পাঁচ বছৰৰ অন্তত আদালতে চূড়ান্ত ৰায় ঘোষণা কৰে।


২০২১ চনৰ ১০ জুনত ধুবুৰী জিলাৰ ফকিৰগঞ্জস্থিত ছাতছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ত এই লজ্জাজনক ঘটনাটো সংঘটিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলে নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতন চলাইছিল।


দীৰ্ঘদিনীয়া শুনানিৰ অন্তত ধুবুৰীৰ বিশেষ ন্যায়াধীশ (পকছো) আলহাজ ছাবিনা মজুমদাৰে এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰে। আদালতে অভিযুক্ত প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক দোষী সাব্যস্ত কৰি পকছো আইন, ২০১২-ৰ ধাৰা ১০-ৰ অধীনত দোষী সাব্যস্ত কৰি ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে। 


আদালতে নিৰ্দেশ দিছে যে জৰিমনা হিচাপে সংগ্ৰহ কৰা এই ধনখিনি ভুক্তভোগী ছাত্ৰীগৰাকীক আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰা হ'ব।


শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত থাকি ছাত্ৰীৰ ওপৰত চলোৱা এনে নিৰ্যাতনৰ বিৰুদ্ধে আদালতৰ এই কঠোৰ ৰায়দানে সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু