--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি বলিউডৰ এটা খবৰক লৈ ছ’চিয়েল মিডিয়াত তোলপাৰ লাগিছে। বলীউডৰ ভাইজান খ্যাত ছলমানে মিজৰ এটা শ্বৰ বাবে নিৰ্বাচন কৰিছে প্ৰয়াত সুশান্ত সিং ৰাজপুটৰ প্ৰাক্তন প্ৰেমিকাক। ভাইজানে অভিনেত্ৰীগৰাকীক এদিনৰ বাবে ৫কোটি টকা পাৰিশ্ৰমিক দিব বুলিও খবৰ ওলাইছে। এই খবৰ পোহৰলৈ অহাৰ পাছতে সকলোৰে মাজত হৈ চৈ লাগিছে। ছলমানক লৈ প্ৰশ্নও উঠা দেখা গৈছে।

দৰাচলতে, ছলমান খানৰ 'বিগ বছ -১৫' অতি সোনকালেই আৰম্ভ হোৱাৰ কথা। এই অনুষ্ঠানটোৰ প্ৰতিযোগী হিচাপে ৰিয়া চক্ৰৱৰ্তীক বিচাৰিছে ভাইজানে। আৰু অভিনেত্ৰীগৰাকীক  বিগ বছৰ প্ৰতিটো খণ্ডৰ বাবে ৫ কোটি টকা পৰিশোধ কৰা হ'ব। অন্তত দুসপ্তাহৰ বাবে বিগ বছৰ ছেটলৈ অনা হ'ব ৰিয়াক। 

খবৰ পোহৰলৈ অহাৰ পাছৰে পৰা, সুশান্ত সিং ৰাজপুটৰ অনুৰাগীসকলৰ মাজত যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে এই বিষয়ে এতিয়া আলোচনা আৰম্ভ কৰিছে। প্ৰতিটো খণ্ডৰ বাবে বিগ বছে  তেওঁক পৰিশোধ কৰা ধনৰ পৰিমাণৰ বিষয়েও চলিছে চৰ্চা। অৱশ্যে, বিগ বছৰ এই ছিজনত, অভিনেত্ৰীগৰাকীৰ বাহিৰে, আন বহুতো প্ৰতিযোগী থাকিব। তেওঁলোকৰ সকলোৰে দৰে, ৰিয়া চক্ৰৱৰ্তীকো বিভিন্ন ধৰণৰ কাম দিয়া হ'ব। আন প্ৰতিযোগীৰ দৰে ৰিয়াইয়ো কামটো সম্পূৰ্ণ কৰিব লাগিব। লক্ষণীয় যে, চলিত বৰ্ষৰ  ২ অক্টোবৰৰ পৰা বিগ বছৰ পৰৱৰ্তী ছিজন আৰম্ভ হ'বলৈ গৈ আছে। বিগ বছৰ অগণন অনুৰাগীয়ে এতিয়া অধিৰ আগ্ৰহেৰে সেই দিনটোলৈ বাট চাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ