--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু গ্লেমাৰ বিশ্বৰ তাৰকাসকলৰ অনুৰাগীৰ যে সীমা সংখ্যা নাই সেই কথা সকলোৰে অৱগত।  অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় তাৰকাৰ বিষয়ে যিদৰে জানে, তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও আগ্ৰহেৰে ৰৈ থাকে। 'ধক ধক গাৰ্ল' মাধুৰী দীক্ষিতৰ জনপ্ৰিয়তাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। লক্ষ লক্ষ মানুহ এই অভিনেত্ৰীগৰাকীৰ অনুৰাগী। কেইবাখনো  হিন্দী চলচ্চিত্ৰত  হিট প্ৰদৰ্শনেৰে অনুৰাগীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল মাধুৰী দীক্ষিতে।

কেৰিয়াৰৰ বিভিন্ন সময়ত অগণিত অভিনেতাৰ সৈতে স্ক্ৰীণ ভাগ কৰি লৈছিল মাধুৰীয়ে। অভিনয় দক্ষতাৰ বাবে মাধুৰীক প্ৰশংসা কৰিছিল শ্ৰোতা দৰ্শকে। কিন্তু শেহতীয়াকৈ, মাধুৰী দীক্ষিতৰ ব্যক্তিগত জীৱনৰ বিষয়ে এনে এক তথ্য পোহৰলৈ আহিছে যাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। খবৰ অনুসৰি, মাধুৰী দীক্ষিতে বলীউডৰ বিখ্যাত অভিনেতা বিনোদ খান্নাৰ পৰা হেনো ১ কোটি টকা লৈছিল। কিন্তু কিয়? ছ’চিয়েল মিডিয়াত তাকে লৈ এতিয়া তুমুল চৰ্চা। 

মাধুৰী দীক্ষিতে বিনোদ খান্নাৰ সৈতে ৰোমান্টিক দৃশ্যত প’জ দিয়াৰ বাবে হেনো ১ কোটি টকা লৈছিল। অভিনেত্ৰীগৰাকীয়ে বিনোদ খান্নাৰ সন্মুখত নিজকে আত্মসমৰ্পণ কৰিবলৈ ১ কোটি টকা লোৱা বুলিহে কথাটো এতিয়া চৰ্চিত হৈছে। কিন্তু ছ’চিয়েল মিজিয়াত ওলোৱাৰ দৰে নহয় কথাবোৰ। দৰাচলতে মাধুৰী দীক্ষিতে বিনোদ খান্নাৰ সৈতে এখন ৰোমান্টিক চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছিল। চিনেমাখনত একাধিক অন্তৰংগ ৰোমান্টিক দৃশ্য আছিল। সেইকাৰণে, মাধুৰী দীক্ষিতক পাৰিশ্ৰমিক হিচাপে ১ কোটি টকা দিয়া হৈছিল। আনহাতে, মাধুৰী দীক্ষিতে কোনো দ্বিধাবোধ নোহোৱাকৈয়ে এই ছবিখন কৰিবলৈ সন্মত হৈছিল।  কিন্তু পৰৱৰ্তী সময়ত মাধুৰীয়ে প্ৰকাশ কৰিছিল যে , ‘এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত নিজকে হেৰুৱাই বিনোদ খান্নাই মোৰ ওঁঠত কামুৰি দিছিল।’ এই কথাষাৰ কোৱাৰ পাছতে আৱেগিক হৈ পৰিছিল মাধুৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ