--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু গ্লেমাৰ বিশ্বৰ তাৰকাসকলৰ অনুৰাগীৰ যে সীমা সংখ্যা নাই সেই কথা সকলোৰে অৱগত।  অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় তাৰকাৰ বিষয়ে যিদৰে জানে, তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও আগ্ৰহেৰে ৰৈ থাকে। 'ধক ধক গাৰ্ল' মাধুৰী দীক্ষিতৰ জনপ্ৰিয়তাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। লক্ষ লক্ষ মানুহ এই অভিনেত্ৰীগৰাকীৰ অনুৰাগী। কেইবাখনো  হিন্দী চলচ্চিত্ৰত  হিট প্ৰদৰ্শনেৰে অনুৰাগীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল মাধুৰী দীক্ষিতে।

কেৰিয়াৰৰ বিভিন্ন সময়ত অগণিত অভিনেতাৰ সৈতে স্ক্ৰীণ ভাগ কৰি লৈছিল মাধুৰীয়ে। অভিনয় দক্ষতাৰ বাবে মাধুৰীক প্ৰশংসা কৰিছিল শ্ৰোতা দৰ্শকে। কিন্তু শেহতীয়াকৈ, মাধুৰী দীক্ষিতৰ ব্যক্তিগত জীৱনৰ বিষয়ে এনে এক তথ্য পোহৰলৈ আহিছে যাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। খবৰ অনুসৰি, মাধুৰী দীক্ষিতে বলীউডৰ বিখ্যাত অভিনেতা বিনোদ খান্নাৰ পৰা হেনো ১ কোটি টকা লৈছিল। কিন্তু কিয়? ছ’চিয়েল মিডিয়াত তাকে লৈ এতিয়া তুমুল চৰ্চা। 

মাধুৰী দীক্ষিতে বিনোদ খান্নাৰ সৈতে ৰোমান্টিক দৃশ্যত প’জ দিয়াৰ বাবে হেনো ১ কোটি টকা লৈছিল। অভিনেত্ৰীগৰাকীয়ে বিনোদ খান্নাৰ সন্মুখত নিজকে আত্মসমৰ্পণ কৰিবলৈ ১ কোটি টকা লোৱা বুলিহে কথাটো এতিয়া চৰ্চিত হৈছে। কিন্তু ছ’চিয়েল মিজিয়াত ওলোৱাৰ দৰে নহয় কথাবোৰ। দৰাচলতে মাধুৰী দীক্ষিতে বিনোদ খান্নাৰ সৈতে এখন ৰোমান্টিক চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছিল। চিনেমাখনত একাধিক অন্তৰংগ ৰোমান্টিক দৃশ্য আছিল। সেইকাৰণে, মাধুৰী দীক্ষিতক পাৰিশ্ৰমিক হিচাপে ১ কোটি টকা দিয়া হৈছিল। আনহাতে, মাধুৰী দীক্ষিতে কোনো দ্বিধাবোধ নোহোৱাকৈয়ে এই ছবিখন কৰিবলৈ সন্মত হৈছিল।  কিন্তু পৰৱৰ্তী সময়ত মাধুৰীয়ে প্ৰকাশ কৰিছিল যে , ‘এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত নিজকে হেৰুৱাই বিনোদ খান্নাই মোৰ ওঁঠত কামুৰি দিছিল।’ এই কথাষাৰ কোৱাৰ পাছতে আৱেগিক হৈ পৰিছিল মাধুৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ